পৃষ্ঠা:হেমহাৰ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰহ্লাদ।

 সত্য যুগত এদিন ভগৱান বিষ্ণুয়ে বৈকুণ্ঠত লক্ষ্মীৰে সৈতে সুখেৰে বিৰাজ কৰিছে। এনেতে চাৰিজন সিদ্ধ তপস্বী ব্ৰাহ্মণ তেওঁৰ দ্বাৰত উপ- স্থিত হ'লহি। তেওঁৰ জয় আৰু বিজয় নামেৰে দুজন দুৱৰী আছিল। জয় বিজয়ে তেওঁবিলাকৰ কথা নুশুনি বলেৰে যাব খোজাত জয় বিজয়ে তেওঁলোকক গতিয়াই উলিয়াই দিলে। তপস্বী সকলে ক্ৰোধত অধীৰ হৈ তেওঁলোকক পৃথিবীত অসুৰ হৈ জন্ম লবলৈ শাপ দিলে। ব্ৰাহ্মণৰ কথা শুনি তেওঁ বিলাকক ততালিকে বিষ্ণুৰ ওচৰলৈ গৈ কাকুতি মিনতি কৰি কোৱাত বিষ্ণুয়ে উত্তৰ দিলে, ব্ৰাহ্মণৰ বাক্য অলঙ্ঘ্য মই খণ্ডন কৰিব নোৱাৰোঁ। তথাপি মই তোমালোকক সোনকালে উদ্ধাৰ কৰিম। পৃথিৱীত গৈ মোক বৈৰী ভাৱে চিন্তা কৰি- বাহঁক। বিষ্ণুৰ কথা শুনি তেওঁবিলাক পৃথি-