পৃষ্ঠা:Sarboday.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
যথার্থ্য ন্যায়

 মানুহে এইটোকে কৈ দেখুৱায় যে আনক শুধৰােৱা, জ্ঞান দিয়া অসম্ভৱ, এই বাবে যেনে ইচ্ছা সেই ৰকমে থকা আৰু ধন উপাৰ্জ্জন কৰা উচিত। এই ৰকমে যি জনে কয় তেওঁ নিজে নীতি পালন নকৰে। কিয়নাে যি মানুহে নীতি পালন কৰে আৰু লােভত পৰে তেওঁ প্রথমে নিজৰ মন স্থিৰ ৰাখে। তেওঁ নিজে সৎ মাৰ্গৰ পৰা বিচলিত নহয় আৰু নিজৰ কৰ্ম্মৰ দ্বাৰা আনৰ ওপৰত প্ৰভাৱ পেলায়। যি সকলৰ দ্বাৰা সমাজৰ সৃষ্টি হয় তেওঁলােকে নিজে নৈতিক নিয়ম পালন নকৰিলে সেই সমাজ কেনেকৈ নীতি পৰায়ণ হব? মই নিজে ইচ্ছামতে আচৰণ কৰিম আৰু প্রতিবাসীৰ দুৰ্নীতিৰ কাৰণে তেওঁৰ ভুল ধৰিম তেন্তে ইয়াৰ পৰিণাম কেনেকৈ ভাল হব পাৰে?

 এই ৰকমে বিচাৰ কৰিলে আমি দেখিম যে ধন সাধন মাত্র, ইয়াৰ দ্বাৰা সুখ বা দুখ দুয়াে বিধ হব পাৰে। যদি ভাল মানুহৰ হাতত পৰে তেন্তে তাৰ দ্বাৰা খেতি হয়, অন্ন উৎপন্ন হয়। খেতিয়কে নির্দ্দোষ মজুৰি কৰি সন্তোষ লাভ কৰে আৰু ৰাষ্ট্ৰ সুখী হয়। বেয়া মানুহৰ হাতত পৰি ইয়াৰ দ্বাৰা (ধৰি লওক) গোলা বাৰুদ তৈয়াৰ হয়; মানুহৰ সৰ্ব্বনাশ সাধিত হয়। যি গােলা বাৰুদ তৈয়াৰ কৰে আৰু যাৰ ওপৰত তাক ব্যৱহাৰ কৰা হয় দুয়ো ৰাষ্ট্ৰই কেৱল দুখ হে পায়।