পৃষ্ঠা:Sarboday.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰ্ব্বোদয়

ভিত্তি ন্যায়ৰ ওপৰত, সেই বাবেই মানুহে সময় বুজি নীতি বা অনীতিত থাকি যেনেকৈয়ে নিজৰ কাম চলাব পৰা যায় তেনেকৈয়ে কাজ কৰাৰ ইচ্ছা বা যুক্তি একেবাৰে ত্যাগ কৰিব লাগে। কোন ৰীতিত কাজ কৰিলে ভবিষ্যতে কি ফল হব এইটো সকলো সময়তে কব নোৱাৰি, কিন্তু অমুক কাম ন্যায় সঙ্গত কি ন্যায়বিৰুদ্ধ এইটো আমি প্ৰায় সৰ্ব্বদায় জানিব পাৰো। আমি এইটোও কব পাৰো যে নীতি-পথত চলাৰ ফল ভালেই হব। অৱশ্যে এই ফল কি হব, কেনেকৈ ফলিব এইটো আমি কব নোৱাৰো।

 নীতি-ন্যায়ৰ নিয়মৰ ভিতৰত পৰস্পৰ স্নেহ সহানুভূতিৰ সমাবেশ হয় আৰু এই স্নেহই মালিক আৰু মজুৰৰ সম্বন্ধৰ ভিত্তি। ধৰি লওক মালিকে চাকৰৰ পৰা যিমান পাৰে বেচি কাজ আদায় কৰিব ইচ্ছা কৰে। তেওঁ চাকৰক অলপো কাজৰ ফাঁক নিদিয়ে, কম দৰ্ম্মহা দিয়ে, ঘৰত ভাণ্ডাৰীৰ নিচিনাকৈ ৰাখে। মুঠতে দেহত কোনো ৰকমে প্ৰাণ ৰাখিবলৈ আৱশ্যকীয় খিনিহে প্ৰভুই ভৃত্যক দিয়ে। কোনো মানুহে কব পাৰে যে এনে কৰাত কোনো অন্যায় নাই। নিৰ্দিষ্ট দৰ্ম্মহা লৈ ভৃত্যই তাৰ সমস্ত সময় মালিকক দিয়ে আৰু মালিকে সেইটো কাজত লগায়। কিমান কাজ আদায় কৰিব লাগিব সেইটো মালিকে আনক দেখি স্থিৰ কৰে। কোনো ঠাইত বেচি দৰ্ম্মহা পালে আগৰ চাকৰি এৰি সেই চাকৰি লবৰ নিমিত্তে চাকৰৰ স্বাধীনতা আছে। আৰু লেন-দেন অৰ্থশাস্ত্ৰই তাকেই কৰিব কয়। সেই শাস্ত্ৰই ইয়াকো কৰিব কয় যে এনেকৈ অতি, কম পইচা দি যিমান বেচি কাজ পোৱা যায় তাতেই মালিকৰ লাভ আৰু শেষত মজুৰৰো লাভ আছে।