পৃষ্ঠা:হেমহাৰ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কৰিবলৈ ধৰিলে। ধ্ৰুবৰ স্তুতিগানত তুষ্ট হৈ ভগৱন্তই তেওঁক তুলি ধৰি কলে “বাছা, তোমাৰ তপস্যাত মই তুষ্ট হৈছোঁ। তোমাৰ অভিষ্ট সিদ্ধি হওক। তোমাৰ নিমিত্তে মই স্বৰ্গত এখন নতুন স্থান নিৰ্ম্মাণ কৰাইছোঁ। তাৰ নাম দিছোঁ ‘ভবলোক’॥ এতিয়া ঘৰলৈ উলটি যোৱাগৈ আৰু পিতাৰাৰ পাচত কুমাৰ উত্তমক লগত লৈ সুখেৰে ৰাজকাৰ্য্য চলোৱাগৈ। এই বুলি কৈ ভগৱন্তই ধ্ৰুবক আলিঙ্গন দি অন্তৰ্ধ্যান হল। ধ্ৰুবেও নিজৰ অভিষ্ট সিদ্ধি হলত ঘৰৰ ফালে খোজ ললে।

 নাৰদ মুনিয়ে ইপিনে ধ্ৰুবৰ তপস্যা শেষ হোৱা গম পাই ৰজাক জনালেগৈ। ৰজাই ধ্ৰুব তপস্যাৰ বলেৰে ঈশ্বৰ সাক্ষাৎ হোৱা শুনি বৰ আনন্দ পালে আৰু হয় হস্তী আদি চতুৰঙ্গ দলেৰে নিজে গৈ ধ্ৰুবক মাজ্ বাটৰ পৰা আগ বঢ়াই আনি সিংহাসনৰ বহুৱালেহি। ধ্ৰুবেও পিতাকৰ পাচত কুমাৰ উত্তমক লৈ অনেক দিন সুখেৰে ৰাজত্ব কৰি ধ্ৰবলোকলৈ প্ৰয়াণ কৰিলে।