সৰ্ব্বোদয়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

সৰ্ব্বোদয়

 

মহাত্মা গান্ধী

 

[  ]
 

সৰ্ব্বোদয়

 

(ৰাস্কিনৰ Unto This Last ৰ ৰূপান্তৰ )

অসমীয়া অনুবাদ

 

 লিখক—

মহাত্মা গান্ধী

 

 প্ৰকাশক—

মনোৰঞ্জন দাস, বৰপেটা।

৷৷৹

 
[  ]
 

বিষয়-সূচী

 
বিষয় পৃষ্ঠা
 
প্ৰস্তাৱনা
১৷ সত্যতাৰ মূল ... ...
২৷ ধনৰ নিচা ... ... ২০
৩৷ যথাৰ্থ ন্যায় ... ... ২৫
৪৷ সত্য কি? ... ... ৩৩
৫৷ উপসংহাৰ ... ... ৩৮

[  ]
 

সৰ্ব্বোদয়

প্ৰস্তাবনা।

 পশ্চিমৰ দেশবোৰত সাধাৰণতে এইটো মানি লোৱা হয় যে অধিকাংশ মানুহৰ সুখ— এওঁলোকৰ অভ্যুদয় বঢ়োৱা মানুহৰ কৰ্ত্তব্য। সুখৰ অৰ্থ কেৱল শাৰীৰিক সুখ, টকা পইচাৰ সুখ বুলি ধৰা হয়। এই সুখ লাভৰ কাৰণে নীতিৰ নিয়ম ভঙ্গ হলে তাৰ বাবে এওঁলোকে একো নাভাবে। এই ৰকমে অধিকাংশ মানুহৰ সুখ দিয়াটোই উদ্দেশ্য কৰি লোৱা কাৰণে কম সংখ্যক মানুহক দুখত পেলাই বেচি মানুহক সুখ দিয়াত কোনো দোষ হয় বুলি পশ্চিমৰ মানুহে নামানে।পশ্চিমৰ সকলো দেশবোৰত আমি ইয়াৰ ফল দেখা পাইছো।

 কিন্তু পশ্চিমৰ কিছুমান বিবেচক জ্ঞানীলোক কয় যে কেৱল অধিকাংশ মানুহৰ শাৰীৰিক আৰু আৰ্থিক সুখৰ কাৰণে যত্ন কৰা ঈশ্বৰৰ নিয়ম নহয়, আৰু কেৱল ইয়াৰ বাবেই যত্ন কৰোতে নৈতিক নিয়ম ভঙ্গ কৰা ঈশ্বৰৰ নিয়ম বিৰুদ্ধ। এনেকুৱা মানুহৰ ভিতৰত স্বৰ্গীয় জন ৰাস্কিন মুখ্য আছিল। এওঁ ইংৰাজ আছিল আৰু বৰ বিদ্বান আছিল। এওঁ কলা, চিত্ৰকলা আদি বিষয়ে অনেক উত্তম কিতাপ লিখে। নীতিৰ বিষয়েও এওঁ বহুত লিখিছিল। তাৰেই ভিতৰত সৰু কিতাপ এখন হৈছে “আন্টু দিচ্ লাষ্ট”। তেওঁ এইখনেই নিজৰ লিখাৰ ভিতৰত শ্ৰেষ্ঠ কিতাপ বুলি মানিছিল। যি যি ঠাইত ইংৰাজী ভাষা চলে সেইবোৰ ঠাইত এই কিতাপৰ বহুল প্ৰচাৰ হয়। এই কিতাপ [  ] খনত ওপৰত কোৱা মতবাদ জোৰেৰে খণ্ডন কৰা হৈছে আৰু দেখুওৱা হৈছে যে নৈতিক নিয়ম পালন কৰাতেই মানুহ জাতিৰ কল্যাণ।

 আজি কালি ভাৰতবৰ্ষত আমি পশ্চিমৰ বহু নকল কৰি থাকো। কিছুমান বিষয়ত ইয়াৰ আৱশ্যকতা বুজি পাওঁ। কিন্তু এইটো নিঃসন্দেহ যে পশ্চিমৰ বহুত ৰীতি বেয়া। আৰু এইটো সকলোৱে স্বীকাৰ কৰিব যে যি বেয়া তাৰ পৰা দূৰত থকা উচিত

 দক্ষিণ আফ্রিকাত ভাৰতীয় সকলৰ অৱস্থা বৰ কৰুণাজনক। আমি ধনৰ কাৰণে বিদেশলৈ যাওঁ। সেই ভাবত থাকি নীতি আৰু ঈশ্বৰক ভুলি যাও। ইয়াৰ পৰিণাম এই হয় যে বিদেশত থাকি আমাৰ লাভৰ পৰিৱৰ্ত্তে বহু হানি হয়, বা বিদেশ যাত্ৰাৰ সম্পূর্ণ লাভ নিমিলে। সকলাে ধৰ্ম্মতেই নীতিৰ অংশ তো আছেই, কিন্তু সাধাৰণ বুদ্ধিৰে দেখিলেও নীতি-পালন আৱশ্যক। জন ৰাস্কিনে এইটো সিদ্ধান্ত কৰি গৈছে যে নীতি পালন কৰাতেই সুখ আছে। এওঁ পশ্চিমৰ মানুহৰ চকু খুলি দিছে। আৰু আজি ইউৰােপ আমেৰিকাৰ কত লােকে এওঁৰ শিক্ষা অনুসৰি চলিব ধৰিছে। ভাৰতৰ ৰাইজে এওঁৰ কথাৰ পৰা লাভবান হওক, এই উদ্দেশ্যে মই উক্ত কিতাপৰ ভাৱ ধাৰাৰ এই সাৰাংশ লিখি দিয়াৰ সিদ্ধান্ত কৰো যাতে ইংৰাজী নজনা সকলেও বুজি পাব পাৰে।

 মানুহে কি কৰা উচিত এইটো চক্রেটিছে সংক্ষেপে কৈ গৈছে। এইটো কব পাৰি যে তেওঁ যি কৈছিল ৰাস্কিনে তাকেই বিস্তাৰ কৰি দিছে—ৰাস্কিনৰ বিচাৰ চক্রেটীছৰ বিচাৰৰ বিস্তৃত ৰূপ। চক্রেটিছৰ বিচাৰ অনুযায়ী চলিব খুজোতাই ভিন ভিন ব্যৱসায়ত কেনেকৈ চলা উচিত সেইটো ৰাস্কিনে বৰ ভাল ৰকমে কৈ দিছে। মই তেওঁৰ কিতাপৰ সাৰ লিখি দিলাে মাত্র, [  ] অনুবাদ কৰা নাই। সম্ভৱতঃ অনুবাদ কৰিলে বাইবেল আদি গ্ৰন্থৰ বহু দৃস্তান্ত পাঠকে নুবুজিব পাৰে। এই কাৰণে মই ৰাস্কিনৰ ৰচনাৰ সাৰ খিনি মাত্ৰ দিলো। মই কিতাপৰ নামো অনুবাদ কৰা নাই, কাৰণ সেই নামৰ অৰ্থ ইংৰাজী বাইবেল পঢ়োতাইহে বুজিব পাৰে। কিন্তু এইখন লিখাৰ উদ্দেশ্য সকলোৰে কল্যাণ, সকলোৰে (কেৱল অধিকাংশৰ নহয়) উদয়, উৎকৰ্ষ হোৱাৰ কাৰণে মই ইয়াৰ নাম “সৰ্ব্বোদয়” ৰাখিলো।

[  ]
 

সত্যতাৰ মূল।

 মানুহে বহুতো ভুল কৰে, কিন্তু মানুহৰ পাৰস্পৰিক স্নেহ সহানুভূতিৰ বিচাৰ নকৰাকৈ মনুহক এক প্ৰকাৰ যন্ত্ৰ বুলি ধৰি লৈ মানুহৰ ব্যৱহাৰিক নিয়ম গঢ়াতকৈ ডাঙৰ আন কোনো ভুল দেখা নাযায়। এনে ৰকমৰ ভুল আমালোকৰ লজ্জাজনক বুলি কব পাৰি। যেনেকৈ ওপৰে ওপৰে চালে অন্যান্য ভুলৰ মাজত কিছু সত্যতাৰ আভাষ দেখা যায় তেনেকৈ লৌকিক নিয়মৰ বিষয়তো দেখা যায়। লৌকিক নিয়ম সৃজন কৰোতাই কয় যে পাৰস্পৰিক স্নেহ সহানুভূতিতো এক আকস্মিক বস্তু, আৰু এই সহানুভূতিয়ে মানুহৰ সাধাৰণ প্ৰাকৃতিক গতিত বাধা দান কৰে বুলি মানিব লাগে। কিন্তু লোভ আৰু আগ বাঢ়ি যোৱাৰ ইচ্ছা সদায় লগত থকা বৃত্তি। এই কাৰণে আকস্মিক বস্তুৰ পৰা দূৰত থাকি আৰু মানুহক পইচা একত্ৰিত কৰা যন্ত্ৰ মানি লৈ কেৱল এইটোকে বিচাৰ কৰিব লাগে যে কি প্ৰকাৰ শ্ৰম আৰু কি ৰকমৰ লেন-দেন, ৰোজগাৰৰ পৰা মানুহে যিমান পাৰে বেচি ধন একত্ৰ কৰিব পাৰে। এনেকুৱা বিচাৰৰ ওপৰত ব্যৱহাৰিক নীতি নিশ্চিত কৰি লৈ পিচত যিমান সম্ভৱপৰ সিমান পাৰস্পৰিক স্নেহ সহানুভূতি বজায় ৰাখি লৌকিক ব্যাপাৰ চলাব লাগে।

 যদি পাৰস্পৰিক স্নেহ প্ৰীতিৰ বল লেন-দেনৰ নিয়ম যেনে তেনে হল হয় তেন্তে ওপৰৰ কথা ঠিক বুলি কব পৰা গ’ল হয়। মানুহৰ স্নেহ প্ৰীতি তাৰ অন্তৰৰ বল। লেন-দেনৰ কায়দা এক সাংসাৰিক নিয়ম, অৰ্থাৎ দুয়ো এক [  ] প্ৰকাৰৰ, এক বৰ্গৰ নহয়। যদি এটা বস্তু কোনো পিনে গতি কৰে আৰু ইয়াৰ ওপৰত আন এক স্থায়ী শক্তি সদায় কাজ কৰে আৰু দ্বিতীয় এক শক্তিয়ে আকস্মিক ভাৱে কাজ কৰে তেন্তে আমি প্ৰথমে স্থায়ী শক্তিৰ জোখ ঠিক কৰিব লাগিব, পিচতহে আকস্মিক শক্তিৰ। দুয়োৰো জোখ পোৱাৰ পিচত আমি বস্তুটোৰ গতি নিশ্চিত কৰিব পাৰিম। আমি এনেকুৱা কৰিব পাৰো কাৰণ আকস্মিক আৰু স্থায়ী দুয়ো শক্তি এক প্ৰকাৰৰ। কিন্তু মানুহৰ ব্যৱহাৰত লেন-দেন স্থায়ী নিয়মৰ শক্তি আৰু পাৰস্পৰিক-প্ৰীতি ৰূপী আত্মিক শক্তি দুয়ো ভিন্ন ভিন্ন প্ৰকাৰৰ। স্নেহ প্ৰীতিৰ কাজ ভিন্ন ৰকমৰ আৰু ই ভিন্ন ৰকমে কাজ কৰে। ই মানুহৰ স্বৰূপ বদলাই দিয়ে। এই কাৰণে বস্তু বিশেষৰ গতিত কাজ কৰা ভিন ভিন শক্তিৰ কাজৰ হিচাব যেনেকৈ আমি সাধাৰণ যোগ বিয়োগৰ দ্বাৰাই বাহিৰ কৰিব পাৰো তেনেকৈ স্নেহ প্ৰীতিৰ কাজৰ হিচাব কৰা নাযায়। মানুহৰ স্নেহ প্ৰীতিৰ প্ৰভাৱ বিচাৰ কৰোতে লেন-দেন, কিনা বেচাৰ ব্যৱহাৰিক নিয়মৰ জ্ঞান কোনো কাজত নাহে।

 লৌকিক শাস্ত্ৰৰ নিয়ম ভুল এইটো কোৱাৰ কোনো কাৰণ নাই। যদি ব্যায়াম শিক্ষকে এইটো মানি লয় যে মানুহৰ শৰীৰত কেৱল মাংসহে আছে হাড় পাঁজৰ নাই, আৰু সেই মতে নিয়ম তৈয়াৰ কৰে তেন্তে সেই নিয়ম ভাল হলেও হাড় পাঁজৰ থকা মানুহৰ তাত সেইটো নাখাটে। এই ৰকমে লৌকিক শাস্ত্ৰৰ নিয়ম ঠিক হলেও পাৰস্পৰিক স্নেহ-প্ৰীতিত আবদ্ধ মানুহৰ তাত সি নাখাটিব। যদি কোনো ব্যায়াম বিশাৰদে কয় যে মানুহৰ মাংস বেলেগ কৰি ইয়াক একত্ৰতি [  ] কৰিব পৰা যায়, আৰু ইয়াক পকাই জৰীৰ নিচিনা কৰিব পৰা যায় আৰু এইটোও কয় যে এই মাংসত পুনঃ হাড় লগাই দিয়া একো টান নহয়, তেন্তে নিঃসন্দেহে আমি তেওঁক পাগল বুলিম, কাৰণ হাড় পাঁজৰৰ পৰা মাংস বেলেগ কৰি ব্যায়াম কৰাৰ নিয়ম তৈয়াৰ কৰা নাযায়। এনেদৰে যদি মানুহৰ স্নেহ প্ৰীতিৰ ভাৱ উপেক্ষা কৰি লৌকিক শাস্ত্ৰৰ নিয়ম কৰা যায় তেন্তে এইটো মানুহৰ কাৰণে বেকাৰ হয়। তথাপি বৰ্ত্তমান লৌকিক ব্যৱহাৰৰ নিয়ম ৰচয়িতা সকলে উক্ত ব্যায়াম শিক্ষকৰ দৰেই কাম কৰিছে। এওঁলোকৰ হিচাব মতে মানুহ, তাৰ শৰীৰ, যন্ত্ৰ মাত্ৰ আৰু এই ধাৰণা অনুসৰি এওঁলোকে নিয়ম তৈয়াৰ কৰে। এওঁলোকে জানে যে ইয়াৰ ভিতৰত জীৱ আছে, কিন্তু তাৰ বিচাৰ নকৰে। এই ৰকমৰ নিয়ম জীৱ থকা মানুহৰ তাত—য’ত জীৱ বা আত্মাৰ প্ৰাধান্য আছে—তাত কেনেকৈ খাটিব?

