পৃষ্ঠা:হেমহাৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

(২) জটিল।

 অতীজত এজন ব্ৰাহ্মণ আছিল। তেওঁৰ সন্তান সন্ততি বুলিবলৈ মাত্ৰ এটি লৰা আছিল। লৰাটিৰ পাঁচ বছৰ বয়সতে ব্ৰাহ্মণে বিধবা পত্নী আৰু লৰাটিক এড়ি খৈ ইহ লীলা সম্বৰণ কৰে। বিধবা ব্ৰাহ্মণীয়ে তেওঁৰ লৰাটিক পঢ়িবৰ নিমিত্তে আশ্ৰমৰ পঢ়াশালী এখনত নাম লগাই দিয়ে। লৰাটিৰ নাম আছিল জটিল। ঘৰৰ পৰা পঢ়াশালীলৈ যোৱা বাটতে এখন হাবি আছিল। লগৰীয়া কোনো লৰা নথকাত তেওঁ মাকক সদায় লগ এটা দিবলৈ কুতুৰি থাকে। কিন্তু মাকে কোনো লগ দিব নোৱাৰাত জটিলে নিতৌ পঢ়াশালীলৈ যাবৰ হলেই কান্দিকাতি অস্থিৰ হৈ মাকক বৰ আহুকাল কৰে।

 সেই দিনাও জটিলে মাকক আগৰ দৰে আহুকাল কৰি আছে। ওচৰত লৰা লুৰি এটাও নাই যে জটিলক তাৰ লগতে পঢ়াশালীলৈ