পৃষ্ঠা:Sarboday.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
সৰ্ব্বোদয়

ভাৰতবৰ্ষত নতুন ধৰণৰ সংস্কাৰ আৰম্ভ হৈছে। আজি কালি পাশ্চাত্য শিক্ষা প্ৰাপ্ত যুবকৰ গাত উদ্যম দেখা দিছে এই কথা ঠিক, কিন্তু এই উদ্যমৰ সৎ ব্যৱহাৰ হলে ভাল আৰু বেয়া ব্যৱহাৰ হলে বেয়া পৰিণাম হব। এক ফালৰ পৰা এই কথা আহিছে যে স্বৰাজ লাভ কৰিব লাগে, আৰু আন ফালৰ পৰা এই কথা আহিছে যে ইংলণ্ডৰ নিচিনা কল কাৰখানা খুলি বেগাই ধন উপাৰ্জ্জন কৰিব লাগে।

 স্বৰাজ কি তাক স্বভাবতঃ আমি ঠিক নুবুজো। নেটালৰ স্বৰাজ্য আছে, কিন্তু নেটালত যি হৈ আছে আমিও যদি তাকে কৰিব খুজো তেন্তে তেনে স্বৰাজ্য নৰক ৰাজ্যহে হব। নেটালবাসীয়ে কাফ্ৰিসকলক দলিত কৰে, ভাৰতীয়সকলৰ প্ৰাণ হৰণ কৰে। স্বাৰ্থান্ধ হৈ স্বাৰ্থৰাজ্য ভোগ কৰে। যদি কাফ্ৰি আৰু ভাৰতীয় সকল নেটালৰ পৰা গুচি যায় তেন্তে এওঁলোকে নিজক নিজে কাটা কাটি কৰি মৰিব।

 তেনেহলে কি ট্ৰান্সভালৰ নিচিনা স্বৰাজ লাগে? জেনেৰেল স্মাট্‌স্ ইয়াৰ নায়কসকলৰ এজন। এওঁ নিজে লিখি দিয়া কথা পালন নকৰে। কয় এক আৰু কৰে অন্য এক। ইংৰাজসকলে তেওঁক ভয় কৰে তেওঁ খৰছ বচোৱাৰ ছলেৰে ইংৰাজ, সৈনিকৰ ভাত মাৰি তেওঁলোকৰ পৰিবৰ্ত্তে ডচ্ চিপাহী ৰাখিছে।