 অৰ্থশাস্ত্ৰ কোনো শাস্ত্ৰ নহয়। যেতিয়াই হৰতাল হয় তেতিয়াই এইটো প্ৰত্যক্ষ দেখা যায় যে ই বেকাৰ। তেতিয়া মালিকে এক প্ৰকাৰৰ যুক্তি কৰে আৰু মজুৰে বেলেগ প্ৰকাৰৰ যুক্তি কৰে। এই সময়ত আমি লেন-দেনৰ কোনো নিয়মকে খটাব নোৱাৰো। মানুহে এইটো দেখুৱাবলৈ মূৰ ঘমাই চেষ্টা কৰে যে মজুৰ আৰু মালিক দুয়োৰো স্বাৰ্থ একেই, কিন্তু এই বিষয় কোনেও এইটো নুবুজে। সত্য তো এয়েই যে এজনৰ সাংসাৰিক স্বাৰ্থ আন জনৰ লগত একে নহলেও এজনে আনজনৰ বিৰোধী হোৱা বা বিৰোধী হৈ থকাৰ আৱশ্যক নাই। ধৰক এক ঘৰত ৰুটিৰ অভাৱ হৈছে। ঘৰত মাক আৰু তেওঁৰ সন্তান আছে। দুয়োৰো ভোক [ ১০ ] লাগিছে। এতিয়া খোৱাটো দুয়ো জনৰে—মাক আৰু সন্তানৰ—পৰম্পৰ স্বাৰ্থৰ বিৰোধী। মাকে খালে সন্তান ভোকত মৰে আৰু সন্তানে খায় যদি মাকে ক্ষুধাৰ্ত্ত থাকে। তথাপি মাক আৰু সন্তানৰ কোনো বিৰোধ নাই। মাক বেচি বলবতী হোৱাৰ কাৰণে নিজে আটাই খিনি ৰুটি খাই নেপেলায়। মানুহৰ মাজতো ঠিক এই প্ৰকাৰৰ পৰস্পৰ সম্বন্ধই বুজিব লাগে।

 কিছু সময়লৈ ধৰি লোৱা যাওক যে মানুহ আৰু পশুৰ মাজত কোনো ভেদ নাই। পশুৰ নিচিনাকৈ আমিও আপোন স্বাৰ্থৰ বাবে পৰস্পৰে যুঁজিব লাগিব। তেনে হলেও মালিক আৰু মজুৰৰ মাজত সদায় মতভেদ থাকিব, কি নাই এইটো নিয়ম বান্ধি কব নোৱাৰি। অৱস্থানুসাৰে এই ভাৱৰ পৰিৱৰ্ত্তন কৰিব লগা হয়। যেনে ভাল কাম হলে ঠিক দাম পোৱা যায় আৰু তাত দুয়োৰো স্বাৰ্থ আছে। কিন্তু যেতিয়া লাভ ভগোৱাৰ সময় হয় তেতিয়া এজনৰ লাভত আন জনৰ লোকচান হব পাৰে। মজুৰ ৰুগ্ন অকৰ্ম্মা আৰু নিৰুৎসাহী হৈ পৰে এনে কম দৰ্ম্মহা দিয়াত মালিকৰ স্বাৰ্থ নাই। এনেকৈ কাৰখানা ভাল ৰকমে নচলিলে বেচি দৰ্ম্মহা খুজা মজুৰৰ স্বাৰ্থৰও অনুকুল নহয়। যেতিয়া মালিকৰ হাতত নিজৰ মেচিন মেৰামত কৰিবলৈও পইচা নাথাকে তেতিয়া মজুৰে উচ্চ দৰ্ম্মহা খুজা স্পষ্টতঃ অনুচিত হব।

 এই ৰকমে আমি দেখো যে লেন-দেনৰ নীতিৰ ওপৰত ভেটি কৰি কোনো শাস্ত্ৰ ৰচনা কৰা নাযায়। এইটো ঈশ্বৰৰ নিয়ম যে টকা পইচাৰ কম বেচিৰ হিচাবৰ ওপৰত মানুহৰ ব্যৱহাৰ স্থাপিত কৰিব নাপায়। ব্যৱহাৰৰ [ ১১ ] ভিত্তি ন্যায়ৰ ওপৰত, সেই বাবেই মানুহে সময় বুজি নীতি বা অনীতিত থাকি যেনেকৈয়ে নিজৰ কাম চলাব পৰা যায় তেনেকৈয়ে কাজ কৰাৰ ইচ্ছা বা যুক্তি একেবাৰে ত্যাগ কৰিব লাগে। কোন ৰীতিত কাজ কৰিলে ভবিষ্যতে কি ফল হব এইটো সকলো সময়তে কব নোৱাৰি, কিন্তু অমুক কাম ন্যায় সঙ্গত কি ন্যায়বিৰুদ্ধ এইটো আমি প্ৰায় সৰ্ব্বদায় জানিব পাৰো। আমি এইটোও কব পাৰো যে নীতি-পথত চলাৰ ফল ভালেই হব। অৱশ্যে এই ফল কি হব, কেনেকৈ ফলিব এইটো আমি কব নোৱাৰো।

 নীতি-ন্যায়ৰ নিয়মৰ ভিতৰত পৰস্পৰ স্নেহ সহানুভূতিৰ সমাবেশ হয় আৰু এই স্নেহই মালিক আৰু মজুৰৰ সম্বন্ধৰ ভিত্তি। ধৰি লওক মালিকে চাকৰৰ পৰা যিমান পাৰে বেচি কাজ আদায় কৰিব ইচ্ছা কৰে। তেওঁ চাকৰক অলপো কাজৰ ফাঁক নিদিয়ে, কম দৰ্ম্মহা দিয়ে, ঘৰত ভাণ্ডাৰীৰ নিচিনাকৈ ৰাখে। মুঠতে দেহত কোনো ৰকমে প্ৰাণ ৰাখিবলৈ আৱশ্যকীয় খিনিহে প্ৰভুই ভৃত্যক দিয়ে। কোনো মানুহে কব পাৰে যে এনে কৰাত কোনো অন্যায় নাই। নিৰ্দিষ্ট দৰ্ম্মহা লৈ ভৃত্যই তাৰ সমস্ত সময় মালিকক দিয়ে আৰু মালিকে সেইটো কাজত লগায়। কিমান কাজ আদায় কৰিব লাগিব সেইটো মালিকে আনক দেখি স্থিৰ কৰে। কোনো ঠাইত বেচি দৰ্ম্মহা পালে আগৰ চাকৰি এৰি সেই চাকৰি লবৰ নিমিত্তে চাকৰৰ স্বাধীনতা আছে। আৰু লেন-দেন অৰ্থশাস্ত্ৰই তাকেই কৰিব কয়। সেই শাস্ত্ৰই ইয়াকো কৰিব কয় যে এনেকৈ অতি, কম পইচা দি যিমান বেচি কাজ পোৱা যায় তাতেই মালিকৰ লাভ আৰু শেষত মজুৰৰো লাভ আছে। [ ১২ ]  বিচাৰ কৰি চালে দেখা যায় যে কথাটো ঠিক নহয়। মজুৰ যদি এটা যন্ত্ৰ মাত্ৰ হল হয় আৰু তাক চলাবৰ নিমিত্তে কোনে বিশেষ প্ৰকাৰৰ শক্তিৰ আৱশ্যক হল হয় তেন্তে এই হিচাব ঠিক খাটিল হয়। কিন্তু ইয়াত মজুৰক যিহে চলায় সেই শক্তি হৈছে আত্মা। আৰু আত্মাৰ বলে অৰ্থশাস্ত্ৰৰ সকলো নিয়মকে অগ্ৰাহ্য কৰে আৰু সেইবোৰ ভুল প্ৰতিপন্ন কৰে। মানুহ-ৰূপী যন্ত্ৰত ধন-ৰূপী কয়লা দিলেই বেচি কাজ আদায় কৰিব নোৱাৰি। য’ত সহানুভূতি থাকে তাতহে মজুৰে ভাল কাম দিব পাৰে। মালিক আৰু মজুৰৰ মাজত পইচাৰ সম্বন্ধ নহৈ প্ৰীতিৰ বন্ধন হোৱাহে উচিত।

 প্ৰায়ই দেখা যায় যে য’ত মালিক বুদ্ধিমান আৰু উৎসাহী তাত কামৰ চাপ পৰিলেই মজুৰে নিজৰ কাজ কৰি যায়। আকৌ এইটোও হয় যে যত মালিক অলস আৰু দুৰ্ব্বল তাত মজুৰে যিমান উচিত সিমান কাজ নকৰে। কিন্তু প্ৰকৃত নিয়ম এইয়েই যে যদি দুজন মালিকৰ বুদ্ধি সমান থাকে আৰু দুইজনৰ মজুৰো একেই ৰকমৰ হয় তেন্তে সহানুভূতিশীল মালিকৰ মজুৰে সহানুভূতিহীন মালিকৰ মজুৰতকৈ বেচি আৰু ভাল কাজ কৰে।

 কোনোৱে কব পাৰে যে এই নিয়ম ঠিক নহয়, কিয়নো স্নেহ আৰু কৃপাৰ পৰিবৰ্ত্তে বহু সময়ত বিপৰীত ব্যৱহাৰ পোৱা যায় আৰু মজুৰে মূৰত উঠে। কিন্তু এই কথা ঠিক নহয়। যি মজুৰে স্নেহৰ পৰিবৰ্ত্তে দায়ীত্বহীন ব্যৱহাৰ দেখুৱায়, তাৰ ওপৰত জোৰ খটালে সি মালিকক দ্বেষ কৰাত লাগিব। উদাৰ-হৃদয় মালিকৰ লগত যি মজুৰে অসাধু ব্যৱহাৰ কৰে সেই মজুৰে অন্যায়কাৰী মালিকৰ [ ১৩ ] লোকচান হে কৰি পেলাব।

 সাৰ কথা এয়ে যে সকলো সময়তে সকলো মানুহৰ প্ৰতি পৰোপকাৰৰ দৃষ্টিত ব্যৱহাৰ কৰিলে পৰিণাম ভালেই হব। ইয়াত আমি সহানুভূতিক এক প্ৰকাৰৰ শক্তি বুলি স্বীকাৰ কৰি লৈয়ে বিচাৰ কৰিছো। স্নেহ উত্তম বস্তু এই বাবে সদায় ইয়াৰ আশ্ৰয় লোয়া উচিত যে এইটো বেলেগ কথা কিন্তু ইয়াতে আমি সেই আলোচনা নকৰো। ইয়াত আমি কেৱল ইয়াকেই দেখুৱাইছো যে অৰ্থশাস্ত্ৰৰ যি সাধাৰণ নিয়মৰ উল্লেখ কৰিছো তাক ইয়াত স্নেহ সহানুভূতিৰূপী শক্তিয়ে একে বাৰে অগ্ৰাহ্য কৰি দিয়ে। অনুভূতি এবিধ ভিন্ন প্ৰকাৰৰ শক্তি হোৱা কাৰণে অৰ্থশাস্ত্ৰৰ অন্যান্য নিয়মৰ লগত নিমিলে। ই অৰ্থ-শাস্ত্ৰৰ নিয়ম এক কোণত পেলাই ৰাখি থব পাৰে। মালিকে যদি হিচাব ৰাখি প্ৰতিদান পোৱাৰ আশাতেই স্নেহ দেখুৱায় তেনেহলে তেওঁ নিৰাশ হোৱাৰ সম্ভৱনা আছে। স্নেহৰ বাবেই স্নেহ দেখুওৱা উচিত। ইয়াৰ প্ৰতিদান নিবিচৰাকৈ আপোনা আপুনি আহে। এটা কথা আছে যে নিজক পাব লাগিলে নিজে মৰিব লাগে আৰু নিজক ৰক্ষা কৰাৰ চেষ্টাতেই নিজক নষ্ট কৰা হয়।

 সেনা আৰু সেনাপতিৰ উদাহৰণ চাওক। যি সেনাপতিয়ে অৰ্থশাস্ত্ৰৰ নিয়ম মতে নিজ সেনাৰ পৰা কাম আদায় কৰিব খোজে তেওঁ নিৰ্দিষ্ট কাম আদায় কৰি লব নোৱাৰে। এনে দৃষ্টান্ত পোৱা যায় যে যি সেনাৰ চৰ্দ্দাৰে নিজৰ সেনাৰ লগত ঘনিষ্ঠতা ৰাখে, সিহঁতৰ প্ৰতি সস্নেহে ব্যৱহাৰ কৰে, সিহঁতৰ ভাল হলে সুখ পায় সিহতৰ সুখ দুখৰ অংশ গ্ৰহণ কৰে, সিহঁতক ৰক্ষা কৰে, মুঠতে সিহঁতৰ প্ৰতি সহানুভূতিপৰায়ণ হয় তেওঁ যি [ ১৪ ] কোনো টান কামেই সেনাসকলৰ পৰা আদায় কৰি লব পাৰে। ঐতিহাসিক উদাহৰণৰ পৰাও আমি দেখো যে য’ত সেনানায়কে নিজ সেনাৰ প্ৰীতিভাজন নহয় তাত কশ্চিৎ হে যুদ্ধ জয় ঘটে। এই ৰূপ সেনাপতি আৰু সেনাৰ মাজত থকা স্নেহ সহানুভূতিৰ শক্তিয়ে বাস্তবিক শক্তি। লুটাৰুৰ দলৰ ভিতৰতো এই কথা পোৱা যায়। ডকাইতৰ দলেও চৰ্দ্দাৰৰ প্ৰতি পূৰ্ণ স্নেহ ৰাখে। কিন্তু তথাপি আমি মিল আদি কাৰখানাৰ মালিক আৰু মজুৰৰ মাজত এনে ধৰণৰ ঘনিষ্ঠতা দেখা নাপাওঁ। ইয়াৰ এক কাৰণ এয়ে যে এই ধৰণৰ কাৰখানাৰ মজুৰৰ বেতনৰ আধাৰ লেন-দেনৰ ওপৰত, ভিক্ষা আৰু প্ৰাপ্তিৰ ওপৰত থাকে। এই কাৰণে মালিক আৰু মজুৰৰ মাজত প্ৰীতিৰ পৰিৱৰ্ত্তে অপ্ৰীতি বিদ্যমান থাকে আৰু সহানুভূতিৰ ঠাইত এওঁলোকৰ সম্বন্ধত বিৰোধ আৰু প্ৰতিদ্বন্দিতা দেখা যায়। এনে অৱস্থাত আমি দুটা প্ৰশ্ন বিচাৰ কৰিব লাগে।

 প্ৰথম প্ৰশ্ন হৈছে এয়ে লেন-দেনৰ হিচাব নকৰিলে মজুৰ সকলৰ বেতন কি হিচাবে ঠিক কৰা যায়?

