সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 তোমালোকে কেতিয়াবা ‘ধ্ৰুবতৰা’ দেখিছানে? যদি দেখা নাই তেন্তে সন্ধ্যা বেলিকা তুমি যি ঠাইত আছা তাৰ উত্তৰ ফালে আকাশত সাতোটা তৰা দেখিবা। এই তৰা কেইটি সদায় একে ঠাইতে থাকে। ইংৰাজীত এনে তৰাক (Fixed Star) বোলে। এই সাতোটা তৰাক সপ্তৰ্ষি মণ্ডল বা গোধিকা মণ্ডল বোলে। গোধিকা মানে গুঁই, অৰ্থাৎ সেই তৰা কেইটি গোট থাই ঠিক গুঁইটোৰ নিচিনা হৈ আছে। সেই সপ্তৰ্ষি মণ্ডলৰ নিচেই শেষৰ তৰাটোৰ ওচৰতে বা গুঁইটোৰ নেজ দালৰ মূৰতে বৰ বেচিকৈ যিটো তৰা জ্বলি থকা দেখি সেইটিকে ধ্ৰুবতৰা বোলে। ইংৰাজীত ইয়াক (Pole Star)পোল ষ্টাৰ বোলে আৰু এন্ধাৰ নিশা সাগৰৰ মাজত নাবিকবিলাকে এই তৰা চাই দিক্ নিৰুপণ কৰে। এওঁৱেই ধ্ৰুব। এওঁ তপস্যা কৰি ভক্তি আৰু একাগ্ৰতাৰ জ্বলন্ত পটন্তৰ দেখুৱাই সকলোৰে ওপৰত আজিলৈকে জিলিকি আছে। তোমালোকেও যদি তেওঁৰ