পৃষ্ঠা:হেমহাৰ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
জটিল।

মধুসূদনক মাতে আৰু মধুসূদনেও তেওঁক নি পঢ়াশালীত থৈ আহেগৈ।

 এনেকৈয়ে কিছুদিন গৈছে। এদিন সেই পঢ়া শালীৰ পণ্ডিতে তেওঁৰ পিতৃশ্ৰাদ্ধৰ নিমিত্তে সকলো ছাতৰক গোটাই লৈ ক'লে, — “তোমা লোকে বোধ কৰোঁ গম পাইছা পূৰ্ণিমাৰ দিনা মোৰ পিতৃদেৱতাৰ শ্ৰাদ্ধ, তালৈকে তোমালোকে কোনে কি দিব পাৰিবা কোৱা”। প্ৰত্যেক লৰাই একোটা একোটা বস্তু আনি দিবলৈ গাত ললে, কিন্তু যেতিয়া জটিলৰ পাল পৰিলে জটিলে পণ্ডিতক কলে, “মহাশয়, আমি নিচেই দুখীয়া, আয়ে মাগিয়ে খায়, আমাৰনো কি আছে, কি দিম?” জটিলৰ কথা শুনি পণ্ডিতে চকুপকাই কলে— “মই ইবোৰ সিবোৰ কথা নাজানো, তই কি দিব পাৰিবি কাইলৈ মাৰক সুধি আহিবি।

 সেই দিনা গধূলি জটিল আহি পণ্ডিতে কোৱা সকলো কথা মাকৰ আগত কলেহি। মাকে ক’লে, বোপাই, মই নিচেই দুখীয়া।