 দ্বিতীয় প্ৰশ্ন এয়ে যে যি ৰকমে পুৰণি পৰিবাৰৰ ভিতৰত চাকৰৰ স্থান, তাত যেনেকৈ চাকৰ আৰু মালিকৰ সম্বন্ধ, নাইবা পল্টনৰ লগত যেনেকৈ সেনাপতিৰ সম্বন্ধ কাৰখানাৰ মালিক আৰু মজুৰৰ ভিতৰত তেনে সম্বন্ধ হব পাৰে কি নাই; মজুৰৰ সংখ্যা নিদিষ্ট কৰি যিকোনো ৰকমৰ সময়তে, সংখ্যা কম বেচি নকৰি কিদৰে চলা যায়।

 প্ৰথম প্ৰশ্নৰ বিচাৰ কৰা যাওক। আশ্চৰ্য্যৰ কথা এয়ে যে অৰ্থশাস্ত্ৰী সকলে কাৰখানাৰ মজুৰৰ কাজৰ বাবে দৰ্ম্মহাৰ [ ১৫ ] কোনো এটা নিৰ্দিষ্ট সীমা কৰি দিব নোৱাৰে। তথাপি আমি দেখো যে ইংলণ্ডৰ প্ৰধান মন্ত্ৰী পদ নিলাম কৰি বিক্ৰী কৰা নহয়। যোন মানুহেই নহওক, সকলোকে এই পদত একে দৰমহাকে দিয়া হয়। এই ৰকমে যি মানুহে সকলোতকৈ কম দৰ্ম্মহা লব তাকে আমি পাদৰী (বিশপ্) পদত নবহাওঁ। ডাক্তৰ আৰু উকিলৰ লগতো সাধাৰণতে বেতনৰ কম বেচিৰ সম্বন্ধ ৰখা নহয়। ইয়াতেই দেখা যায় যে ওপৰোক্ত উদাহৰণ বোৰত আমি এক নিৰ্দ্দিষ্ট দৰমহা দিয়ো৷ এই খিনিতে কোনোৱে সুধিব পাৰে ভাল আৰু বেয়া মজুৰৰ কি একে দৰমহা হোৱা উচিত? বাস্তবিকতে এনেকুৱা হোৱাই উচিত। ইয়াৰ ফল এয়ে হব যে যি ৰকমে আমি সকলো চিকিৎসক আৰু উকিলৰ “ফি” একে হোৱাতো ভাল উকিল আৰু ডাক্তৰৰ ওচৰলৈহে যাও সেই ৰকমে সকলো মজুৰৰ মজুৰি একে হলেও আমি ভাল ৰাজমিস্ত্ৰী আৰু বাঢ়ৈৰ পৰা কাম পোৱাতহে আনন্দ বোধ কৰো। ভাল কাৰিকৰৰ পুৰস্কাৰ এয়ে যে এওঁৰ কামৰ বাবে লোকে এওঁক পছন্দ কৰে। এই ৰকমে দৰমহাৰ এটা স্বাভাৱিক আৰু প্ৰকৃত দৰ নিশ্চিত হোৱা উচিত। য’ত আনাড়ী লোকে কম দৰমহা লৈ মালিকক ঠগায় তাত পৰিণাম বেয়াহে হয়।

 এতিয়া দ্বিতীয় প্ৰশ্নৰ বিষয় বিবেচনা কৰা যাওক। এইটো এয়ে যে বেপাৰৰ অৱস্থা যেনেই নহওক, আৰম্ভণিতে কাৰখানাত যিমান মানুহ ৰাখা যায় তেওঁলোকক স্থায়ীভাবে ৰখাই উচিত। য’ত মজুৰৰ কাজৰ স্থায়ীত্ব নাই তাত তেওঁলোকে বেচি দৰমহা খুজিব লগা হয়। কিন্তু যদি কোনো ৰকমে মজুৰৰ বিশ্বাস হয় যে তেওঁৰ কাজ আজীৱন [ ১৬ ] থাকিব তেতিয়া তেওঁ খুব কম দৰমহাতেই কাজ কৰিব। এইটো স্পষ্টকৈ দেখা যায় যে য’ত মালিকে স্থায়ী ৰূপে কৰ্ম্মচাৰী ৰাখে তাত পৰিণামত লাভেই হয়। আৰু যি জনে স্থায়ী চাকৰি কৰে তেওঁৰো লাভেই হয়। এই ৰকম কাৰখানাত বেচি লাভ হব নোৱাৰে আৰু ইয়াত কোনো ডাঙ্গৰ বিপদো হব নোৱাৰে। কোনো ডাঙ্গৰ প্ৰতিস্পৰ্দ্ধাও কৰিব নোৱাৰে। সেনাপতিৰ খাটিৰত চিপাহী মৰিবলৈ তৈয়াৰ সেই বাবে সাধাৰণ মজুৰৰ কামত কৈ সৈনিকৰ কাজ বেচি সম্মানজনক। সত্য দৃষ্টিত সৈনিকৰ কাজ মানুহক হত্যা কৰা নহয়, বৰং আনক ৰক্ষা কৰাৰ বাবে নিজে মৃত্যু বৰণ কৰা। যি চিপাহী হৈছে তেওঁ দেশৰ কাৰণে নিজৰ জীৱন সপি দিছে। উকিল, ডাক্তৰ বা পাদ্ৰী সম্বন্ধেও এই কথা খাটে, এই কাৰণে আমি তেওঁলোকক সাদৰ দৃষ্টিৰে চাওঁ। নিজৰ প্ৰাণ গলেও উকিল ন্যায়-পৰায়ণ হব লাগে। বৈদ্যই অনেক সঙ্কট সহ্য কৰিও ৰোগীৰ চিকিৎসা কৰিব আৰু যি কোনো বিপদ আহিলে পাদ্ৰী বা ধৰ্ম্মোপদেশকে নিজৰ সমুদায় জ্ঞান দিয়াৰ বাবে আৰু সত্য পথ দেখুৱাৰ বাবে কাজ কৰি যাব লাগে।

 যদি ওপৰোক্ত জীৱিকাবাৰত এই কথা খাটে তেন্তে ব্যৱসায় বাণিজ্যত সেইটো নাখাটিব কিয়? ব্যৱসায়ৰ লগত অনীতিৰ নিত্য সম্বন্ধ মানি লোৱাৰ কাৰণ কি? বিচাৰ কৰিলে দেখা যায় যে বেপাৰী সদায় স্বাৰ্থপৰ বুলিয়ে গণ্য কৰা হয়। বেপাৰীৰ কাম জনসাধাৰণৰ কাৰণে আৱশ্যক যদিও নিজৰ ঘৰ ভৰোৱাই ব্যৱসায়ৰ উদ্দেশ্য বুলি ধৰি লোৱা হয়। আইন কানুন এনে দৃষ্টিত তৈয়াৰী যাতে [ ১৭ ] বেপাৰীয়ে সোনকালে ধনী হব পাৰে। বেপাৰত ৰীতিও এনে হৈ পৰিছে যে কিনোতাই যিমান পাৰে কম দাম দি কিনিব আৰু বেপাৰীয়ে যেনেকৈয়ে হওক যিমান পাৰে বেচি দাম আদায় কৰি লব আৰু এই বাবে মানুহে, বেপাৰীৰ বেইমানীৰ কাৰণে এওঁলোকক নীচ ভাৱে দেখে | এই প্ৰথাৰ বদল কৰা আৱশ্যক। এইটো কোনো নীতি নিয়ম নহয় যে বেপাৰীয়ে নিজৰ স্বাৰ্থৰহে সাধনা কৰিব - ধন গোটাবহে লাগে। এই ৰকম বেপাৰক বেপাৰ নুবুলি চুৰি কৰাহে বোলা যায়। চিপাহীয়ে যি ৰকমে দেশৰ কাৰণে জীৱন দিয়ে সেই ৰকমে বেপাৰীয়ে ৰাইজৰ সুখৰ কাৰণে ধন খৰছ কৰা উচিত, প্ৰাণ বলি দিয়াও কৰ্ত্তব্য।

প্ৰত্যেক ৰাজ্যতে—

ৰাইজক ৰক্ষা কৰা কাম চিপাহীৰ।
সিসৱক শিক্ষা দিয়া কৰ্ত্তব্য পাদ্ৰীৰ।
বৈদ্যই কৰিব সদা স্বাস্থ্যৰ বিধান।
উকিলে কৰিব ৰাইজক ন্যায় দান।
বৈশ্যই ধৰিব যত বস্তুৰ যোগান।

 এই সকল লোকৰ কৰ্ত্তব্যৰ সময় আহিলে প্ৰাণো দিয়া উচিত। অৰ্থাৎ —

 খোজ পিছুৱাই নানি চিপাহীয়ে নিজৰ ঠাইত ঠিয় হৈ মৃত্যু বৰণ কৰা উচিত।

 মহামাৰীৰ সময়ত নিজে সেই ৰোগত পৰাৰ ভয় থাকিলেয় চিকিৎসকে নপলাই ৰোগীৰ চিকিৎসা কৰা কৰ্ত্তব্য;

 সত্য শিক্ষা দিব যাওতে লোকে মাৰি পেলালেও অসত্যৰ পৰিৱৰ্ত্তে সত্য শিক্ষা দিয়াই পাদ্ৰীৰ কৰ্ত্তব্য।

 ন্যায়ৰ কাৰণে যদি মৰিবও লাগে তথাপি ন্যায়ৰ ববে চেষ্টা কৰা উকিলৰ কাম।

[ ১৮ ]  এই প্ৰকাৰ ওপৰোক্ত ব্যৱসায়ী সকলে কোন উপযুক্ত সময়ত মৰিব লাগে এই প্রশ্ন বেপাৰী আৰু আন ব্যৱসায়ী সকলৰ বিচাৰণীয় । যি মানুহে সময় আহিলে মৰিবলৈ তৈয়াৰ নহয় তেওঁ জীৱাই থকা কাক বােলে তাক নাজানে। আমি দেখিছো যে বেপাৰীৰ কাম হৈছে জনতাৰ কাৰণে জৰুৰী বস্তু গােটাই দিয়া । যি ৰকমে ধৰ্ম্মোদেশকৰ কাম দৰ্ম্মহা লোৱাটো নহয় কিন্তু লোকক উপদেশ দিয়াটোহে, সেই ৰকমে বেপাৰীৰ কাম মুনাফা কৰা নহয়, কিন্তু মাল জোটোৱাটোহে। ধর্ম্মোপদেশ দাতাৰ খাদ্য আৰু বেপাৰীৰ লাভতাে মিলিবই, কিন্তু এই দুয়ােতে দৰ্ম্মহা বা লাভ পোৱাৰ ফালে নজৰ ৰখা অনুচিত । দৰ্ম্মহা বা লাভ পাওক বা নাপাওক তথাপিও নিজৰ কাম, নিজৰ কৰ্ত্তব্য কৰি থকা উচিত। যদি এই বিচাৰ ঠিক হয় তেন্তে বেপাৰীও উচ্চ সম্মান পোৱাৰ যোগ্য, কাৰণ বঢ়িয়া মাল তৈয়াৰ কৰা আৰু যাৰ পৰা জনতাৰ লাভ হয় তেনে প্ৰকাৰৰ বস্তু জোটোৱা, আনি দিয়াই বেপাৰীৰ কাম। এনে কামত যদি শ বা হাজাৰ মানুহো খাটে তেন্তে এওঁলােকক ৰক্ষা কৰা আৰু বেমাৰ হলে চিকিৎসা কৰা বেপাৰীৰ কৰ্ত্তব্য। ইয়াকে কৰিব লগা হলে বহুত ধৈর্য্য, বহুত স্নেহ সহানুভূতি আৰু বহুত চতুৰতাৰ আৱশ্যক। ভিন্ন ভিন্ন কাম কৰিব গৈ আন আন সকলৰ দৰে প্রাণ দি দিয়াৰ সময় আহিলে বেপাৰীও নিজৰ প্রাণ সমৰ্পণ কৰিব লাগে। এই ৰকম বেপাৰীয়ে লাগে যেনে সঙ্কটতে নপৰক, লাগে এওঁ ভিখাৰীয়ে হৈ যাওক কিন্তু তথাপিও বেপাৰীয়ে খাৰাপ মাল নেবেচিব আৰু লোকক নঠগাব । আৰু তেওঁৰ লগত কাম কৰোতা সকলক অত্যন্ত [ ১৯ ] স্নেহ পূৰ্ণ ভাৱে ব্যৱহাৰ কৰিব। অনেক সময়ত নবযুবক সকলে ডঙ্গৰ কাৰখানা বা কাৰবাৰত চাকৰি কৰে। ইয়াৰ বাবে কত জনে ঘৰবাৰী এৰি দূৰলৈ যাব লাগে। তাত মালিকেই তেওঁলোকৰ মা বাপ যেন। এই বিষয় মালিক যদি বেপেৰৱা হয় তেন্তে বেচেৰা নব যুবক সকল মা বাপ বিনাই থাকিব লগা হয়। এই বাবেই পদে পদে বেপাৰী বা মালিকে নিজক নিজে এই প্ৰশ্ন কৰি চোৱা উচিত যে “মই যি ৰকমে নিজৰ সন্তানক ৰাখো সেই ৰকমে মজুৰ বা চাকৰ সকলৰ লগত ব্যৱহাৰ কৰো নে নাই”?

