পৃষ্ঠা:Sarboday.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সৰ্ব্বোদয়।


বেপাৰীয়ে সোনকালে ধনী হব পাৰে। বেপাৰত ৰীতিও এনে হৈ পৰিছে যে কিনোতাই যিমান পাৰে কম দাম দি কিনিব আৰু বেপাৰীয়ে যেনেকৈয়ে হওক যিমান পাৰে বেচি দাম আদায় কৰি লব আৰু এই বাবে মানুহে, বেপাৰীৰ বেইমানীৰ কাৰণে এওঁলোকক নীচ ভাৱে দেখে | এই প্ৰথাৰ বদল কৰা আৱশ্যক। এইটো কোনো নীতি নিয়ম নহয় যে বেপাৰীয়ে নিজৰ স্বাৰ্থৰহে সাধনা কৰিব - ধন গোটাবহে লাগে। এই ৰকম বেপাৰক বেপাৰ নুবুলি চুৰি কৰাহে বোলা যায়। চিপাহীয়ে যি ৰকমে দেশৰ কাৰণে জীৱন দিয়ে সেই ৰকমে বেপাৰীয়ে ৰাইজৰ সুখৰ কাৰণে ধন খৰছ কৰা উচিত, প্ৰাণ বলি দিয়াও কৰ্ত্তব্য।

প্ৰত্যেক ৰাজ্যতে—

ৰাইজক ৰক্ষা কৰা কাম চিপাহীৰ।
সিসৱক শিক্ষা দিয়া কৰ্ত্তব্য পাদ্ৰীৰ।
বৈদ্যই কৰিব সদা স্বাস্থ্যৰ বিধান।
উকিলে কৰিব ৰাইজক ন্যায় দান।
বৈশ্যই ধৰিব যত বস্তুৰ যোগান।

 এই সকল লোকৰ কৰ্ত্তব্যৰ সময় আহিলে প্ৰাণো দিয়া উচিত। অৰ্থাৎ —

 খোজ পিছুৱাই নানি চিপাহীয়ে নিজৰ ঠাইত ঠিয় হৈ মৃত্যু বৰণ কৰা উচিত।

 মহামাৰীৰ সময়ত নিজে সেই ৰোগত পৰাৰ ভয় থাকিলেয় চিকিৎসকে নপলাই ৰোগীৰ চিকিৎসা কৰা কৰ্ত্তব্য;

 সত্য শিক্ষা দিব যাওতে লোকে মাৰি পেলালেও অসত্যৰ পৰিৱৰ্ত্তে সত্য শিক্ষা দিয়াই পাদ্ৰীৰ কৰ্ত্তব্য।

 ন্যায়ৰ কাৰণে যদি মৰিবও লাগে তথাপি ন্যায়ৰ ববে চেষ্টা কৰা উকিলৰ কাম।