সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

যেনেকৈ সোমাৰ পাৰিছিল, সুনীতিয়ে তেনেকৈ নোৱাৰিছিল।

 এদিন ৰজা উত্তানপাদ আৰু ৰাণী সুৰুচি দুয়ো কুমাৰ উত্তমক লৈ সিংহাসনত বহি আছে। এনেতে সুনীতিৰ পুত্ৰ ধ্ৰুব আহি উত্তমৰ নিচিনাকৈ পিতাকৰ কোলাত বহিবৰ কাৰণে কাষ চাপিলহি। ধ্ৰুবক ওচৰলৈ অহা দেখি ৰজাই ধ্ৰুবক কোলাত তুলি লবলৈ হাত মেলিছে আৰু ধ্ৰুবেও কোলাত উঠিবলৈ ভৰি দাঙ্গিছে, এনেতে তেওঁক ঠেলা মাৰি কোলাত উঠিবলৈ নিদি কলে—ধ্ৰুব তুমি কোন সাহেৰে সিংহা- সনত বহিবলৈ আহিছিলা? নাজানানে এইখন কুমাৰ উত্তমৰ ভবিষ্যত আসন? তুমি ইয়াৰ যোগ্য নোহোৱা। তোমাৰ হৃদয়ত এই আশাই শোভা নাপায়। তপস্যাৰ বলেৰে যদি সুনীতি পুত্ৰ গুচি মোৰ পুত্ৰ হব পাৰা, তেনেহলে এই হীৰা মৰকত খচিত সিংহাসনত বহিব পাৰিবা।

 মাহীমাকৰ এনে কঠুৱা ব্যৱহাৰ দেখি ধ্ৰুবৰ চকু চল্‌চলীয় হ'ল। তেওঁ কান্দিবলৈ ধৰিলে।