 জাহাজৰ কাপ্তেনৰ তলত যি খালাচী থাকে, সিহতৰ ভিতৰত তেওঁৰ সন্তানো থাকিব পাৰে। সকলো খালাচীকে সন্তানৰ নিচিনা দেখা কাপ্তেনৰ কৰ্ত্তব্য। এই ৰকমে বেপাৰীৰ তাত থকা অনেক মজুৰৰ ভিতৰত যদি নিজৰ লৰাও থাকে তেনেহলে কাম কাজ সম্বন্ধে তেওঁ নিজৰ লৰাক যেনে, ব্যৱহাৰ কৰে আন মজুৰ সকলৰ লগতো তেনে ব্যৱহাৰ কৰিব লাগে। ইয়াকেই প্ৰকৃত অৰ্থশাস্ত্ৰ বোলা উচিত। আৰু যি ৰকমে জাহাজ বিপদত পৰিলে সকলোৰে পিচত জাহাজৰ পৰা নামা কাপ্তেনৰ কৰ্ত্তব্য, সেই ৰকমে অকাল ইত্যাদি সঙ্কটত বেপাৰীৰ কৰ্ত্তব্য হৈছে, নিজতকৈও আগে নিজৰ মজুৰ সকলক ৰক্ষা কৰা।

 সম্ভবতঃ এই ৰকমৰ বিচাৰ কোনো কোনো মানুহৰ মনত আশ্চৰ্য্য যেন লাগিব পাৰে। কিন্তু এনে লাগাটোই হৈছে এই যুগৰ বিশেষত্ব—নবীনত্ব। কিয়নো বিচাৰ কৰিলে এইটো সকলোৱে দেখিব যে এতিয়া যি কোৱা হল সেইটোই সত্য নীতি। যি সমাজে উন্নতি কৰিব খোজে সেই সমাজৰ কেতিয়াও আন প্ৰকাৰৰ নীতি হব নোৱাৰে।

[ ২০ ] ইংৰাজ জাতি আজিলৈকে টিকি আছে, ইয়াৰ কাৰণ এই নহয় যে এওঁলোকে অৰ্থশাস্ত্ৰৰ নিয়ম অনুসৰণ কৰি থাকে, বৰং এয়ে যে কিছুমান মানুহ অৰ্থশাস্ত্ৰৰ নিয়ম ভঙ্গ কৰি ওপৰোক্ত নৈতিক নীতিনিয়ম পালন কৰি থাকে। আৰু এই কাৰণেই এওঁলোকে আজিলৈকে অস্তিত্ব ৰক্ষা কৰি আছে। এই নীতি নিয়ম ভঙ্গ কৰাৰ পৰা কি হানি হয় আৰু সমাজ তাৰ পৰা কেনেকৈ পিছ হুহকি যাব লগা হয় তাৰ বিচাৰ আগলৈ কৰিম।

 আমি সত্যতাৰ মূল সম্বন্ধে আগতে কৈছিলো। কোনো অৰ্থশাস্ত্ৰীয়ে এই ৰকমে উত্তৰ দিব পাৰে “এইটো ঠিক যে পাৰস্পৰিক স্নেহ সহানুভূতিৰ পৰা কিছু লাভ হয়, কিন্তু অৰ্থশাস্ত্ৰী এই ৰকমৰ লাভৰ হিচাব নকৰে। এওঁলোকে যি শাস্ত্ৰ বিবেচনা কৰে সেই শাস্ত্ৰই কেবল কি উপায়ে ধনী হব পৰা যায় তাকেহে বিচাৰ কৰে। আৰু এই শাস্ত্ৰ যে ভূল নহয় বৰং এইটোৱে অভিজ্ঞতা দ্বাৰা প্ৰমাণিত হয়। যি সকলে এই অৰ্থশাস্ত্ৰ অনুসৰি চলে তেওঁলোক নিশ্চয় ধনবান হয়, আৰু যি এই শাস্ত্ৰমতে নচলে তেওঁ কাঙ্গাল হৈ যায়। য়ুৰোপৰ সকলো ধনীয়ে এই শাস্ত্ৰ অনুসৰি চলি বহু ধন সংগ্ৰহ কৰে। ইয়াৰ বিপৰীত যুক্তি উপস্থিত কৰা বৃথা। কি প্ৰকাৰে অৰ্থ আহে আৰু কি ৰকমে যায় সেইটো প্ৰত্যেক অভিজ্ঞই জানে।”

 কিন্তু এই উত্তৰ ঠিক নহয়। বেপাৰীয়ে টকা উপাৰ্জ্জন কৰে, কিন্তু তেওঁ সেইটো সদুপায়ে না অসদুপায়ে উপৰ্জ্জন কৰিছে তাৰ পৰা ৰাষ্ট্ৰৰ কিবা ভাল হল নে নাই এই কথা তেওঁ জানিব নোৱাৰে। “ধনবান ”শব্দৰ অৰ্থকে তেওঁলাকে অনেক সময়ত বুজি নাপায়। তেওঁ এই কথা নাজানে যে যত ধনী আছে তাত গৰীবো আছে। কতবাৰ মানুহে ভুল কৰি এইটো মানি লয় যে কোনো নিৰ্দ্দিষ্ট [ ২১ ] নিয়ম অনুসৰি চলিলে সকলো মানুহে ধনী হব পাৰে। আচলতে ধনী হোৱা কথাটো পানী তোলা কলহৰ মালাৰ নিচিনা। এটা খালি হলে হে আন এটা ভৰে। আপােনাৰ লগত যদি টকা থাকে তেন্তে তাৰ প্ৰভাৱ যাৰ টকা নাই তাৰ ওপৰত পৰিব। যদি আপােনাৰ ওচৰত থকালোকৰ এই টকাৰ কোনো আৱশ্যক নাথাকে তেন্তে আপােনাৰ ওচৰত এই টকা বেকাৰ হৈ যাব। আপােনাৰ টকাৰ শক্তি আপােনাৰ প্ৰতিবাসীৰ টকাৰ অভাৱৰ ওপৰত নিৰ্ভৰ কৰে। য’ত গৰীব আছে তাত ধনী চলিব পাৰে। ইয়াৰ অৰ্থ এই হয় যে এজন মানুহ ধনবান হব লাগিলে তেওঁৰ প্রতিবাসী গৰীব হৈ থাকিব লাগে।

 সাৰ্ব্বজনিক অর্থশাস্ত্ৰৰ অৰ্থ হৈছে ঠিক সময়ত ঠিক ঠাইত আৱশ্যকীয়, আনন্দদায়ক বস্তু উৎপন্ন কৰা, সেইটো ৰক্ষা কৰা আৰু তাৰ লেন-দেন কৰা। যি কৃষকে ঠিক সময়ত ফচল কাটে, যি ৰাজ মিস্ত্রিয়ে ঠিক ঠিক গাথনিৰ কাম কৰে; যি বাঢ়ৈয়ে কাঠৰ কাম ভাল দৰে কৰে, বি স্ত্রীয়ে নিজৰ পাকঘৰ ঠিক ৰাখে, তেওঁলােক আচল অর্থশাস্ত্রী। এওঁলােকে গোটেই ৰাষ্ট্ৰৰ সম্পত্তি বঢ়ায়। বি শাস্ত্র ইয়াৰ উল্‌টা তাক সাৰ্ব্বজনিক বুলিব নােৱাৰি। তাত মাত্ৰ এজনে টকা জমা কৰে আৰু আনক গৰীব ৰাখি সেই টকা উপভোগ কৰে। এই ৰকমে যােনে চলে তেওঁ নিজৰ খেতি পথাৰ পশু আদিৰ পৰা কিমান টকা হব পাৰে তাকে হিচাব কৰি নিজক ধনবান বুলি ভাবে । কিন্তু নিজৰ টাকাৰ দ্বাৰা যিমান মাটি আৰু পশু আদি কিনিব পাৰি সিমান হে যে তেওঁৰ টাকাৰ মূল্য সেইটো তেওঁ নাভাবে আৰু তেওঁলােকে ধাতু, টকা সংগ্রহ কৰি থাকে । তেওঁলােকে এই টাকাৰে কিমান মজুৰ খাব পাৰিব তাকে ভাবে ।

[ ২২ ]

 এজন মানুহৰ সোনা ৰূপা শস্য আদি মজুত আছে। এনে লোকৰ মজুৰৰ আৱশ্যক হল। কিন্তু যদি এওঁৰ ওচৰ চুবুৰীয়াৰ সোনা ৰূপা বা শস্যৰ আৱশ্যক নাথাকে তেন্তে চাকৰ পোৱা কঠিন হব। অৰ্থাৎ সেই ধনী মানুহ জনে ৰুটি পুৰিব লাগিব, কাপোৰ নিজে সিব লাগিব আৰু নিজে খেতি কৰিব লাগিব। এই অৱস্থাত তেওঁৰ কাৰণে তেওঁৰ সোণৰ মূল্য পথাৰৰ শিল গুটিতকৈ বেচি নহয়। তেওঁৰ সস্য পচিব, কাৰণ ওচৰ চুবুৰীয়াতকৈ তেওঁ তো বেচিকৈ খাব নোৱাৰে। ফল এইয়ে হব যে আনৰ দৰে তেওঁ নিজে কঠোৰ পৰিশ্ৰম কৰিয়ে দিন নিয়াব লাগিব। এনে অৱস্থাত বহুলোকে সোণা ৰূপা একত্ৰ কৰা পচন্দ নকৰিব। গভীৰ ভাৱে বিচাৰ কৰিলে আমি দেখো যে ধন জমোৱা মানে আনৰ ওপৰত অধিকাৰ লাভ কৰা, নিজৰ আৰামৰ কাৰণে চাকৰ, বেপাৰী বা কাৰিকৰৰ খাটনিৰ ওপৰত অধিকাৰ লাভ কৰা। আৰু এই অধিকাৰ প্ৰতিবাসী সকলৰ দৰিদ্ৰতাৰ কম বেচিৰ ওপৰত নিৰ্ভৰ কৰে। এজন বাঢ়ৈৰ দ্বাৰা কাম কৰোতা মানুহ যদি মাত্ৰ এজন থাকে, তেওঁ যি মজুৰি দিয়ে তাতে তেওঁ কাম কৰিব লাগিব। কিন্তু যদি মিস্ত্ৰিৰ দ্বাৰা কাম কৰোটা দুই চাৰি জন হয় তেন্তে মিস্ত্ৰিয়ে যত বেচি মজুৰি পায় তাতে কাম কৰিব। ফল এয়ে হৈছে যে ধনবান হোৱা মানে যিমান অধিক মানুহক পাৰা যায় নিজতকৈ বেচি দৰিদ্ৰ কৰি ৰাখা। অৰ্থশাস্ত্ৰীয়ে বহুবাৰ এইটো মানি লয় যে এই ৰকমে মানুহক গৰীব কৰি ৰখাৰ পৰাই ৰাষ্ট্ৰৰ লাভ, সকলোৱে যে সমান থাকিব এইটো হব নোৱৰে। কিন্তু অন্যায় কৰি গৰীব কৰি ৰখাত ৰাইজ দুখী হয়, ৰাইজৰ অপকাৰ হয়। স্বাভাৱিক ভাৱে ধনী গৰীব থকাত ৰাষ্ট্ৰ সুখী হব পাৰে। [ ২৩ ]
 

ধনৰ নিচা ।

 এই প্ৰকাৰে কোনো বিশেষ ৰাষ্ট্ৰৰ ভিতৰত টকাৰ চলাচলটো শৰীৰৰ ৰক্ত চলাচলৰ সমান। যদি গাত জোৰে তেজ চলাচল কৰে তেন্তে সেইটো স্বাস্থ্য আৰু ব্যায়ামৰ চিন বা লাজ অথবা জ্বৰৰৰ চিন। সুস্থ শৰীৰত এক প্ৰকাৰৰ ৰঙচুৱা আভাই স্বাস্থ্য বুজায়। আৰু অন্য প্ৰকাৰৰ ৰঙা আভাই ৰক্ত-পিত্ত ৰােগৰ চিন। আকৌ এক ঠাইত তেজ জমা হৈ গলে যি ৰকমে শৰীৰৰ হানি কৰে, সেই ৰকমে এক ঠাইত ধন জমা হলেও ৰাষ্ট্ৰৰ হানিৰ কাৰণ হৈ পৰে।

