পৃষ্ঠা:Sarboday.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
সত্যতাৰ মূল

থাকিব তেতিয়া তেওঁ খুব কম দৰমহাতেই কাজ কৰিব। এইটো স্পষ্টকৈ দেখা যায় যে য’ত মালিকে স্থায়ী ৰূপে কৰ্ম্মচাৰী ৰাখে তাত পৰিণামত লাভেই হয়। আৰু যি জনে স্থায়ী চাকৰি কৰে তেওঁৰো লাভেই হয়। এই ৰকম কাৰখানাত বেচি লাভ হব নোৱাৰে আৰু ইয়াত কোনো ডাঙ্গৰ বিপদো হব নোৱাৰে। কোনো ডাঙ্গৰ প্ৰতিস্পৰ্দ্ধাও কৰিব নোৱাৰে। সেনাপতিৰ খাটিৰত চিপাহী মৰিবলৈ তৈয়াৰ সেই বাবে সাধাৰণ মজুৰৰ কামত কৈ সৈনিকৰ কাজ বেচি সম্মানজনক। সত্য দৃষ্টিত সৈনিকৰ কাজ মানুহক হত্যা কৰা নহয়, বৰং আনক ৰক্ষা কৰাৰ বাবে নিজে মৃত্যু বৰণ কৰা। যি চিপাহী হৈছে তেওঁ দেশৰ কাৰণে নিজৰ জীৱন সপি দিছে। উকিল, ডাক্তৰ বা পাদ্ৰী সম্বন্ধেও এই কথা খাটে, এই কাৰণে আমি তেওঁলোকক সাদৰ দৃষ্টিৰে চাওঁ। নিজৰ প্ৰাণ গলেও উকিল ন্যায়-পৰায়ণ হব লাগে। বৈদ্যই অনেক সঙ্কট সহ্য কৰিও ৰোগীৰ চিকিৎসা কৰিব আৰু যি কোনো বিপদ আহিলে পাদ্ৰী বা ধৰ্ম্মোপদেশকে নিজৰ সমুদায় জ্ঞান দিয়াৰ বাবে আৰু সত্য পথ দেখুৱাৰ বাবে কাজ কৰি যাব লাগে।

 যদি ওপৰোক্ত জীৱিকাবাৰত এই কথা খাটে তেন্তে ব্যৱসায় বাণিজ্যত সেইটো নাখাটিব কিয়? ব্যৱসায়ৰ লগত অনীতিৰ নিত্য সম্বন্ধ মানি লোৱাৰ কাৰণ কি? বিচাৰ কৰিলে দেখা যায় যে বেপাৰী সদায় স্বাৰ্থপৰ বুলিয়ে গণ্য কৰা হয়। বেপাৰীৰ কাম জনসাধাৰণৰ কাৰণে আৱশ্যক যদিও নিজৰ ঘৰ ভৰোৱাই ব্যৱসায়ৰ উদ্দেশ্য বুলি ধৰি লোৱা হয়। আইন কানুন এনে দৃষ্টিত তৈয়াৰী যাতে