পৃষ্ঠা:হেমহাৰ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দেবৰ্ষি নাৰদে ৰজাৰ পৰা বিদায় লৈ ঘৰলৈ গুচি গল। ৰজায়ো নাৰদৰ কথাতে প্ৰবোধ মানি নিজে সান্তনা দি ৰাজকাৰ্য্য চলাবলৈ ধৰিলে।

 ইপিনে নাৰদৰ কথা মতে ধ্ৰুব মধুবনলৈ গৈ তাত ৫ পাঁচ মাহ কেৱল বায়ু সেৱন কৰি কঠোৰ তপস্যা কৰিবলৈ ধৰিলে। তেওঁৰ তপস্যা দেখি স্বৰ্গৰ দেৱতা সকল অস্থিৰ হ'ল। তেওঁলোক সকলো গৈ অবশেষত বিষ্ণুৰ ওচৰ পালেগৈ। বিষ্ণুক সম্বোধন কৰি দেবতা সকলে কবলৈ ধৰিলে, “প্ৰভু, উত্তানপাদ ৰজাৰ পাঁচ বছৰীয়া ধ্ৰুবে আমি পাঁচ মাহ কঠোৰ তপস্যা কৰিব লাগিছে। পাঁচ মাহৰ ভিতৰতে যেতিয়া তেওঁ উশাহ জয় কৰিলে আৰু কিছু দিন থাকিলে যে তেওঁ কি নকৰিব কব পৰা নাই। ”

 দেৱতা সকলৰ কথা শুনি সৰ্ব্বান্তৰ্য্যামী ভগৱান বিষ্ণুৱে হাঁহি হাঁহি উত্তৰ দিলে, দেৱতা সকল, ধ্ৰুবে মোৰ গোটেই হৃদয় অধিকাৰ কৰিলে। মই আৰু তেওঁক কষ্ট