পৃষ্ঠা:Sarboday.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সৰ্ব্বোদয়।

কোনো এটা নিৰ্দিষ্ট সীমা কৰি দিব নোৱাৰে। তথাপি আমি দেখো যে ইংলণ্ডৰ প্ৰধান মন্ত্ৰী পদ নিলাম কৰি বিক্ৰী কৰা নহয়। যোন মানুহেই নহওক, সকলোকে এই পদত একে দৰমহাকে দিয়া হয়। এই ৰকমে যি মানুহে সকলোতকৈ কম দৰ্ম্মহা লব তাকে আমি পাদৰী (বিশপ্) পদত নবহাওঁ। ডাক্তৰ আৰু উকিলৰ লগতো সাধাৰণতে বেতনৰ কম বেচিৰ সম্বন্ধ ৰখা নহয়। ইয়াতেই দেখা যায় যে ওপৰোক্ত উদাহৰণ বোৰত আমি এক নিৰ্দ্দিষ্ট দৰমহা দিয়ো৷ এই খিনিতে কোনোৱে সুধিব পাৰে ভাল আৰু বেয়া মজুৰৰ কি একে দৰমহা হোৱা উচিত? বাস্তবিকতে এনেকুৱা হোৱাই উচিত। ইয়াৰ ফল এয়ে হব যে যি ৰকমে আমি সকলো চিকিৎসক আৰু উকিলৰ “ফি” একে হোৱাতো ভাল উকিল আৰু ডাক্তৰৰ ওচৰলৈহে যাও সেই ৰকমে সকলো মজুৰৰ মজুৰি একে হলেও আমি ভাল ৰাজমিস্ত্ৰী আৰু বাঢ়ৈৰ পৰা কাম পোৱাতহে আনন্দ বোধ কৰো। ভাল কাৰিকৰৰ পুৰস্কাৰ এয়ে যে এওঁৰ কামৰ বাবে লোকে এওঁক পছন্দ কৰে। এই ৰকমে দৰমহাৰ এটা স্বাভাৱিক আৰু প্ৰকৃত দৰ নিশ্চিত হোৱা উচিত। য’ত আনাড়ী লোকে কম দৰমহা লৈ মালিকক ঠগায় তাত পৰিণাম বেয়াহে হয়।

 এতিয়া দ্বিতীয় প্ৰশ্নৰ বিষয় বিবেচনা কৰা যাওক। এইটো এয়ে যে বেপাৰৰ অৱস্থা যেনেই নহওক, আৰম্ভণিতে কাৰখানাত যিমান মানুহ ৰাখা যায় তেওঁলোকক স্থায়ীভাবে ৰখাই উচিত। য’ত মজুৰৰ কাজৰ স্থায়ীত্ব নাই তাত তেওঁলোকে বেচি দৰমহা খুজিব লগা হয়। কিন্তু যদি কোনো ৰকমে মজুৰৰ বিশ্বাস হয় যে তেওঁৰ কাজ আজীৱন