পৃষ্ঠা:Sarboday.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সৰ্ব্বোদয়

ধন উপাৰ্জ্জন কৰে তেওঁ অহঙ্কাৰী আৰু ই তেওঁৰ মৃত্যুৰ নিশান।” আন এঠাইত তেওঁ কৈছে যে— “অন্যায় কৰি উপাৰ্জ্জন কৰা ধনৰ দ্বাৰা কোনো লাভ নহয়, সত্যই মানুহক মৃত্যুৰ পৰা বচায়৷” এই দুই বাক্যৰ দ্বাৰা চোলোমনে কৈছে যে অন্যায়ৰ দ্বাৰা পোৱা ধনৰ পৰিণাম মৃত্যু। আজি কালিৰ যুগত এনে ভাবে মিছা কোৱা হয় আৰু অন্যায় কৰা হয় যে সাধাৰণতঃ তাক আমি মিছা আৰু অন্যায় বুলি কবই নোৱাৰো। যেনে মিছা বিজ্ঞাপন দিয়া, নিজৰ মালৰ ওপৰত মানুহক ভুলাবলৈ লেবেল মাৰা, ইত্যাদি।

 ইয়াৰ পিচত সেই বুদ্ধিমান লোক জনে কৈছে যে— “কি জনে ধন বঢ়োৱাৰ কাৰণে গৰীবক দুখ দিয়ে তেওঁ শেষত দুৱাৰে দুৱাৰে ভিক্ষা মাগিব৷” তেওঁ আকৌ কৈছে—“গৰীবক কষ্ট নিদিবা কিয়নো তেওঁ গৰীব। বেপাৰত দুখীয়াক জুলুম নকৰিবা কিয়নো যোনে গৰীবক কষ্ট দিয়ে তাক ঈশ্বৰে দুঃখ দিয়ে। কিন্তু আজি কালি বেপাৰত মৰিব ওলোৱা সকলৰ ওপৰতে আঘাত কৰা হয়। যদি কোনোবাই বিপদত পৰে তেনেহলে তেওঁৰ বিপদৰ পৰা লাভ আদায় কৰিবলৈ তৈয়াৰ হওঁ। ডকাইতে ধনীৰ তাত ডকাইতি কৰে, কিন্তু বেপাৰত গৰীবক লুট কৰা হয়।

 আকৌ চোলোমনে কৈছে—“ধনী আৰু গৰীব