 ধৰি লওক যে দুজন খালাচীয়ে জাহাজ ডুবি ধ্বংস হৈ ভাঙি চিঙি যােৱাৰ পিচত কোনো এক নির্জন ঠাইত আহি পৰে। তাত তেওঁলোকে নিজৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ কাৰণে খাদ্য দ্রব্য উৎপন্ন কৰিব লগা হয়। যদি দুয়ো জনে সুস্থ থাকি একেলগে কাম কৰি থাকে তেন্তে ভাল ঘৰ বান্ধিব পাৰে, খেতিপথাৰ তৈয়াৰ কৰি খেতি কৰিব পাৰে আৰু ভবিষ্যতৰ কাৰণে কিছু বচাবও পাৰে। ইয়াক আমি প্রকৃত সম্পত্তি বুলিব পাৰো আৰু যদি দুয়ো ভাল ৰকমে কাজ কৰে তেন্তে ইয়াত দুয়ােৰে ভাগ সমান হয় । এই ৰকমে এওঁলােকৰ ওপৰত যি অর্থনীতি প্রযুক্ত হয় সেইটো এয়ে যে এওঁলােকে নিজৰ পৰিশ্ৰমৰ ফল ভাগ কৰি লােৱাৰ অধিকাৰ আছে। এতিয়া ধৰি লওক যে কিছু দিনৰ পিচত এওঁলােকৰ এজন অসন্তুষ্ট হল। এইবাবে এওঁলোকে খেতি ভাগ কৰি ললে আৰু বেলেগ বেলেগ কৈ নিজৰ নিজৰ কাজ কৰিব ধৰিলে। ধৰি লওক যে পিচত তেওঁলােকৰ এজন অসুস্থ হৈ পৰিল। এনে দশাত এওঁ স্বভাৱতে দ্বিতীয় জনক সাহায্য [ ২৪ ] কাৰণে মাতিব। এই সময়ত দ্বিতীয় জনে কব পাৰে যে “মই তোমাৰ এইবােৰ কাম কৰি দিবলৈ তৈয়াৰ আছো, কিন্তু চৰ্ত্ত এই যে, মােৰ আৱশ্যক হলে তুমিও মােক ইমান কাম কৰি দিব লাগিব । তুমি এইটো লিখি দিব লাগিব যে তােমাৰ খেতিত মই যিমান ঘণ্টা কাম কৰো সিমান ঘণ্টা, দৰ্কাৰ হলে তুমিও মােৰ খেতিত কাম কৰি দিবা।” এইটোও ধৰি লওক যে বেমাৰীৰ বেমাৰ দীঘলীয়াকৈ চলিল আৰু প্ৰতি বাৰে এই জনে এই ৰকমে লিখি দিব লগাত পৰিল। এই অৱস্থাত বেমাৰীজন সুস্থ হলে তেতিয়া এওঁলোক দুয়োজনৰ স্থিতি কি হব ? আমি দেখিম যে দুয়ো পহিলা অৱস্থাতকৈ গৰীব হৈ গৈছে। কিয়নাে বেমাৰী মানুহ জন যেতিয়ালৈকে বিছনাত পৰি আছিল তেতিয়ালৈ তেওঁ নিজ কামৰ লাভ নাপালে। যদি আমি ধৰি লও যে দ্বিতীয় মানুহ জন খুব পৰিশ্ৰমী তথাপি এই কথাটো ঠিক যে তেওঁ যিমান সময় বেমাৰী জনৰ খেতিত খাটিলে সিমান সময় নিজৰ খেতিত খাটাৰ পৰা বঞ্চিত হব লাগিছিল। ফল এয়ে হল যে যিখিনি সম্পত্তি দুয়ােৰো মিলি হল হয়, এতিয়া তাতকৈ কম হৈ গ’ল।

 এয়ে নহয়, দুয়োৰাে সম্বন্ধ ও বদলি গল। বেমাৰী মানুহ জন আন মানুহ জনৰ ওচৰত ধৰুৱা হল। এতিয়া তেওঁ নিজৰ মজুৰি আন জনৰ তাত খাটি দিহে শস্যাদি পাব পাৰে। এতিয়া ধৰি লওক যে সেই স্বাস্থ্যবান মানুহ জনে বেমাৰী মানুহ জনে লিখি দিয়া খত পত্ৰৰ উপযােগ কৰিবলৈ স্থিৰ কৰিলে। যদি তেওঁ তেনে কৰে তেন্তে তেওঁ সম্পূর্ণৰূপে বিশ্রাম লব পাৰে–অলস হব পাৰে। তেওঁ ইচ্ছা কৰে যদি বেমাৰৰ পৰা উঠা মানুহ জনৰ পৰা আন চৰ্ত্ত লিখাই [ ২৫ ] লব পাৰে আৰু সেইটো অন্যায় কথা হব বুলি কোনেও কব নোৱাৰে। এতিয়া যদি কোনো বিদেশী ইয়ালৈ আহে তেন্তে তেওঁ দেখিব যে একজন মানুহ ধনী হৈ গৈছে আৰু আন জন বেমাৰী হৈছে। একজনে আৰাম কৰিছে, আলস্যতে দিন কটাইছে আৰু আন জনে মজুৰি খাটিও কষ্ট কৰি দিন নিৰ্ব্বাহ কৰি আছে। এই উদাহৰণৰ পৰা পাঠকে দেখিব যে দ্বিতীয় মানুহ জনৰ মজুৰি লোৱাৰ ফলত বাস্তৱিক সম্পত্তি কম পৰি গৈছে।

 এতিয়া দ্বিতীয় উদাহৰণ লওক। তিন জন মানুহে মিলি এক ৰাজ্য স্থাপন কৰিলে আৰু তিনিও বেলেগ বেলেগ কৈ থাকিব ধৰিলে। প্ৰত্যেকে বেলেগ বেলেগ কৈ এনে ফচল উৎপন্ন কৰিলে যিবোৰ সকলোৰে কামত আহে। ধৰি লওক যে এওঁলোকৰ এজনে সকলোৰে সময় বচাবৰ কাৰণে এজনৰ মাল আন জনৰ ওচৰত আনি দিয়া কাজ ললে আৰু তাৰ পৰিবৰ্ত্তে অন্নাদি লব স্থিৰ কৰিলে। যদি এই মনুহজনে ঠিক মতে মাল আদান প্ৰদান কৰে তেন্তে সকলোৰে লাভ হব। কিন্তু ধৰি লওক এই মানুহ জনে মাল লেন-দেনৰ সময়ত চুৰি কৰিলে। তাৰ পিচত বৰ অভাৱৰ দিনত এই দালাল জনে চুৰি কৰা শস্য বহু বেচি দামত বিক্ৰি কৰিলে। এই ৰকম কৰি কৰি এই মানুহ জনে দুয়োেজন খেতিয়কক ভিথাৰী কৰে আৰু শেষত তেওঁলোকক নিজৰ মজুৰ বনাই লয়।

 ওপৰৰ উদাহৰণত অন্যায়টো স্পষ্ট দেখা যায়। কিন্তু আজিকালিৰ বেপাৰী এনেকৈয়ে চলিছে। আমি এইটোও দেখিছো যে এই চুৰিৰ ঘটনাৰ পাচত যদি তিনিও জনৰ সম্পত্তি একলগ কৰা যায় তেন্তে দেখা যায় যে, এই তিনিও[ ২৬ ] জনে বিশ্বস্ত হলে তিনিওজনৰে একত্রিত সম্পত্তি যিমান হল হয় এতিয়া তাতকৈ কম হৈছে। দুয়োজন কৃষকৰ কাম কম হৈছে। আৱশ্যকীয় বস্তু নােপােৱাত নিজৰ পৰিশ্ৰমৰ পূৰ্ণ ফল এওঁলোকে নাপালে । লগতে এই চোৰ দালালৰ হাতত যি মাল ৰ’ল তাৰ পূৰ্ণ আৰু ঠিক উপযােগ নহল ।

 এই ৰকমে আমি (বীজ) গণিতৰ হিচাবেৰে ৰাষ্ট্র বিশেষৰ সম্পত্তি বিচাৰ কৰি চাব পাৰো। এই সম্পত্তি লাভৰ উপায়ৰ ওপৰতে প্ৰজা ধনবান হয় কি নহয় সেইটো নিৰ্ভৰ কৰে। কোনো ৰাষ্ট্ৰৰ তাত ইমান পইচা আছে এইবাবে ইমান ধনবান, এইটো কব নোৱাৰি। কোনো এজনৰ হাতত ধন থকাটো যি ৰকমে তেওঁৰ অধ্যবসায়, চাতুৰ্য্য আৰু উন্নতিশীলতাৰ লক্ষণ হব পাৰে, সেই ৰকমে ই হানিকৰ, ভােগবিলাস, অত্যাচাৰ আৰু জাল জুৱাচুৰি সূচকো হব পাৰে। শুদ্ধ নীতিয়ে আমাক এই ৰকমে হিচাব কৰিবলৈ শিকায়। এক প্ৰকাৰৰ ধন আছে যি তাৰ দহ গুণৰ সমান। আন এক প্ৰকাৰৰ ধন আছে যি এজনৰ হাতলৈ আহি দহ গুণ ধন নাশ কৰি দিয়ে।

 তাৎপৰ্য্য এয়ে যে নীতি অনীতিৰ বিচাৰ নকৰাকৈ ধন সংগ্রহ কৰাৰ নিয়ম স্থিৰ কৰাটো মানুহৰ পক্ষে কেৱল অহঙ্কাৰ দেখুৱা কথা হে। “সস্তাতকৈও সস্তাত কিনি বেচিত- কৈও বেচি দামত বিক্রি কৰা” ৰ নিয়মৰ নিচিনা এনে লজ্জাজনক কথা মানুহৰ কাৰণে আৰু দ্বিতীয় নাই। “সস্তাতকৈও সস্তাত কিনা”তো ঠিকেই কিন্তু সস্তা ভাও কেনেকৈ হয়? জুই লাগি ঘৰ পুৰিলে কাঠপাত পুৰি হােৱা কয়লা সস্তা হব পাৰে। ভূমিকম্প হৈ ঘৰ ভাঙ্গি পৰিলে তাৰ ইটা সস্তা হব পাৰে। কিন্তু ইয়াৰ পৰা কোনেও [ ২৭ ] এইটো কবলৈ সাহস নকৰিব যে জুই আৰু ভূমিকম্পৰ দুর্ঘটনা জনতাৰ পক্ষে লাভজনক। এই ৰকমে “বেচিতকৈও বেচি দাম বেচিব” এই কথাও ঠিক, কিন্তু বেচি দামী কেনেকৈ হয় ? আজি আপােনাৰ ৰুটিৰ ভাল দাম পালে। কিন্তু আপুনি এই দাম কি কোনো মৰণাসন্ন মানুহৰ শেষ কড়িৰ পৰা লৈছে নাইবা সেই ৰুটি কোনো এনে মহাজনৰ তাত বেচিছে যােনেকালি আপােনাৰ সৰ্ব্বস্ব হৰণ কৰি লব? নাইবা কোনাে চিপাহীৰ তাত এই ৰুট বেচিছে যোনে কালি আপােনাৰ বেঙ্ক লুট কৰিব ? সম্ভবতঃ এই প্রশ্নবােৰৰ এটাৰো উত্তৰ আপুনি এতিয়া দিব নােৱাৰে, কাৰণ ইয়াৰ জ্ঞান আপোনাৰ নাই। কিন্তু আপুনি আপােনাৰ ৰুটি উচিত নীতি অনুযায়ী বেচিছে নে নাই সেইটো আপুনি কব পাৰে। ঠিক ন্যায় যাতে হয় সেইটো চিন্তা কৰাই আৱশ্যক। যাতে আপােনাৰ কামৰ পৰা কাৰো দুখ নহয় এইটো জানা আৰু সেইমতে চলা অপােনাৰ কৰ্ত্তব্য।

 আমি দেখিছো যে লােকৰ পৰা কিমান পৰিশ্ৰম আদায় কৰিব পাৰি তাৰ ওপৰতে ধনৰ মূল্য নির্ভৰ কৰে। যদি বিনা মূল্যে মেহনতি পােৱা যায় তেন্তে পইচাৰ দৰ্কাৰ নহয়। বিনা পইচাই যে লোকৰ মেহনতি পাব পাৰি তাৰ উদাহৰণ পােৱা যায় । আৰু ধন-বলতকৈ নীতি-বলে যে অধিক কাম কৰে তাৰ উদাহৰণ আমি আগতে পাইছো। আমি এইটোও দেখিছাে যে য’ত ধনে কাম কৰিব নােৱাৰে তাত সদ্ গুণে কাম দিয়ে । ইংলণ্ডৰ অনেক ঠাইত ধনৰ দ্বাৰা লােকক ভুলাব নোৱাৰি।

 যদি আমি এইটো মানি লও যে মানুহৰ পৰা কাম আদায় কৰাৰ শক্তিই ধন, তেন্তে আমি এইটোও দেখিম [ ২৮ ] যে মানুহ যি পৰিমাণে চতুৰ আৰু নীতিপৰায়ণ হব সেই পৰিমাণে ধন বাঢ়িব। এই ৰকমে বিচাৰ কৰিলে আমি বুজি পাম যে সোণা ৰূপাই প্রকৃত ধন নহয়, মানুহেই প্রকৃত ধন। ধনৰ সন্ধান ভূগৰ্ভত নকৰি মানুহৰ হৃদয়ত হে কৰা উচিত। এই কথা যদি সত্য হয়, তেন্তে অর্থশাস্ত্রৰ প্রকৃত নিয়ম এয়ে হয় যাৰ দ্বাৰা মানুহৰ দেহ আৰু মনৰ স্বাস্থ্য সম্মানে ৰক্ষা কৰা যায়। এনে এক সময় আহিব পাৰে যেতিয়া ইংলণ্ডবাসীয়ে গােলকুণ্ডাৰ হীৰাৰে নিজৰ গােলামবোৰক সজাই নিজৰ বৈভৱ প্ৰদৰ্শন কৰাৰ পৰিবৰ্ত্তে, গ্ৰীচৰ এক প্রসিদ্ধ লােকৰ কথা অনুসৰি নিজৰ নীতিপৰায়ণ মহাপুৰুষসকলক দেখুৱাই কব যে

