পৃষ্ঠা:Sarboday.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বান্ধ দিয়া নদীৰ নিচিনা সি সুখপ্ৰদ হৈ উঠে।

 অৰ্থশাস্ত্ৰীয়ে ধনৰ গতি নিয়ন্ত্ৰণ কৰা নিয়ম একে বাৰে পাহৰি গৈছে। এওঁলোকৰ শাস্ত্ৰ কেৱল ধন লাভ কৰাৰ শাস্ত্ৰ। কিন্তু ধন তো অনেক প্ৰকাৰে সংগ্ৰহ কৰিব পাৰি। এনে এক কাল আছিল যেতিয়া ইউৰোপত ধনীক বিহ খুৱাই মাৰি লোকে তেওঁৰ ধনেৰে নিজে ধনী হৈছিল। আজি কালি গৰীবলোকৰ কাৰণে যি খাদ্য তৈয়াৰ কৰা হয় তাত বেপাৰীয়ে ভেজাল দিয়ে। যেনে দুধত সুৱাগা, আটাত আলু, কফিত এক প্ৰকাৰৰ ভেজাল, মাখনত চৰ্ব্বি ইত্যাদি। ইও বিহ খুৱাই ধনী হোৱাৰ সমান। ইয়াকেই আমি ধনবান হোৱাৰ কলা বা বিজ্ঞান বুলিব পাৰে নে?

 কিন্তু এইটো নুবুজিব যে অৰ্থশাস্ত্ৰীয়ে ঠিক লুট কৰি ধনী হোৱাৰ কথা কয়। তেওঁলোকৰ ফালৰ পৰা ইয়াকেই কোৱা হয় যে তেওঁলোকৰ শাস্ত্ৰ আইন সঙ্গত আৰু ন্যায় যুক্ত উপায়েৰে ধনবান হোয়াৰ শাস্ত্ৰ। কিন্তু আজি কালিৰ দিনত এইটো দেখা যায় যে বহু কথা আইনসঙ্গত হলেও ন্যায় যুক্তিত বিপৰীত হয়। এই বাবে ন্যায় পূৰ্ব্বক ধন উপাৰ্জ্জন কৰাকেই প্ৰকৃত পথ বুলি কব পাৰি। আৰু যদি ন্যায়ৰ পথেদি ধন উপাৰ্জ্জন কৰাটোই ঠিক হয় তেন্তে ন্যায় অন্যায়ৰ বিচাৰ বুদ্ধি উৎপন্ন কৰাটো মানুহৰ প্ৰথম কাম। কেবল লেনদেনৰ ব্যৱসায়িক নিয়মৰ দ্বাৰা