পৃষ্ঠা:Sarboday.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সৰ্ব্বোদয়

প্ৰস্তাবনা।

 পশ্চিমৰ দেশবোৰত সাধাৰণতে এইটো মানি লোৱা হয় যে অধিকাংশ মানুহৰ সুখ— এওঁলোকৰ অভ্যুদয় বঢ়োৱা মানুহৰ কৰ্ত্তব্য। সুখৰ অৰ্থ কেৱল শাৰীৰিক সুখ, টকা পইচাৰ সুখ বুলি ধৰা হয়। এই সুখ লাভৰ কাৰণে নীতিৰ নিয়ম ভঙ্গ হলে তাৰ বাবে এওঁলোকে একো নাভাবে। এই ৰকমে অধিকাংশ মানুহৰ সুখ দিয়াটোই উদ্দেশ্য কৰি লোৱা কাৰণে কম সংখ্যক মানুহক দুখত পেলাই বেচি মানুহক সুখ দিয়াত কোনো দোষ হয় বুলি পশ্চিমৰ মানুহে নামানে।পশ্চিমৰ সকলো দেশবোৰত আমি ইয়াৰ ফল দেখা পাইছো।

 কিন্তু পশ্চিমৰ কিছুমান বিবেচক জ্ঞানীলোক কয় যে কেৱল অধিকাংশ মানুহৰ শাৰীৰিক আৰু আৰ্থিক সুখৰ কাৰণে যত্ন কৰা ঈশ্বৰৰ নিয়ম নহয়, আৰু কেৱল ইয়াৰ বাবেই যত্ন কৰোতে নৈতিক নিয়ম ভঙ্গ কৰা ঈশ্বৰৰ নিয়ম বিৰুদ্ধ। এনেকুৱা মানুহৰ ভিতৰত স্বৰ্গীয় জন ৰাস্কিন মুখ্য আছিল। এওঁ ইংৰাজ আছিল আৰু বৰ বিদ্বান আছিল। এওঁ কলা, চিত্ৰকলা আদি বিষয়ে অনেক উত্তম কিতাপ লিখে। নীতিৰ বিষয়েও এওঁ বহুত লিখিছিল। তাৰেই ভিতৰত সৰু কিতাপ এখন হৈছে “আন্টু দিচ্ লাষ্ট”। তেওঁ এইখনেই নিজৰ লিখাৰ ভিতৰত শ্ৰেষ্ঠ কিতাপ বুলি মানিছিল। যি যি ঠাইত ইংৰাজী ভাষা চলে সেইবোৰ ঠাইত এই কিতাপৰ বহুল প্ৰচাৰ হয়। এই কিতাপ