“এওঁলােকেই মােৰ ধন”


যথার্থ ন্যায়।

 খৃষ্ট জন্মৰ কেই শতাব্দী পূৰ্ব্বে এজন ইহুদী বেপাৰী আছিল । তেওঁৰ নাম চোলােমন আছিল। তেওঁ ধন আৰু যশ দুয়োটাকে যথেষ্ট ৰকমে উপার্জ্জন কৰিছিল। তেওঁ কোৱা কথা অজিও য়ুৰােপত প্ৰচাৰ হৈ আছে । ভেনিচৰ মানুহে তেওঁক ইমান মানিছিল যে তেওঁলােকে তেওঁৰ মূৰ্ত্তি স্থাপন কৰিছিল। তেওঁৰ বাক্য আজি-কালি মনত ৰখা হয় যদিও সেই অনুসৰি আচৰণ কৰা মানুহ বহু কম। তেওঁ কয় যে—“যি মানুহে মিছা কৈ [ ২৯ ] ধন উপাৰ্জ্জন কৰে তেওঁ অহঙ্কাৰী আৰু ই তেওঁৰ মৃত্যুৰ নিশান।” আন এঠাইত তেওঁ কৈছে যে— “অন্যায় কৰি উপাৰ্জ্জন কৰা ধনৰ দ্বাৰা কোনো লাভ নহয়, সত্যই মানুহক মৃত্যুৰ পৰা বচায়৷” এই দুই বাক্যৰ দ্বাৰা চোলোমনে কৈছে যে অন্যায়ৰ দ্বাৰা পোৱা ধনৰ পৰিণাম মৃত্যু। আজি কালিৰ যুগত এনে ভাবে মিছা কোৱা হয় আৰু অন্যায় কৰা হয় যে সাধাৰণতঃ তাক আমি মিছা আৰু অন্যায় বুলি কবই নোৱাৰো। যেনে মিছা বিজ্ঞাপন দিয়া, নিজৰ মালৰ ওপৰত মানুহক ভুলাবলৈ লেবেল মাৰা, ইত্যাদি।

 ইয়াৰ পিচত সেই বুদ্ধিমান লোক জনে কৈছে যে— “কি জনে ধন বঢ়োৱাৰ কাৰণে গৰীবক দুখ দিয়ে তেওঁ শেষত দুৱাৰে দুৱাৰে ভিক্ষা মাগিব৷” তেওঁ আকৌ কৈছে—“গৰীবক কষ্ট নিদিবা কিয়নো তেওঁ গৰীব। বেপাৰত দুখীয়াক জুলুম নকৰিবা কিয়নো যোনে গৰীবক কষ্ট দিয়ে তাক ঈশ্বৰে দুঃখ দিয়ে। কিন্তু আজি কালি বেপাৰত মৰিব ওলোৱা সকলৰ ওপৰতে আঘাত কৰা হয়। যদি কোনোবাই বিপদত পৰে তেনেহলে তেওঁৰ বিপদৰ পৰা লাভ আদায় কৰিবলৈ তৈয়াৰ হওঁ। ডকাইতে ধনীৰ তাত ডকাইতি কৰে, কিন্তু বেপাৰত গৰীবক লুট কৰা হয়।

 আকৌ চোলোমনে কৈছে—“ধনী আৰু গৰীব [ ৩০ ] দুয়ো সমান। ঈশ্বৰে দুয়োকো স্ৰজন কৰিছে। ঈশ্বৰে এওঁলোকক জ্ঞান দিছে।” গৰীব বিনা ধনীৰ আৰু ধনী বিনা গৰীবৰ কাম নচলে। এজনে আন জনৰ পৰা সদায় কাম লব লাগে। এইবাবে এওঁলোকৰ কোনো এজন উচ্চ বা আনজন নিচ এই বুলি কব নোৱাৰি। কিন্তু যেতিয়া এওঁলোকে নিজৰ সমানতা ভুলি যায় আৰু যেতিয়া ঈশ্বৰে যে এওঁলোকক জ্ঞান দিছে সেইটো পাহৰি যায় তেতিয়া বিপৰীত পৰিণাম হয়।

 ধন নদীৰ নিচিনা। নদী সদায় সমুদ্ৰৰ ফালে অৰ্থাৎ তলৰ ফালে বয়। এই কমে ধন ও য’ত আৱশ্যক তালৈ যোৱা উচিত। কিন্তু যি ৰকমে নদীৰ গতি বদলি হব পাৰে সেই ৰকমে ধনৰ গতিৰো পৰিবৰ্ত্তন হব পাৰে। কত নদী ইফালে সিফালে বৈ যাব ধৰে আৰু তাৰ আসপাসে বহুত পানী জমা হৈ যোৱাৰ কাৰণে বিষাক্ত বায়ু উৎপন্ন হয়। এই নদীত বান্ধ দি য’ত আৱশ্যক তালৈ সেই পানী বোৱাই নিলে মাটি সাৰুৱা আৰু আস পাসৰ বায়ু উত্তম কৰে। এই কমে ধনৰ যথেচ্ছা ব্যৱহাৰ হোৱাৰ পৰা অন্যায় বাঢ়ে, গৰীব বাঢ়ে। সাৰ এয়ে যে এই ধন বিহৰ নিচিনা হয়। কিন্তু যদি এই ধনৰ গতি নিশ্চিত কৰি দিয়া যায় আৰু নিয়ম মতে তাক ব্যৱহাৰ কৰা যায় তেন্তে [ ৩১ ] বান্ধ দিয়া নদীৰ নিচিনা সি সুখপ্ৰদ হৈ উঠে।

 অৰ্থশাস্ত্ৰীয়ে ধনৰ গতি নিয়ন্ত্ৰণ কৰা নিয়ম একে বাৰে পাহৰি গৈছে। এওঁলোকৰ শাস্ত্ৰ কেৱল ধন লাভ কৰাৰ শাস্ত্ৰ। কিন্তু ধন তো অনেক প্ৰকাৰে সংগ্ৰহ কৰিব পাৰি। এনে এক কাল আছিল যেতিয়া ইউৰোপত ধনীক বিহ খুৱাই মাৰি লোকে তেওঁৰ ধনেৰে নিজে ধনী হৈছিল। আজি কালি গৰীবলোকৰ কাৰণে যি খাদ্য তৈয়াৰ কৰা হয় তাত বেপাৰীয়ে ভেজাল দিয়ে। যেনে দুধত সুৱাগা, আটাত আলু, কফিত এক প্ৰকাৰৰ ভেজাল, মাখনত চৰ্ব্বি ইত্যাদি। ইও বিহ খুৱাই ধনী হোৱাৰ সমান। ইয়াকেই আমি ধনবান হোৱাৰ কলা বা বিজ্ঞান বুলিব পাৰে নে?

 কিন্তু এইটো নুবুজিব যে অৰ্থশাস্ত্ৰীয়ে ঠিক লুট কৰি ধনী হোৱাৰ কথা কয়। তেওঁলোকৰ ফালৰ পৰা ইয়াকেই কোৱা হয় যে তেওঁলোকৰ শাস্ত্ৰ আইন সঙ্গত আৰু ন্যায় যুক্ত উপায়েৰে ধনবান হোয়াৰ শাস্ত্ৰ। কিন্তু আজি কালিৰ দিনত এইটো দেখা যায় যে বহু কথা আইনসঙ্গত হলেও ন্যায় যুক্তিত বিপৰীত হয়। এই বাবে ন্যায় পূৰ্ব্বক ধন উপাৰ্জ্জন কৰাকেই প্ৰকৃত পথ বুলি কব পাৰি। আৰু যদি ন্যায়ৰ পথেদি ধন উপাৰ্জ্জন কৰাটোই ঠিক হয় তেন্তে ন্যায় অন্যায়ৰ বিচাৰ বুদ্ধি উৎপন্ন কৰাটো মানুহৰ প্ৰথম কাম। কেবল লেনদেনৰ ব্যৱসায়িক নিয়মৰ দ্বাৰা [ ৩২ ] কাম আদায় কৰা বা বেপাৰ কৰাই যথেষ্ট নহয়। এই ৰকম তো মাছ, কুকুৰনেছীয়া বাঘ, আৰু ইন্দুৰেও কৰে। ডাঙৰ মাছে সৰু মাছ খায়, ইন্দুৰে সৰু জীৱ জন্তু খায় আৰু কুকুৰ নেছীয়া বাঘে মানুহকে খাই পেলায়। ইহঁতৰ এয়ে নিয়ম, ইহঁতৰ অন্য জ্ঞান নাই , কিন্তু ঈশ্বৰে মানুহক জ্ঞান দিছে ন্যায় বুদ্ধি দিছে। ইয়াৰ আনক ভক্ষণ কৰি আনক ঠগাই, আনক ভিখাৰী কৰি নিজ ধনবান হোৱাটো অনুচিত। এনে অৱস্থাত আমি চাব লাগিব মজুৰক কি মজুৰি দিলে ন্যায় হব।

 আমি আগতে কৈছো যে মজুৰৰ উচিত পাৰি শ্ৰমিক হৈছে তেওঁ মোৰ নিমিত্তে যিমান মেহনত কৰি দিৰে, তেওঁৰ আৱশ্যক হলে সিমান খিনি কাম ময়ো তেওঁক কৰি দিয়াটো। যদি তেওঁৰ পৰা কম খাটনি কম কাম মিলে তেন্তে ময়ো তেওঁক তাৰ পৰিবৰ্ত্তে কম কাম কৰি দিব লাগে , আৰু বেচি কাম পালে বেচি কাম কৰি দিব লাগে।

 এজন মানুহৰ এটা মজুৰৰ আৱশ্যক, কিন্তু দুজন মানুহে তেওঁৰ কাম কৰি ওলাল। এতিয়া যি জন মানুহে কম মজুৰি খুজিব তাৰ দ্বাৰা কাম কৰালে তেওঁ কম মজুৰি পাব। যদি বেচি মানুহৰ মজুৰৰ আৱশ্যক থাকে কিন্তু এজন মাত্ৰ মজুৰ থাকে তেওঁ যি খুজে তাকে পায় আৰু সেইটো প্ৰায় যিখিনি হোৱা উচিত তাতকৈ বেচি [ ৩৩ ]

যৰ্থাৰ্থ্য ন্যায়

হয়। এই দুয়োটাৰে মাজৰ যি দৰ হব তাকে উচিত মজুৰি বুলিব পাৰি ।

 কোনো মানুহে মোক, কিছু টকা ধাৰে দিলে কিছু দিনৰ পিচত যদি মই তাক পৰিশে৷ধ কৰিব খুজো তেন্তে মই তেওঁক সুত দিব লাগে ৷ এই ৰকমে যদি কোনো মানুহে আজি মোক কাম কৰি দিয়ে, তেন্তে মই সেই জনক কেৱল তাৰ সমানে নহয়, সুত হিচাবে আৰু কিছু বেচি পৰিশ্ৰম কৰি দিয়া উচিত । আজি মোৰ কাৰণে কোনোৱে এক ঘণ্টা কাম কৰি দিয়ে যদি মই তাৰ কাৰণে এক ঘণ্টা পাচ মিনিট বা তাতকৈ অধিক কাম কৰি দিয়াৰ কথা দিয়া উচিত । এই কথা প্রত্যেক মজুৰিৰ ক্ষেত্ৰতে বুজা উচিত।

 এতিয়া মোৰ ওচৰলৈ যদি দুইজন মজুৰ আহে আৰু এওঁলোলোকৰ ভিতৰত যি জনে কম পইচা লয় তেওঁৰ দ্বাৰা মই কাজ কৰাও তেন্তে ফল এয়ে হব যে যি জনক খটাও তেওঁ আধা পেটে ৰব লাগে আৰু যি জনে বিনা ৰোজকাৰে থাকিল তেওঁ পূৰ্ণ উপবাস কৰিব । মই যি জন মজুৰক ৰাখো, তেওঁক পূৰ্ণ মজুৰি দিও যদি তথাপি আনজন মজুৰ বেকাৰ হৈ থাকে। তথাপি যি জনক কামত লগাওঁ তেওঁ যাতে ভোকত নমৰে সেইটো চাব লাগে আৰু এইটো বুজিব লাগে, যে মোৰ টকাৰ উচিত ব্যৱহাৰ কৰা হৈছে। আচলতে মানুহে [ ৩৪ ] ভোকত মৰা অৱস্থা তেতিয়াই হয় যেতিয়া মজুৰক কম মজুৰি দিয়া হয়। মই যদি উচিত মজুৰি দিওঁ তেন্তে মোৰ ওচৰত অন্যায় ৰূপে ধন সঞ্চিত নহব, মই ভােগ বিলাসত টকা খৰচ নকৰিম আৰু মােৰ দ্বাৰা গৰীব নাবাঢ়িব । যদি মই উচিত দাম দিওঁ তেন্তে তেৱোঁ উচিত দাম দিব শিকিব। এই ৰকমে ন্যায়ৰ শ্রোত নুশুকাই বৰং জোৰ ভাৱে বাঢ়ি যাব। আৰু যি ৰাষ্ট্ৰত এই প্ৰকাৰ ন্যায় বুদ্ধি হব, সেই ৰাষ্ট্ৰ সুখী হব আৰু উচিত ৰকমে সুফল পাব।

