পৃষ্ঠা:হেমহাৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৯
প্ৰহ্লাদ।

প্ৰহ্লাদক দিঙ্গিত শিল বান্ধ সাগৰত পেলাই দিলে। প্ৰহ্লাদৰ কিন্তু একোতে ভয় নাই, তেওঁ মনে মনে হৰিনাম লবলৈ ধৰিলে। ভগৱ- ন্তৰ স্তুতি গান গাই তেওঁ কৰজোৰে কবলৈ ধৰিলে, হে প্ৰভু! দাসক এই বিপদৰ পৰা ৰক্ষা কৰা। এদিন উপজিছোঁ যেতিয়া এদিন মৰিবই লাগিব; কিন্তু তোমাৰ যে অৰুণ চৰণত সেৱা কৰিবলৈ নাপাম এইটোহে দুখৰ কথা। কিন্তু হৰিৰ কি বিচিত্ৰ লীলা। তৎক্ষণাতে কলৈ গ’ল সেই প্ৰকাণ্ড শিল! ক’ত বা সেই ভৰি হাতৰ বান্ধন! প্ৰহ্লাদ সেই নীল সাগৰৰ মাজত এপাহ সোণৰ পদুমত বহি পাৰৰ ফাললৈ হৰিনাম লৈ লৈ আহিব লাগিছে। দৈত্যবিলাকে স্থিৰেৰে থাকিব নোৱাৰিলে। প্ৰহ্লাদ পাৰত নামিল। দৈত্য- বিলাকে তেওঁক বেৰি ধৰিলে আৰু তেওঁৰ লগতে হৰিনাম লৈ লৈ নগৰৰ ফালে খোজ ললে। গোটেই নগৰ হৰিধ্বনিৰে মুখৰিত হল।