পৃষ্ঠা:Sarboday.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
সৰ্ব্বোদয়

ইংৰাজ জাতি আজিলৈকে টিকি আছে, ইয়াৰ কাৰণ এই নহয় যে এওঁলোকে অৰ্থশাস্ত্ৰৰ নিয়ম অনুসৰণ কৰি থাকে, বৰং এয়ে যে কিছুমান মানুহ অৰ্থশাস্ত্ৰৰ নিয়ম ভঙ্গ কৰি ওপৰোক্ত নৈতিক নীতিনিয়ম পালন কৰি থাকে। আৰু এই কাৰণেই এওঁলোকে আজিলৈকে অস্তিত্ব ৰক্ষা কৰি আছে। এই নীতি নিয়ম ভঙ্গ কৰাৰ পৰা কি হানি হয় আৰু সমাজ তাৰ পৰা কেনেকৈ পিছ হুহকি যাব লগা হয় তাৰ বিচাৰ আগলৈ কৰিম।

 আমি সত্যতাৰ মূল সম্বন্ধে আগতে কৈছিলো। কোনো অৰ্থশাস্ত্ৰীয়ে এই ৰকমে উত্তৰ দিব পাৰে “এইটো ঠিক যে পাৰস্পৰিক স্নেহ সহানুভূতিৰ পৰা কিছু লাভ হয়, কিন্তু অৰ্থশাস্ত্ৰী এই ৰকমৰ লাভৰ হিচাব নকৰে। এওঁলোকে যি শাস্ত্ৰ বিবেচনা কৰে সেই শাস্ত্ৰই কেবল কি উপায়ে ধনী হব পৰা যায় তাকেহে বিচাৰ কৰে। আৰু এই শাস্ত্ৰ যে ভূল নহয় বৰং এইটোৱে অভিজ্ঞতা দ্বাৰা প্ৰমাণিত হয়। যি সকলে এই অৰ্থশাস্ত্ৰ অনুসৰি চলে তেওঁলোক নিশ্চয় ধনবান হয়, আৰু যি এই শাস্ত্ৰমতে নচলে তেওঁ কাঙ্গাল হৈ যায়। য়ুৰোপৰ সকলো ধনীয়ে এই শাস্ত্ৰ অনুসৰি চলি বহু ধন সংগ্ৰহ কৰে। ইয়াৰ বিপৰীত যুক্তি উপস্থিত কৰা বৃথা। কি প্ৰকাৰে অৰ্থ আহে আৰু কি ৰকমে যায় সেইটো প্ৰত্যেক অভিজ্ঞই জানে।”

 কিন্তু এই উত্তৰ ঠিক নহয়। বেপাৰীয়ে টকা উপাৰ্জ্জন কৰে, কিন্তু তেওঁ সেইটো সদুপায়ে না অসদুপায়ে উপৰ্জ্জন কৰিছে তাৰ পৰা ৰাষ্ট্ৰৰ কিবা ভাল হল নে নাই এই কথা তেওঁ জানিব নোৱাৰে। “ধনবান ”শব্দৰ অৰ্থকে তেওঁলাকে অনেক সময়ত বুজি নাপায়। তেওঁ এই কথা নাজানে যে যত ধনী আছে তাত গৰীবো আছে। কতবাৰ মানুহে ভুল কৰি এইটো মানি লয় যে কোনো নিৰ্দ্দিষ্ট