পৃষ্ঠা:হেমহাৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
একলব্য।

 দ্ৰোণৰ সুখ্যাতি গোটেই দেশত জনাজাত হলত প্ৰায় সকলো দেশৰ ৰজা যোদ্ধাবিলাকে তেওঁলোকৰ লৰাবিলাকক আহি দ্ৰোণৰ ওচৰত শিক্ষাৰ নিমিত্তে থবলৈ ধৰিলে। দ্ৰোণেও তেওঁবিলাকক যত্নেৰে অস্ত্ৰ-শিক্ষা দিবলৈ ধৰিলে।

 প্ৰায় দুপৰিয়া হৈছে। দ্ৰোণে শিষ্য বিলাকক লৈ অস্ত্ৰ শিক্ষা কৰাইছে। ৰাতি পুৱাৰে পৰা শিক্ষা কৰাত তেওঁলোকৰ ভোক আৰু ভাগৰ লাগিছে। সকলোৱেই ঘৰলৈ যাবলৈ উৎসুক হৈ দুগুণ উৎসাহেৰে লাগি গৈছে।

 এনে সময়ত ক্ৰীড়াভূমিৰ এদাঁতিত এটা দিব্য নোদোকা লৰা ধেনুকাঁৰ লৈ উপস্থিত হৈ লৰাবিলাকৰ খেল চাবলৈ ধৰিলে।

 সেই দিনা খেলা হৈছিল, এটা খুটিৰ মূৰত এটা মাটিৰ চৰাই থৈ তাৰ দুহাত আঁতৰত এটা খুটিৰ ওপৰত এভাল লোহৰ আজঠি ৰখা হয়। লৰাবিলাকে সেই আজঠিৰ একৈশ হাত আঁতৰৰ পৰা শৰ মাৰি আজঠিৰ