পৃষ্ঠা:হেমহাৰ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
একলব্য।

নাথাকিল। কিন্তু মনৰ দুঃখ নুগুছিল। গুৰু ভক্তিৰ, গুৰুপদসেৱাৰ মহিমা চকুৰ আগত দেখি মনে মনে অনুতাপ কৰিবলৈ ধৰিলে।

 দ্ৰোণে অৰ্জ্জুনৰ মনৰ ভাব জানিব পাৰিলে। কিন্তু তেও কি কৰিব একো উপায় নেদেখিলে। অৱশেষত তেওঁ মনে মনে এটা বুদ্ধি পাতি একলব্যক কলে। “বাছা! তোমাৰ শিক্ষা সম্পূৰ্ণ হৈছে। সেই নিমিত্তে চাবলৈ আহিলোঁ। এতিয়া গুৰুৰ দক্ষিণা দি বিদায় দিয়া। "

 মহা আনন্দত একলব্যই কলে, “আজ্ঞা কৰক,প্ৰভু” কি লাগে। আপোনাৰ আশীৰ্ব্বাদত, আপোনাৰ দয়াত মই সকলে ধনুৰ্ব্বিদ্যা শিকিছো। জন্ম সাৰ্থক হৈছে। গুৰু দক্ষিণা স্বৰূপে এতিয়া এই জীবন দিবলৈকো কাতৰ নহওঁ।

 একলব্যৰ এনে গুৰুভক্তি দেখি দ্ৰোণৰ মনত বৰ বেজাৰ লাগিল। তেওঁ নো কি উপাই অবলম্বন কৰিব। তেওঁ এতিয়া এনে