পৃষ্ঠা:Sarboday.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
১৯
ধনৰ নিচা

লব পাৰে আৰু সেইটো অন্যায় কথা হব বুলি কোনেও কব নোৱাৰে। এতিয়া যদি কোনো বিদেশী ইয়ালৈ আহে তেন্তে তেওঁ দেখিব যে একজন মানুহ ধনী হৈ গৈছে আৰু আন জন বেমাৰী হৈছে। একজনে আৰাম কৰিছে, আলস্যতে দিন কটাইছে আৰু আন জনে মজুৰি খাটিও কষ্ট কৰি দিন নিৰ্ব্বাহ কৰি আছে। এই উদাহৰণৰ পৰা পাঠকে দেখিব যে দ্বিতীয় মানুহ জনৰ মজুৰি লোৱাৰ ফলত বাস্তৱিক সম্পত্তি কম পৰি গৈছে।

 এতিয়া দ্বিতীয় উদাহৰণ লওক। তিন জন মানুহে মিলি এক ৰাজ্য স্থাপন কৰিলে আৰু তিনিও বেলেগ বেলেগ কৈ থাকিব ধৰিলে। প্ৰত্যেকে বেলেগ বেলেগ কৈ এনে ফচল উৎপন্ন কৰিলে যিবোৰ সকলোৰে কামত আহে। ধৰি লওক যে এওঁলোকৰ এজনে সকলোৰে সময় বচাবৰ কাৰণে এজনৰ মাল আন জনৰ ওচৰত আনি দিয়া কাজ ললে আৰু তাৰ পৰিবৰ্ত্তে অন্নাদি লব স্থিৰ কৰিলে। যদি এই মনুহজনে ঠিক মতে মাল আদান প্ৰদান কৰে তেন্তে সকলোৰে লাভ হব। কিন্তু ধৰি লওক এই মানুহ জনে মাল লেন-দেনৰ সময়ত চুৰি কৰিলে। তাৰ পিচত বৰ অভাৱৰ দিনত এই দালাল জনে চুৰি কৰা শস্য বহু বেচি দামত বিক্ৰি কৰিলে। এই ৰকম কৰি কৰি এই মানুহ জনে দুয়োেজন খেতিয়কক ভিথাৰী কৰে আৰু শেষত তেওঁলোকক নিজৰ মজুৰ বনাই লয়।

 ওপৰৰ উদাহৰণত অন্যায়টো স্পষ্ট দেখা যায়। কিন্তু আজিকালিৰ বেপাৰী এনেকৈয়ে চলিছে। আমি এইটোও দেখিছো যে এই চুৰিৰ ঘটনাৰ পাচত যদি তিনিও জনৰ সম্পত্তি একলগ কৰা যায় তেন্তে দেখা যায় যে, এই তিনিও-