সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
প্ৰহলাদ

সমস্ত ভূতৰে  তুমি সে আতমা
হৃদয় পৰম গুৰু
তথাপি সেৱাৰ  অনুসাৰে কৃপা
কৰা যেন কল্পতৰু॥ ইত্যাদি

কীৰ্ত্তন

  •  * * * *

 স্বৰ্গত দেৱতাসকল ভয়ত অস্থিৰ। প্ৰহলাদৰ স্তুতি গানত সন্তুষ্ট হৈ বিষ্ণুয়ে নিজ মূৰ্ত্তি ধাৰণ কৰিলে। তেওঁ প্ৰহলাদক আশ্বাস দি গাত হাত ফুৰাই কবলৈ ধৰিলে, ধন্য প্ৰহ্লাদ তুমিয়েই মোৰ পৰম ভক্ত, তুমি মোৰ সমস্ত হৃদয় অধিকাৰ কৰিলা। তোমাৰ ভক্তিত মই যৎপৰোনাস্তি তুষ্ট। তুমি আৰু চিন্তা নকৰিবা। প্ৰহলাদে ভয়ত কপি কপি আধা ফুটা মাতেৰে, “প্ৰভু। প্ৰভু! দাসৰ অপৰাধ ক্ষমা কৰক, মই একো নাজানো, অজ্ঞান শিশু” বুলি কৰজোড় কৰি ৰ’ল।

 ভক্তাধীন ভাবাগ্ৰাহী জনাৰ্দ্দনৰ আৰু বুজিবলৈ বাকী নাথাকিল। তেওঁ পুনৰ