পৃষ্ঠা:Sarboday.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সৰ্ব্বোদয়

এইটো কবলৈ সাহস নকৰিব যে জুই আৰু ভূমিকম্পৰ দুর্ঘটনা জনতাৰ পক্ষে লাভজনক। এই ৰকমে “বেচিতকৈও বেচি দাম বেচিব” এই কথাও ঠিক, কিন্তু বেচি দামী কেনেকৈ হয় ? আজি আপােনাৰ ৰুটিৰ ভাল দাম পালে। কিন্তু আপুনি এই দাম কি কোনো মৰণাসন্ন মানুহৰ শেষ কড়িৰ পৰা লৈছে নাইবা সেই ৰুটি কোনো এনে মহাজনৰ তাত বেচিছে যােনেকালি আপােনাৰ সৰ্ব্বস্ব হৰণ কৰি লব? নাইবা কোনাে চিপাহীৰ তাত এই ৰুট বেচিছে যোনে কালি আপােনাৰ বেঙ্ক লুট কৰিব ? সম্ভবতঃ এই প্রশ্নবােৰৰ এটাৰো উত্তৰ আপুনি এতিয়া দিব নােৱাৰে, কাৰণ ইয়াৰ জ্ঞান আপোনাৰ নাই। কিন্তু আপুনি আপােনাৰ ৰুটি উচিত নীতি অনুযায়ী বেচিছে নে নাই সেইটো আপুনি কব পাৰে। ঠিক ন্যায় যাতে হয় সেইটো চিন্তা কৰাই আৱশ্যক। যাতে আপােনাৰ কামৰ পৰা কাৰো দুখ নহয় এইটো জানা আৰু সেইমতে চলা অপােনাৰ কৰ্ত্তব্য।

 আমি দেখিছো যে লােকৰ পৰা কিমান পৰিশ্ৰম আদায় কৰিব পাৰি তাৰ ওপৰতে ধনৰ মূল্য নির্ভৰ কৰে। যদি বিনা মূল্যে মেহনতি পােৱা যায় তেন্তে পইচাৰ দৰ্কাৰ নহয়। বিনা পইচাই যে লোকৰ মেহনতি পাব পাৰি তাৰ উদাহৰণ পােৱা যায় । আৰু ধন-বলতকৈ নীতি-বলে যে অধিক কাম কৰে তাৰ উদাহৰণ আমি আগতে পাইছো। আমি এইটোও দেখিছাে যে য’ত ধনে কাম কৰিব নােৱাৰে তাত সদ্ গুণে কাম দিয়ে । ইংলণ্ডৰ অনেক ঠাইত ধনৰ দ্বাৰা লােকক ভুলাব নোৱাৰি।

 যদি আমি এইটো মানি লও যে মানুহৰ পৰা কাম আদায় কৰাৰ শক্তিই ধন, তেন্তে আমি এইটোও দেখিম