দুয়ো সমান। ঈশ্বৰে দুয়োকো স্ৰজন কৰিছে। ঈশ্বৰে
এওঁলোকক জ্ঞান দিছে।” গৰীব বিনা ধনীৰ আৰু
ধনী বিনা গৰীবৰ কাম নচলে। এজনে আন জনৰ
পৰা সদায় কাম লব লাগে। এইবাবে এওঁলোকৰ
কোনো এজন উচ্চ বা আনজন নিচ এই বুলি কব
নোৱাৰি। কিন্তু যেতিয়া এওঁলোকে নিজৰ সমানতা
ভুলি যায় আৰু যেতিয়া ঈশ্বৰে যে এওঁলোকক জ্ঞান
দিছে সেইটো পাহৰি যায় তেতিয়া বিপৰীত পৰিণাম
হয়।
ধন নদীৰ নিচিনা। নদী সদায় সমুদ্ৰৰ ফালে অৰ্থাৎ তলৰ ফালে বয়। এই কমে ধন ও য’ত আৱশ্যক তালৈ যোৱা উচিত। কিন্তু যি ৰকমে নদীৰ গতি বদলি হব পাৰে সেই ৰকমে ধনৰ গতিৰো পৰিবৰ্ত্তন হব পাৰে। কত নদী ইফালে সিফালে বৈ যাব ধৰে আৰু তাৰ আসপাসে বহুত পানী জমা হৈ যোৱাৰ কাৰণে বিষাক্ত বায়ু উৎপন্ন হয়। এই নদীত বান্ধ দি য’ত আৱশ্যক তালৈ সেই পানী বোৱাই নিলে মাটি সাৰুৱা আৰু আস পাসৰ বায়ু উত্তম কৰে। এই কমে ধনৰ যথেচ্ছা ব্যৱহাৰ হোৱাৰ পৰা অন্যায় বাঢ়ে, গৰীব বাঢ়ে। সাৰ এয়ে যে এই ধন বিহৰ নিচিনা হয়। কিন্তু যদি এই ধনৰ গতি নিশ্চিত কৰি দিয়া যায় আৰু নিয়ম মতে তাক ব্যৱহাৰ কৰা যায় তেন্তে