পৃষ্ঠা:Sarboday.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উপসংহাৰ—

 মহামতি ৰাস্কিনৰ প্ৰবন্ধৰ মৰ্ম্ম মই শেষ কৰিলো। এই লিখা যদিও পাঠকসকলৰ মনত একেবাৰে নীৰস যেন লাগিব, তথাপি যিসকলে ইয়াক এবাৰ পঢ়ে, তেওঁলোকক মই দুবাৰ পঢ়িবলৈ অনুৰোধ কৰো। “ইণ্ডিয়ান ওপিনিয়ন”ৰ[১] সকলো পাঠকে ইয়াৰ বিচাৰ কৰি এনে ধৰণে আচৰণ কৰিব বুলি আশা কৰাটো বৰ ডাঙ্গৰ অভিলাষৰ কথা হব। কিন্তু যদি কম পাঠকেও ইয়াক অধ্যয়ন কৰি ইয়াৰ সাৰ গ্ৰহণ কৰে তেন্তে মই নিজৰ পৰিশ্ৰম সফল মানিম। এনে নহলেও ৰাস্কিনৰ শেষ পৰিচ্ছেদ অনুসৰি মই নিজৰ যি কাজ কৰি গৈছো তাতেই সুফল পাইছো, সেইবাবে মই সদায় সন্তোষ লাভ কৰা উচিত।

 ৰাস্কিনে যি কথা নিজৰ ভাইসকলৰ—ইংৰাজৰ কাৰণে লিখিছে সি ইংৰাজৰ কাৰণে যদি একবাৰ খাটে তেন্তে ভাৰতবাসীৰ কাৰণে সেইটো হাজাৰ বাৰ খাটে।

  1. এই নামৰ গুজৰাটী ইংৰাজী সাপ্তাহিক পত্ৰিকা মহাত্মাজীৰ দ্বাৰা দক্ষিণ আফ্ৰিকাত থকা কালত দৰবনৰ পৰা প্ৰকাশ কৰা হৈছিল। এতিয়াও ই প্ৰকাশিত হৈ আছে।