পৃষ্ঠা:Sarboday.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সত্যতাৰ মূল।

কোনো টান কামেই সেনাসকলৰ পৰা আদায় কৰি লব পাৰে। ঐতিহাসিক উদাহৰণৰ পৰাও আমি দেখো যে য’ত সেনানায়কে নিজ সেনাৰ প্ৰীতিভাজন নহয় তাত কশ্চিৎ হে যুদ্ধ জয় ঘটে। এই ৰূপ সেনাপতি আৰু সেনাৰ মাজত থকা স্নেহ সহানুভূতিৰ শক্তিয়ে বাস্তবিক শক্তি। লুটাৰুৰ দলৰ ভিতৰতো এই কথা পোৱা যায়। ডকাইতৰ দলেও চৰ্দ্দাৰৰ প্ৰতি পূৰ্ণ স্নেহ ৰাখে। কিন্তু তথাপি আমি মিল আদি কাৰখানাৰ মালিক আৰু মজুৰৰ মাজত এনে ধৰণৰ ঘনিষ্ঠতা দেখা নাপাওঁ। ইয়াৰ এক কাৰণ এয়ে যে এই ধৰণৰ কাৰখানাৰ মজুৰৰ বেতনৰ আধাৰ লেন-দেনৰ ওপৰত, ভিক্ষা আৰু প্ৰাপ্তিৰ ওপৰত থাকে। এই কাৰণে মালিক আৰু মজুৰৰ মাজত প্ৰীতিৰ পৰিৱৰ্ত্তে অপ্ৰীতি বিদ্যমান থাকে আৰু সহানুভূতিৰ ঠাইত এওঁলোকৰ সম্বন্ধত বিৰোধ আৰু প্ৰতিদ্বন্দিতা দেখা যায়। এনে অৱস্থাত আমি দুটা প্ৰশ্ন বিচাৰ কৰিব লাগে।

 প্ৰথম প্ৰশ্ন হৈছে এয়ে লেন-দেনৰ হিচাব নকৰিলে মজুৰ সকলৰ বেতন কি হিচাবে ঠিক কৰা যায়?

 দ্বিতীয় প্ৰশ্ন এয়ে যে যি ৰকমে পুৰণি পৰিবাৰৰ ভিতৰত চাকৰৰ স্থান, তাত যেনেকৈ চাকৰ আৰু মালিকৰ সম্বন্ধ, নাইবা পল্টনৰ লগত যেনেকৈ সেনাপতিৰ সম্বন্ধ কাৰখানাৰ মালিক আৰু মজুৰৰ ভিতৰত তেনে সম্বন্ধ হব পাৰে কি নাই; মজুৰৰ সংখ্যা নিদিষ্ট কৰি যিকোনো ৰকমৰ সময়তে, সংখ্যা কম বেচি নকৰি কিদৰে চলা যায়।

 প্ৰথম প্ৰশ্নৰ বিচাৰ কৰা যাওক। আশ্চৰ্য্যৰ কথা এয়ে যে অৰ্থশাস্ত্ৰী সকলে কাৰখানাৰ মজুৰৰ কাজৰ বাবে দৰ্ম্মহাৰ