পৃষ্ঠা:Sarboday.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সত্যতাৰ মূল।

 বিচাৰ কৰি চালে দেখা যায় যে কথাটো ঠিক নহয়। মজুৰ যদি এটা যন্ত্ৰ মাত্ৰ হল হয় আৰু তাক চলাবৰ নিমিত্তে কোনে বিশেষ প্ৰকাৰৰ শক্তিৰ আৱশ্যক হল হয় তেন্তে এই হিচাব ঠিক খাটিল হয়। কিন্তু ইয়াত মজুৰক যিহে চলায় সেই শক্তি হৈছে আত্মা। আৰু আত্মাৰ বলে অৰ্থশাস্ত্ৰৰ সকলো নিয়মকে অগ্ৰাহ্য কৰে আৰু সেইবোৰ ভুল প্ৰতিপন্ন কৰে। মানুহ-ৰূপী যন্ত্ৰত ধন-ৰূপী কয়লা দিলেই বেচি কাজ আদায় কৰিব নোৱাৰি। য’ত সহানুভূতি থাকে তাতহে মজুৰে ভাল কাম দিব পাৰে। মালিক আৰু মজুৰৰ মাজত পইচাৰ সম্বন্ধ নহৈ প্ৰীতিৰ বন্ধন হোৱাহে উচিত।

 প্ৰায়ই দেখা যায় যে য’ত মালিক বুদ্ধিমান আৰু উৎসাহী তাত কামৰ চাপ পৰিলেই মজুৰে নিজৰ কাজ কৰি যায়। আকৌ এইটোও হয় যে যত মালিক অলস আৰু দুৰ্ব্বল তাত মজুৰে যিমান উচিত সিমান কাজ নকৰে। কিন্তু প্ৰকৃত নিয়ম এইয়েই যে যদি দুজন মালিকৰ বুদ্ধি সমান থাকে আৰু দুইজনৰ মজুৰো একেই ৰকমৰ হয় তেন্তে সহানুভূতিশীল মালিকৰ মজুৰে সহানুভূতিহীন মালিকৰ মজুৰতকৈ বেচি আৰু ভাল কাজ কৰে।

 কোনোৱে কব পাৰে যে এই নিয়ম ঠিক নহয়, কিয়নো স্নেহ আৰু কৃপাৰ পৰিবৰ্ত্তে বহু সময়ত বিপৰীত ব্যৱহাৰ পোৱা যায় আৰু মজুৰে মূৰত উঠে। কিন্তু এই কথা ঠিক নহয়। যি মজুৰে স্নেহৰ পৰিবৰ্ত্তে দায়ীত্বহীন ব্যৱহাৰ দেখুৱায়, তাৰ ওপৰত জোৰ খটালে সি মালিকক দ্বেষ কৰাত লাগিব। উদাৰ-হৃদয় মালিকৰ লগত যি মজুৰে অসাধু ব্যৱহাৰ কৰে সেই মজুৰে অন্যায়কাৰী মালিকৰ