পৃষ্ঠা:Sarboday.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সত্যতাৰ মূল।

 মানুহে বহুতো ভুল কৰে, কিন্তু মানুহৰ পাৰস্পৰিক স্নেহ সহানুভূতিৰ বিচাৰ নকৰাকৈ মনুহক এক প্ৰকাৰ যন্ত্ৰ বুলি ধৰি লৈ মানুহৰ ব্যৱহাৰিক নিয়ম গঢ়াতকৈ ডাঙৰ আন কোনো ভুল দেখা নাযায়। এনে ৰকমৰ ভুল আমালোকৰ লজ্জাজনক বুলি কব পাৰি। যেনেকৈ ওপৰে ওপৰে চালে অন্যান্য ভুলৰ মাজত কিছু সত্যতাৰ আভাষ দেখা যায় তেনেকৈ লৌকিক নিয়মৰ বিষয়তো দেখা যায়। লৌকিক নিয়ম সৃজন কৰোতাই কয় যে পাৰস্পৰিক স্নেহ সহানুভূতিতো এক আকস্মিক বস্তু, আৰু এই সহানুভূতিয়ে মানুহৰ সাধাৰণ প্ৰাকৃতিক গতিত বাধা দান কৰে বুলি মানিব লাগে। কিন্তু লোভ আৰু আগ বাঢ়ি যোৱাৰ ইচ্ছা সদায় লগত থকা বৃত্তি। এই কাৰণে আকস্মিক বস্তুৰ পৰা দূৰত থাকি আৰু মানুহক পইচা একত্ৰিত কৰা যন্ত্ৰ মানি লৈ কেৱল এইটোকে বিচাৰ কৰিব লাগে যে কি প্ৰকাৰ শ্ৰম আৰু কি ৰকমৰ লেন-দেন, ৰোজগাৰৰ পৰা মানুহে যিমান পাৰে বেচি ধন একত্ৰ কৰিব পাৰে। এনেকুৱা বিচাৰৰ ওপৰত ব্যৱহাৰিক নীতি নিশ্চিত কৰি লৈ পিচত যিমান সম্ভৱপৰ সিমান পাৰস্পৰিক স্নেহ সহানুভূতি বজায় ৰাখি লৌকিক ব্যাপাৰ চলাব লাগে।

 যদি পাৰস্পৰিক স্নেহ প্ৰীতিৰ বল লেন-দেনৰ নিয়ম যেনে তেনে হল হয় তেন্তে ওপৰৰ কথা ঠিক বুলি কব পৰা গ’ল হয়। মানুহৰ স্নেহ প্ৰীতি তাৰ অন্তৰৰ বল। লেন-দেনৰ কায়দা এক সাংসাৰিক নিয়ম, অৰ্থাৎ দুয়ো এক