 এই বিচাৰ অনুসৰি অর্থশাস্ত্ৰীৰ ভুল দেখা যায় । এওঁলোকে কয় য’ত প্রতিযােগিতা বাঢ়ে তাত ৰাষ্ট্র সমৃদ্ধ হয়। বাস্তবতে এই বিচাৰ ভুল। প্রতিযােগিতাৰ উদ্দেশ্য মজুৰিৰ দাম কমােৱা ।

 ইয়াৰ দ্বাৰা ধনীসকলে অধিক ধন একত্রিত কৰে আৰু গৰীবে অধিক গৰীব হৈ যাব। এই প্রতিযােগিতাৰ শেষত ৰাষ্ট্ৰ নাশ হােৱাৰ সম্ভাবনা আছে। এইটোই নিয়ম হব লাগে যে প্রত্যেক মানুহে নিজৰ যােগ্যতা অনু সৰি মজুৰি পাব পাৰে। ইয়াতাে প্রতিযােগিতা হব, কিন্তু এনে প্রতিযােগিতাৰ ফল স্বৰূপ মানুহ সুখী আৰু চতুৰ হয়। কিয়নো এনে হলে কাজ পোৱাৰ কাৰণে মজুৰি কমােৱাৰ আৱশ্যক নহব, কিন্তু নিজৰ কাৰ্য্য কুশলতা হে বঢ়াব লাগিব। এই কাৰণে মানুহে চৰকাৰি চাকৰি [ ৩৫ ] পােৱাৰ কাৰণে উৎসুক হৈ থাকে । তাত পদ অনুসৰি দৰ্ম্মহা স্থিৰ কৰা আছে। প্রতিযােগিতা কেৱল কাৰ্য্য কুশলতাৰ ওপৰত হে গৈ ৰয় । চাকৰিৰ কাৰণে দৰ্খাস্ত কাৰীয়ে কম দৰ্ম্মহাৰ কথা নকয়, কিন্তু তেওঁ এইটোকে দেখুৱায় যে আনতকৈ তেওঁৰ কুশলতা অধিক। চিপাহী আৰু নৌ-সেনাৰ মাজতো এই নিয়ম পালন কৰা হয় আৰু এই বাবে এই বিভাগত গােলমাল আৰু দুর্নীতি কম দেখা যায়। বেপাৰীৰ মাজত দুষিত প্রতিযােগিতা চলি আছে আৰু তাৰ ফলস্বৰূপ প্ৰতাৰণা, অসচ্চৰিত্ৰতা আৰু চুৰি আদি অনীতি বাঢ়িছে । আন ফালে যি মাল তৈয়াৰ হৈছে সেইবােৰ বেয়া আৰু নীৰশ হৈছে। বেপাৰীয়ে ইচ্ছা কৰে কি মই খাওঁ, মজুৰে ইচ্ছাকৰে কি মই ঠগি লওঁ , আৰু গ্ৰাহকে ইচ্ছা কৰে কি মই মাজতে লাভ কৰি লওঁ, এই ভাবে পৰস্পৰৰ ব্যবহাৰ দোষযুক্ত হয়, কাজিয়া বাঢ়ে, গৰীব বাঢ়ে, হৰতাল বাঢ়ে, মহা- জনে ঠগ হৈ যায়, গ্রাহকে নীতি পালন নকৰা হয় । এক অন্যায়ৰ পৰা আন অনেক অন্যায় উৎপন্ন হয় আৰু শেষত মহাজন, বেপাৰী আৰু গ্ৰাহক সকলােৰে দুখ ভােগ কৰে আৰু নষ্ট হয়। যি ৰাষ্ট্ৰত এই প্রথা প্রচলিত হয় তাত শেষত দুখ হয় আৰু তাৰ ধন বিহৰ নিচিনা হয়।

 এইবাবে জ্ঞানী সকলে কৈ গৈছে যে [ ৩৬ ] “যত ধনেই পৰমেশ্বৰ তাত আচল ঈশ্বৰক কোনেও পূজা নকৰে।”

 ইংৰাজ জাতি মুখত কয় যে “ধন আৰু ঈশ্বৰৰ পৰম্পৰ বিৰোধ , গৰীবৰ ঘৰত হে ঈশ্বৰ বাস কৰে।” কিন্তু ব্যৱহাৰত তেওঁলোকে ধনক সৰ্ব্বোচ্চ স্থান দিয়ে। নিজৰ ধনীলোক সকলক গণনা কৰি প্ৰজাৰ সুখহোৱা বুলি ভাবে। আৰু অৰ্থ শাস্ত্ৰীয়ে শীঘ্ৰ ধনোপাৰ্জ্জন কৰাৰ নিয়ম তৈয়াৰ কৰে যি শিকি মানুহে ধনবান হব পাৰে। কিন্তু ন্যায় বুদ্ধিৰ শাস্ত্ৰই প্ৰকৃত শাস্ত্ৰ। যি কোনো ৰকমৰ অৱস্থাত কি ৰকমে ন্যায় আচৰণ কৰা যায়, কি ৰকমে নীতি পালন কৰা যায়— যি প্ৰজাই এই শাস্ত্ৰ শিকে তেওঁলোক সুখী হয়। বাকী সকলো বৃথা প্ৰয়াস, “বিনাশ কালত বিপৰীত বুদ্ধি’ৰ সমান। মানুহক যি কোনো উপায়েৰে পইচা উপাৰ্জ্জন কৰাৰ শিক্ষা দিলে তেওঁলোকক বিপৰীত শিক্ষা দিয়াহে হয়

সত্য কি?

 আগৰ তিনি অধ্যায়ত আমি দেখিছো যে, অৰ্থশাস্ত্ৰীয়ে যিটো সাধাৰণ নিয়ম বুলি মানে সেইটো ঠিক নহয়। এই নিয়ম অনুসৰি আচৰণ কৰি ব্যক্তি আৰু সমাজ দুয়ো দুখত পৰে। গৰীব অধিক গৰীব হয়, [ ৩৭ ] আৰু ধনী অধিক ধনবান হয়, আৰু দুয়োৰে ভিতৰত এজনো সুখী নহয়।

 অৰ্থশাস্ত্ৰী সকলে মানুহৰ আচৰণৰ ওপৰত বিচাৰ নকৰি অধিক ধন উপাৰ্জন কৰাকেই উন্নতি বুলি মানে আৰু মানুহৰ সুখ কেৱল পইচাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কয়। এই কাৰণে এওঁলোকে ইয়াকে শিক্ষা দিয়ে যে কলা কৌশল আদিৰ বুদ্ধিৰে যিমান অধিক ধন একত্ৰিত কৰিব পৰা যায় সিমানেই ভাল। এই ৰকমৰ বিচাৰৰ প্ৰচাৰৰ কাৰণেই ইংলণ্ড আৰু অন্যান্য দেশত কাৰখানা বাঢ়ি গৈছে। চহৰবোৰত বহুলোক গোট খাইছে আৰু খেতি বাতি এৰি দিছে। বাহিৰৰ নিৰ্ম্মল বায়ু এৰি কাৰখানাৰ দুৰ্গন্ধ বায়ুতেই ৰাতি-দিন উশাহ লৈ সুখ বুলি ভাবিছে। ইয়াৰ ফল স্বৰূপ মানুহ দুৰ্ব্বল হয়? লোভ বাঢ়ে আৰু অনীতি বাঢ়ি আৰু যেতিয়া অনীতি দূৰ কৰাৰ কথা তুলা যায় তেতিয়া বুদ্ধিমান বোলা লোকসকলে কয় যে অনীতি দূৰ কৰিব নোৱাৰি , অজ্ঞানীৰ কোনোৰকমে জ্ঞান নাহে, এই বাবে যি ৰকমে, চলিছে সেই ৰকমে চলিব দিয়া। এই কথা কওঁতে তেওঁলোকে পাহৰি যায় যে গৰীবৰ অনীতিৰ কাৰণ ধনীসকল। এওঁলোকৰ ভোগবিলাসৰ কাৰণে গৰীবে ৰাতি দিন খাটে। ইহতে কিবা শিকিবলৈ বা কোনো ভাল কাম কৰিবলৈ একপলো [ ৩৮ ] সময় নাপায়।

 ধনীক দেখি এওঁলোকেও ধনী হব খুজে। ধনী হব নোৱাৰি দুখ কৰে আৰু খং কৰে। পিচত নিজৰ বিবেক হেৰুৱাই ভাল পথেদি ধন নোপোৱা বাবে কুপথেৰে পইচা উপাৰ্জন কৰাৰ কুপ্ৰয়াস কৰে। এই ৰকমে পইচা আৰু খাটনি দুয়োটা ব্যৰ্থ হৈ যায় বা দগা বাজিৰ কাজত ব্যৱহৃত হয়।

 বাস্তবতে সত্য শ্ৰম এয়ে যাৰ দ্বাৰা কোনো প্ৰয়োজনীয় বস্তু উৎপন্ন হয়। প্ৰয়োজনীয় বস্তু তাকে বোলা হয় যি মানুহৰ ভৰণ পোষণত লাগে। ভৰণ পোষণ এয়ে যাৰ দ্বাৰা মানুহৰ যথেষ্ট আহাৰ কাপোৰ মিলে আৰু যাৰ দ্বাৰা নীতিৰ পথত থাকি আজীবন সৎকৰ্ম্ম কৰিব পাৰে। এই দৃষ্টিত চালে বহু ডাঙৰ ডাঙৰ আয়োজনো অকাজ বুলিব লগা হয়। সম্ভবতঃ কল কাৰখানা খুলি ধনবান হোৱাৰ পথ গ্ৰহণ কৰাটো পাপ কৰ্ম্ম বুলি বুজিব লাগে। পইচা উপাৰ্জন কৰা মানুহ বহু পোৱা যায় কিন্তু তাৰ যথা বিধি ব্যৱহাৰ কৰা মানুহ কমেই পোৱা যায়। যি ধন উপাৰ্জন কৰোতে ৰাইজ ধ্বংস হয় সেই ধন অনাৱশ্যকীয়। আজি যি জনে ক্ৰোড়পতি ডাঙৰ ডাঙৰ আৰু অনীতিপূৰ্ণ সংগ্ৰামৰ কাৰণ তেওঁলোকো। বৰ্ত্তমান যুগৰ অধিকাংশ যুদ্ধৰ মূল কাৰণ ধনৰ লোভেই দেখা যায়।

[ ৩৯ ]  মানুহে এইটোকে কৈ দেখুৱায় যে আনক শুধৰােৱা, জ্ঞান দিয়া অসম্ভৱ, এই বাবে যেনে ইচ্ছা সেই ৰকমে থকা আৰু ধন উপাৰ্জ্জন কৰা উচিত। এই ৰকমে যি জনে কয় তেওঁ নিজে নীতি পালন নকৰে। কিয়নাে যি মানুহে নীতি পালন কৰে আৰু লােভত পৰে তেওঁ প্রথমে নিজৰ মন স্থিৰ ৰাখে। তেওঁ নিজে সৎ মাৰ্গৰ পৰা বিচলিত নহয় আৰু নিজৰ কৰ্ম্মৰ দ্বাৰা আনৰ ওপৰত প্ৰভাৱ পেলায়। যি সকলৰ দ্বাৰা সমাজৰ সৃষ্টি হয় তেওঁলােকে নিজে নৈতিক নিয়ম পালন নকৰিলে সেই সমাজ কেনেকৈ নীতি পৰায়ণ হব? মই নিজে ইচ্ছামতে আচৰণ কৰিম আৰু প্রতিবাসীৰ দুৰ্নীতিৰ কাৰণে তেওঁৰ ভুল ধৰিম তেন্তে ইয়াৰ পৰিণাম কেনেকৈ ভাল হব পাৰে?

