পৃষ্ঠা:হেমহাৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
প্ৰহ্লাদ।

বীলৈ আহি কাশ্যপ মুনিৰ ঔৰসত দিতিৰ গৰ্ভত জন্ম ললেহি।

 যথা সময়ত দিতিৰ দুটি জঁজা সন্তান ভূমিস্থ হয়। লৰা দুটি দিনক দিনে চন্দ্ৰৰ কলাৰ দৰে বাঢ়িবলৈ ধৰিলে আৰু কালক্ৰমত দৈত্যবিলাকৰ ওপৰত ৰজা হয়। ভায়েকৰ নাম আছিল হিৰণ্যাক্ষ, ককায়েকৰ নাম হিৰণ্য কশিপু। ভায়েক হিৰণ্যাক্ষৰ প্ৰতাপত স্বৰ্গত দেৱতা সকলৰ নিস্তাৰ নোহোৱাত বিষ্ণুৱে বৰাহ ৰূপ ধৰি তেওঁক বধ কৰে। ভায়েকক হৰিয়ে বধ কৰ শুনি হিৰিণ্যকশিপু ভয়ানক হৰিবৈৰী হৈ উঠল।

 ভগৱন্তৰ অপাৰ মহিমা। দৈবক্ৰমে দৈত্য- ৰাজ হিৰণ্যকশিপুৰ এটি পুত্ৰ জন্ম হয়। সন্তানৰ নাম তেওঁ প্ৰহ্লাদ থলে। প্ৰহ্লাদ সৰুৰে পৰা বৰ চিন্তাশীল আছিল। তেওঁৰ হৃদয়ত জন্মৰে পৰা ভগৱানৰ ভক্তিৰ বীজ গজি উঠিছিল। শিশু অৱস্থাতে যেতিয়া তেওঁক আন আন লৰাছোৱালীৰ সৈতে উমলিবলৈ