পৃষ্ঠা:হেমহাৰ.djvu/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পাতনি।

⸺০⸺

 অসমীয়া ভাষাত সৰু লৰাছোৱালীয়ে পঢ়িবৰ উপযোগী কিতাপ নাই বুলিলেও হয়। কিন্তু বঙ্গালি ভাষাত এনে ধৰণৰ অনেক কিতাপ প্ৰকাশ হৈছে, আৰু দিনে দিনে হবই লাগিছে। আন কি আসামৰ প্ৰায় মানুহৰ ঘৰতে বঙ্গালি ভাষাৰ তেনে ধৰণৰ কিতাপ বহুত দেখিবলৈ পোৱা যায়। সেই অভাৱ যৎকিঞ্চিৎ পৰিমাণে দূৰ কৰিবৰ উদ্দেশ্যেৰেই এই পুথিখনি পৌৰাণিক সকলোৱে জনা শুনা গল্প দুটামানেৰে প্ৰকাশ কৰি ৰাইজৰ আগত দাঙ্গি ধৰিলোঁ। পুথিখনিত যে অনেক খুঁত আছে তাক আৰু বিশেষকৈ কোৱাৰ আবশ্যক নকৰে। সদাশয় পাঠক পাঠিকা সকলে যেন সেই ভুল সংশোধন কৰি দিয়ে। পুথিখনি যদিও নিচেই সৰু হল, তথাপি আশা কৰোঁ ই সৰু লৰাছোৱালী বিলাকৰ নিমিত্তে উপযোগী হব, আৰু সেয়ে হলেই আমাৰ চেষ্টা সফল হৈছে বুলি ভাবিব পাৰিম।

 শিৱসাগৰৰ বেজবৰুৱা স্কুলৰ শিক্ষক মাননীয় শ্ৰীযুক্ত অনিৰুদ্ধ দেব শৰ্ম্মা ব্যাকৰনতীৰ্থ মহাশয়ে পুথিখনি হাতে লিখা অৱস্থাতে চাই অনেক ভুল সংশোধন কৰি দিয়াত তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ থাকিলোঁ।

যোৰহাট।
২৪ অক্টোবৰ, ১৯২৫।
শ্ৰীহেমচন্দ্ৰ বৰুৱা।