 এই ৰকমে বিচাৰ কৰিলে আমি দেখিম যে ধন সাধন মাত্র, ইয়াৰ দ্বাৰা সুখ বা দুখ দুয়াে বিধ হব পাৰে। যদি ভাল মানুহৰ হাতত পৰে তেন্তে তাৰ দ্বাৰা খেতি হয়, অন্ন উৎপন্ন হয়। খেতিয়কে নির্দ্দোষ মজুৰি কৰি সন্তোষ লাভ কৰে আৰু ৰাষ্ট্ৰ সুখী হয়। বেয়া মানুহৰ হাতত পৰি ইয়াৰ দ্বাৰা (ধৰি লওক) গোলা বাৰুদ তৈয়াৰ হয়; মানুহৰ সৰ্ব্বনাশ সাধিত হয়। যি গােলা বাৰুদ তৈয়াৰ কৰে আৰু যাৰ ওপৰত তাক ব্যৱহাৰ কৰা হয় দুয়ো ৰাষ্ট্ৰই কেৱল দুখ হে পায়।

[ ৪০ ]  এই ৰকমে আমি দেখো যে সৎ মানুহেই প্রকৃত ধন। যি দেশত নীতি আছে সেই দেশ ধনী। ভােগ বিলাসৰ কাৰণেই ইহকাল নহয়। প্রত্যেক মানুহেই যিখিনি পাৰে কাম কৰা উচিত। আমি আগৰ উদাহৰণত দেখিছো যে য’ত এজন মানুহ অলস থাকে তাত আন এজন মানুহে দুগুণ খাটিব লগা হয়। ইংলণ্ডত যি বেকাৰৰ সৃষ্টি হৈছে তাৰ এয়ে কাৰণ। কত লােকৰ হাতত টকা থকা স্বত্তেও কোনাে উপযুক্ত কাম নকৰে। সেই বাবে তেওঁলোকৰ কাৰণে আনে মজুৰি খাটিব লগা হয়। আৰু এই মজুৰি যথোপযুক্ত নহয় কাৰণে কাম কৰোতা সকলৰ লাভ নহয় । এনে অৱস্থাত ৰাষ্ট্ৰৰ পুঁজি ঘাটি পৰে। এই বাবে ওপৰে ওপৰে যদিও এয়ে বুজা যায় যে মানুহৰ কাজ মিলে, কিন্তু ভিতৰত অনুসন্ধান কৰিলে দেখা যায় যে অনেক লােক বেকাৰ হৈ বহি ৰয়। পিচত দ্বেষ ভাৱ উৎপন্ন হয়। অসন্তোষৰ বীজ জন্মে, আৰু শেষত ধনী-গৰীব, মালিক-মজুৰ দুয়ো নিজৰ মৰ্য্যাদা ত্যাগ কৰে। যি ৰকমে মেকুৰী আৰু ইন্দুৰৰ সদায় কাজিয়া, সেই ৰকমে ধনী আৰু গৰীব, মালিক আৰু মজুৰৰ মাজত মনােমালিন্য হৈ যায় আৰু মানুহে মনুষ্যত্ব ত্যাগ কৰি পশুৰ অৱস্থাত গৈ পৰে।

[ ৪১ ]
 

উপসংহাৰ—

 মহামতি ৰাস্কিনৰ প্ৰবন্ধৰ মৰ্ম্ম মই শেষ কৰিলো। এই লিখা যদিও পাঠকসকলৰ মনত একেবাৰে নীৰস যেন লাগিব, তথাপি যিসকলে ইয়াক এবাৰ পঢ়ে, তেওঁলোকক মই দুবাৰ পঢ়িবলৈ অনুৰোধ কৰো। “ইণ্ডিয়ান ওপিনিয়ন”ৰ[১] সকলো পাঠকে ইয়াৰ বিচাৰ কৰি এনে ধৰণে আচৰণ কৰিব বুলি আশা কৰাটো বৰ ডাঙ্গৰ অভিলাষৰ কথা হব। কিন্তু যদি কম পাঠকেও ইয়াক অধ্যয়ন কৰি ইয়াৰ সাৰ গ্ৰহণ কৰে তেন্তে মই নিজৰ পৰিশ্ৰম সফল মানিম। এনে নহলেও ৰাস্কিনৰ শেষ পৰিচ্ছেদ অনুসৰি মই নিজৰ যি কাজ কৰি গৈছো তাতেই সুফল পাইছো, সেইবাবে মই সদায় সন্তোষ লাভ কৰা উচিত।

 ৰাস্কিনে যি কথা নিজৰ ভাইসকলৰ—ইংৰাজৰ কাৰণে লিখিছে সি ইংৰাজৰ কাৰণে যদি একবাৰ খাটে তেন্তে ভাৰতবাসীৰ কাৰণে সেইটো হাজাৰ বাৰ খাটে। [ ৪২ ] ভাৰতবৰ্ষত নতুন ধৰণৰ সংস্কাৰ আৰম্ভ হৈছে। আজি কালি পাশ্চাত্য শিক্ষা প্ৰাপ্ত যুবকৰ গাত উদ্যম দেখা দিছে এই কথা ঠিক, কিন্তু এই উদ্যমৰ সৎ ব্যৱহাৰ হলে ভাল আৰু বেয়া ব্যৱহাৰ হলে বেয়া পৰিণাম হব। এক ফালৰ পৰা এই কথা আহিছে যে স্বৰাজ লাভ কৰিব লাগে, আৰু আন ফালৰ পৰা এই কথা আহিছে যে ইংলণ্ডৰ নিচিনা কল কাৰখানা খুলি বেগাই ধন উপাৰ্জ্জন কৰিব লাগে।

 স্বৰাজ কি তাক স্বভাবতঃ আমি ঠিক নুবুজো। নেটালৰ স্বৰাজ্য আছে, কিন্তু নেটালত যি হৈ আছে আমিও যদি তাকে কৰিব খুজো তেন্তে তেনে স্বৰাজ্য নৰক ৰাজ্যহে হব। নেটালবাসীয়ে কাফ্ৰিসকলক দলিত কৰে, ভাৰতীয়সকলৰ প্ৰাণ হৰণ কৰে। স্বাৰ্থান্ধ হৈ স্বাৰ্থৰাজ্য ভোগ কৰে। যদি কাফ্ৰি আৰু ভাৰতীয় সকল নেটালৰ পৰা গুচি যায় তেন্তে এওঁলোকে নিজক নিজে কাটা কাটি কৰি মৰিব।

 তেনেহলে কি ট্ৰান্সভালৰ নিচিনা স্বৰাজ লাগে? জেনেৰেল স্মাট্‌স্ ইয়াৰ নায়কসকলৰ এজন। এওঁ নিজে লিখি দিয়া কথা পালন নকৰে। কয় এক আৰু কৰে অন্য এক। ইংৰাজসকলে তেওঁক ভয় কৰে তেওঁ খৰছ বচোৱাৰ ছলেৰে ইংৰাজ, সৈনিকৰ ভাত মাৰি তেওঁলোকৰ পৰিবৰ্ত্তে ডচ্ চিপাহী ৰাখিছে। [ ৪৩ ] আমি এইটো নামানো যে ইয়াৰ পৰা শেষত ডচ্ সকল সুখী হব। যি মানুহে স্বাৰ্থৰ ওপৰত দৃষ্টি ৰাখে তেওঁ অন্য ৰাইজক লুট কৰি পিচত নিজৰ প্ৰজাক লুট কৰিবলৈ সহজেই তৈয়াৰ হৈ থাকে।

 পৃথিবীৰ সকলো ফালে চাই আমি দেখো যে যাক স্বৰাজ্য বোলা যায় সি জনতাৰ সুখ আৰু উন্নতিৰ কাৰণে যথেষ্ট নহয়। এটা সৰল উদাহৰণ লৈ আমি এই কথা সহজে বুজিব পাৰো। লুটাৰুৰ দলত স্বৰাজ্য হলে কি ফল হব তাক সকলোৱে জানে। তেওঁলোকক আন কোনেও লুটিব নোৱাৰিব এনেকুৱা অধিকাৰ যেতিয়া তেওঁলোকে লোকৰ ওপৰত খটাব পাৰিব তেতিয়া তেওঁলোক সুখী হব। আমেৰিকা, ফ্ৰান্স, ইংলণ্ড আদি ডাঙ্গৰ ডাঙ্গৰ ৰাজ্য, কিন্তু তেওঁলোক যে যথাৰ্থ সুখী সেইটো মানাৰ কোনো কাৰণ নাই।

 স্বৰাজ্যৰ প্ৰকৃত অৰ্থ হৈছে নিজৰ ওপৰত অধিকাৰ ৰক্ষা কৰা। এইটো সেই মানুহেই কৰিব পাৰে যি নিজে নীতি নিয়ম পালন কৰে, আনক নঠগায়, মাক বাপেক, স্ত্ৰী-পুত্ৰ, চাকৰ, ওচৰ চুবুৰীয়া সকলোৰে প্ৰতি নিজ কৰ্ত্তব্য পালন কৰে। এনে মানুহে লাগে যি কোনো ঠাইতে থাকক তেওঁ ৰাজ্য ভোগ কৰে। যি ৰাষ্ট্ৰত এনে মানুহৰ সংখ্যা অধিক সেই দেশতে স্বৰাজ্য আছে বুলি বুজিব লাগে।

[ ৪৪ ]  এখন দেশে আন এক দেশ শাসণ কৰাটো সাধাৰণতঃ বেয়া বুলি কোৱা হয়। ইংৰাজসকলে আমাৰ ওপৰত ৰাজত্ব কৰাটো অন্যায় কথা। কিন্তু এইটো মানিব নালাগে যে ইংৰাজে ভাৰত এৰি গ’লেই কোনো বৰ ডাঙ্গৰ কাজ কৰা হ’ল। আমাৰ ওপৰত এওঁলোকে ৰাজত্ব কৰাৰ কাৰণ আমি নিজে। আমাৰ মিথ্যাচাৰণ, আমাৰ অনীতি আৰু আমাৰ অজ্ঞানতা ইয়াৰ কাৰণ। এই তিনিটা দূৰ হলে আমি এটা আঙুলিও উঠাব নালাগিব আৰু ইংৰাজসকলে ভাৰতৰ পৰা চুপ চাপ গুচি যাব। এই তিনিটা নোহোৱা হলে আমি প্ৰকৃত স্বৰাজ্য ভোগ কৰিব পাৰিম।

 বোমা মাৰা কথাত বহুতে সুখী হোৱা দেখা যায়। ই কেবল অজ্ঞান আৰু অবুজৰ চিনাকি মাত্ৰ। যদি সকলো ইংৰাজকে মাৰি পেলাব পৰা যায় তেন্তে তেওঁ লোকক হত্যা কৰোতা সকলেই ভাৰতবৰ্ষৰ মালিক হব। অৰ্থাৎ ভাৰত অনাথ হৈ ৰব। ইংৰাজক নাশ কৰা বোমা ইংৰাজ গুচি গলে ভাৰতীয়ৰ ওপৰতে বৰষিব। ফ্ৰান্সৰ প্ৰজাতন্ত্ৰৰ অধ্যক্ষ-ৰাষ্ট্ৰপতিক ফ্ৰান্সৰ মানুহেই হত্যা কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ক্লিভলেণ্ডক আমেৰিকাবাসীয়েই হত্যা কৰিছে। সেইবাবে আমি আনক অনুসৰণ কৰি বিনা বিচাৰে পাশ্চাত্য ৰাষ্ট্ৰৰ অন্ধ অনুকৰণ কৰা কেতিয়াও উচিত নহয়।

[ ৪৫ ]  যি ৰকমে পাপ কৰ্ম্ম কৰি—ইংৰাজক মাৰি প্ৰকৃত স্বৰাজ্য পোৱা নাযায়, সেই ৰকমে ভাৰতবৰ্ষত কাৰখানা খুলি স্বৰাজ্য পোৱা নাযায়। ৰাস্কিনে এই কথাটো স্পষ্ট কৰি দেখুৱাইছে যে সোণা ৰূপা একত্ৰ কৰিলেই কোনো ৰাজ্য পোৱা নাযায়। এইটো মনত ৰাখিব লাগিব যে পশ্চিমৰ সভ্যতাৰ মাত্ৰ একশ বছৰ হৈছে, যথাৰ্থ কব গলে পঞ্চাচ বছৰ ধৰা যায়। ইয়াৰ ভিতৰতে পশ্চিমৰ ৰাইজৰ বৰ্ণ-শঙ্কৰ হোৱাৰ নিচিনা হৈছে। আমাৰ প্ৰাৰ্থনা এয়ে যে য়ুৰোপত যি অৱস্থা হৈছে ভাৰতবৰ্ষত যেন সেই অৱস্থা কেতিয়াও নহয়। য়ুৰোপৰ এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক হেঁচি ধৰি আছে। কেৱল নিজে তৈয়াৰ হোৱাৰ কাৰণেই শান্ত দেখুৱাই আছে। যদি কোনো সময়ত কাজিয়াৰ জুই লাগে তেন্তে য়ুৰোপত নৰক জ্বলিব। য়ুৰোপৰ প্ৰত্যেক ৰাজ্যই ক’লা মনুহক নিজৰ ভক্ষ্য বুলি ভাবে। তাত কেৱল ধনৰ লোভ হে আছে , এনে অৱস্থাত তাত আন কি হব পাৰে? যদি এওঁলোকে কোনো এক দেশ দেখে তেন্তে চিলা আৰু কাউৰীয়ে মাংস দেখিলে যেনেকৈ থাপ মাৰে তেনেকৈ সেই দেশৰ ওপৰত থাপ মাৰি পৰে। এওঁলোকে নিজৰ কাৰখানাৰ বাবে এনে কৰে , এইটো ভাবাৰ কাৰণ আছে।

 শেষত ভাৰতে স্বৰাজ্য পাওঁক এইটো সকলো [ ৪৬ ] ভাৰতবাসীয়ে কয়, আৰু এইটো উচিত। কিন্তু এই স্বৰাজ নীতি পথ দিয়ে আমি লাভ কৰিব লাগিব, ই কেৱল নামৰ নহয় বাস্তবিক স্বৰাজ্য হোৱা উচিত। এনে স্বৰাজ হত্যাকাৰীৰ দ্বাৰা বা কাৰখানাৰ দ্বাৰা পোৱা নাযাব। ইয়াৰ কাৰণে উদ্যোগৰ আৱশ্যক, কিন্তু সেই উদ্যোগ সত্য পথেৰে হব লাগিব। ভাৰতভূমি এসময়ত স্বৰ্ণভূমি আছিল, তাৰ কাৰণ ভাৰতবাসী সকলেই সোণাৰ নিচিনা আছিল। মাটি তো একেই আছে কিন্তু মানুহ বদলি হৈছে। এই বাবে মাটি উজাৰ হৈ গৈছে। ইয়াক পুনঃ সুবৰ্ণময় কৰিবৰ কাৰণে আমি সৎ গুণৰ দ্বাৰা সোণাৰ নিচিনা হব লাগিব। এই সোণা কৰা পৰশ মণি দুটা আখৰত অন্তৰ্নিহিত আছে আৰু সেয়ে হৈছে “সত্য”। এই বাবে প্ৰত্যক ভাৰতবাসীয়ে যদি সত্যৰ প্ৰতি আগ্ৰহ কৰে তেন্তে ভাৰতবৰ্ষই ঘৰত বহি স্বৰাজ পাব।

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. এই নামৰ গুজৰাটী ইংৰাজী সাপ্তাহিক পত্ৰিকা মহাত্মাজীৰ দ্বাৰা দক্ষিণ আফ্ৰিকাত থকা কালত দৰবনৰ পৰা প্ৰকাশ কৰা হৈছিল। এতিয়াও ই প্ৰকাশিত হৈ আছে।