পৃষ্ঠা:Sarboday.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সৰ্ব্বোদয়

“যত ধনেই পৰমেশ্বৰ তাত আচল ঈশ্বৰক কোনেও পূজা নকৰে।”

 ইংৰাজ জাতি মুখত কয় যে “ধন আৰু ঈশ্বৰৰ পৰম্পৰ বিৰোধ , গৰীবৰ ঘৰত হে ঈশ্বৰ বাস কৰে।” কিন্তু ব্যৱহাৰত তেওঁলোকে ধনক সৰ্ব্বোচ্চ স্থান দিয়ে। নিজৰ ধনীলোক সকলক গণনা কৰি প্ৰজাৰ সুখহোৱা বুলি ভাবে। আৰু অৰ্থ শাস্ত্ৰীয়ে শীঘ্ৰ ধনোপাৰ্জ্জন কৰাৰ নিয়ম তৈয়াৰ কৰে যি শিকি মানুহে ধনবান হব পাৰে। কিন্তু ন্যায় বুদ্ধিৰ শাস্ত্ৰই প্ৰকৃত শাস্ত্ৰ। যি কোনো ৰকমৰ অৱস্থাত কি ৰকমে ন্যায় আচৰণ কৰা যায়, কি ৰকমে নীতি পালন কৰা যায়— যি প্ৰজাই এই শাস্ত্ৰ শিকে তেওঁলোক সুখী হয়। বাকী সকলো বৃথা প্ৰয়াস, “বিনাশ কালত বিপৰীত বুদ্ধি’ৰ সমান। মানুহক যি কোনো উপায়েৰে পইচা উপাৰ্জ্জন কৰাৰ শিক্ষা দিলে তেওঁলোকক বিপৰীত শিক্ষা দিয়াহে হয়

সত্য কি?

 আগৰ তিনি অধ্যায়ত আমি দেখিছো যে, অৰ্থশাস্ত্ৰীয়ে যিটো সাধাৰণ নিয়ম বুলি মানে সেইটো ঠিক নহয়। এই নিয়ম অনুসৰি আচৰণ কৰি ব্যক্তি আৰু সমাজ দুয়ো দুখত পৰে। গৰীব অধিক গৰীব হয়,