পৃষ্ঠা:হেমহাৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩
একলব্য।

কিন্তু অর্জ্জুনে বুকু ফিন্দাই কলে, “মই প্রতিজ্ঞা কৰিছোঁ আপােনাৰ যেনে প্রতিজ্ঞা হক মই পূৰণ কৰিম।” অৰ্জ্জুনৰ কথা শুনি দ্রোণ বৰ সন্তুষ্ট হল। আৰু কোলাত লৈ চুমা খাই কলে “তােমাৰ প্রতিজ্ঞা শুনি মই বৰ সন্তুষ্ট হলোঁ, তুমিয়েই গুৰুৰ মান ৰাখিব পাৰিবা। ময়ো আজি প্রতিজ্ঞা কৰিছোঁ, মােৰ সকলো শিষ্যৰ ভিতৰত তোমাকেই সকলোতকৈ ডাঙ্গৰ শিষ্য কৰিম। তােমাক এনে বিদ্যা শিকাম যে জগতৰ ভিতৰত তুমি অদ্বিতীয় বীৰ আৰু যােদ্ধা হৈ উঠিবা। দ্রোণাচাৰ্য্যই ৰাজকুমাৰ বিলাকক যুদ্ধবিদ্যা শিকাবলৈ ধৰিলে। কিন্তু অৰ্জ্জুন দ্ৰোণাচাৰ্য্যৰ সকলো শিষ্যতকৈ প্ৰিয় হৈ উঠিল। আৰু সকলোতকৈ পৈণত হৈ উঠিল।

 হস্তিনাপুৰ নগৰৰ বাহিৰে হাবিৰ দাঁতিত এখন ব্যাধৰ গাওঁ আছিল৷ তাত হেজাৰ হেজাৰ ব্যাধ বাস কৰিছিল। এইবিলাক