পৃষ্ঠা:Sarboday.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰ্ব্বোদয়

খনত ওপৰত কোৱা মতবাদ জোৰেৰে খণ্ডন কৰা হৈছে আৰু দেখুওৱা হৈছে যে নৈতিক নিয়ম পালন কৰাতেই মানুহ জাতিৰ কল্যাণ।

 আজি কালি ভাৰতবৰ্ষত আমি পশ্চিমৰ বহু নকল কৰি থাকো। কিছুমান বিষয়ত ইয়াৰ আৱশ্যকতা বুজি পাওঁ। কিন্তু এইটো নিঃসন্দেহ যে পশ্চিমৰ বহুত ৰীতি বেয়া। আৰু এইটো সকলোৱে স্বীকাৰ কৰিব যে যি বেয়া তাৰ পৰা দূৰত থকা উচিত

 দক্ষিণ আফ্রিকাত ভাৰতীয় সকলৰ অৱস্থা বৰ কৰুণাজনক। আমি ধনৰ কাৰণে বিদেশলৈ যাওঁ। সেই ভাবত থাকি নীতি আৰু ঈশ্বৰক ভুলি যাও। ইয়াৰ পৰিণাম এই হয় যে বিদেশত থাকি আমাৰ লাভৰ পৰিৱৰ্ত্তে বহু হানি হয়, বা বিদেশ যাত্ৰাৰ সম্পূর্ণ লাভ নিমিলে। সকলাে ধৰ্ম্মতেই নীতিৰ অংশ তো আছেই, কিন্তু সাধাৰণ বুদ্ধিৰে দেখিলেও নীতি-পালন আৱশ্যক। জন ৰাস্কিনে এইটো সিদ্ধান্ত কৰি গৈছে যে নীতি পালন কৰাতেই সুখ আছে। এওঁ পশ্চিমৰ মানুহৰ চকু খুলি দিছে। আৰু আজি ইউৰােপ আমেৰিকাৰ কত লােকে এওঁৰ শিক্ষা অনুসৰি চলিব ধৰিছে। ভাৰতৰ ৰাইজে এওঁৰ কথাৰ পৰা লাভবান হওক, এই উদ্দেশ্যে মই উক্ত কিতাপৰ ভাৱ ধাৰাৰ এই সাৰাংশ লিখি দিয়াৰ সিদ্ধান্ত কৰো যাতে ইংৰাজী নজনা সকলেও বুজি পাব পাৰে।

 মানুহে কি কৰা উচিত এইটো চক্রেটিছে সংক্ষেপে কৈ গৈছে। এইটো কব পাৰি যে তেওঁ যি কৈছিল ৰাস্কিনে তাকেই বিস্তাৰ কৰি দিছে—ৰাস্কিনৰ বিচাৰ চক্রেটীছৰ বিচাৰৰ বিস্তৃত ৰূপ। চক্রেটিছৰ বিচাৰ অনুযায়ী চলিব খুজোতাই ভিন ভিন ব্যৱসায়ত কেনেকৈ চলা উচিত সেইটো ৰাস্কিনে বৰ ভাল ৰকমে কৈ দিছে। মই তেওঁৰ কিতাপৰ সাৰ লিখি দিলাে মাত্র,