পৃষ্ঠা:হেমহাৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
প্ৰহ্লাদ।

চন্দন-লেপিত সুগন্ধি ফুল, আৰু বিষাক্ত অন্ন একেদ।

 ভক্তৰ কাতৰত কৰুণ মাত শুনি ভগৱান স্থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ লৰা- লৰিকৈ আহি লৰাৰূপ ধৰি বন্দিশালত সোমাই নিজে প্ৰথমে গ্ৰহন কৰি নিজ হাতেৰে প্ৰহলাদক সেই অন্ন খুৱাই দিলে।

 ইপিনে দাসীয়ে ৰজাৰ আগত কোৱাত ৰজা আৰু মন্ত্ৰী দুয়ো প্ৰহ্লাদৰ মৃত দেহ চাবলৈ বন্দীশাললৈ আহিল। কিন্তু দেখি তেওঁ- বিলাক অবাক! প্ৰহলাদ বন্দীশালাৰ ভিত- ৰত আনন্দ মনেৰে বহি বিষাক্ত অন্ন ভোজন কৰিব লাগিছে।

 ৰজা আৰু স্থিৰেৰে থাকি নোৱৰিলে। তৎক্ষণাৎ বন্দীশালৰ দুৱাৰ মেলি প্ৰহ্লাদক আকোৱালি মাৰি ধৰি কৰে, বৎস। 'তুমি কেনেকৈ এই বিষাক্ত অন্ন খাই জী আছা? এতিয়াৰ সেই পাপিষ্ঠ হৰিয়েই তোমাৰ জীৱন ৰক্ষা কৰিলেনে কি?