পৃষ্ঠা:হেমহাৰ.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২১
জটিল

যেয়ে যি পাৰে সকলো আনি যথা সময়ত উপ- স্থিত কৰিলেহি। কিন্তু খাবৰ সময় হল তথাপি জটিল গাখীৰ লৈ নোলালহি। পণ্ডিত খঙ্গত অগ্নি শৰ্মা হৈ উঠিল। এনে সময়তে জটিলে গাখীৰৰ চৰু এটা মূৰত কৰি পণ্ডিতৰ ওচৰ পালেহি। পণ্ডিতে জটিলক এচৰু মাত্ৰ গাখীৰ অনা দেখি খঙ্গত আৰু জ্বলি পকি উঠিল। তেওঁ জটিলক অনেক গালি শপনি পাৰি মাৰিবলৈ উঠিল। কিন্তু জটিলে কান্দি কান্দি পণ্ডিতক কলে,— মহাশয়, এয়েই আঁতিব। আমাৰ মধুসূদন দাদাই কৈছে বোলে ইয়াৰ হেনো গাখীৰ নুধুকায়। জটিলৰ কোমল কথাত পণ্ডিতে নাই মোমাইতকৈ কণা মোমায়েই ভাল বুলি নিজৰ মনক প্ৰবোধ দি সেই গাখিৰকে ব্ৰাহ্মণ সকলক খাবলৈ দিলে। কিন্তু কি আচ- ৰিত শয়ে শয়ে মানুহক খুৱালতো চৰুৰ গাখীৰ নুধুকুৱা হ’ল। পণ্ডিতে আচৰিত হৈ জটিলক সুধিলে, জটিলে মধুসূদন মামাই দিয়া বুলি কলত পণ্ডিতে ক’লে, জটিল তোমাৰ মধুসূদন