পৃষ্ঠা:Sarboday.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
সৰ্ব্বোদয়

 এখন দেশে আন এক দেশ শাসণ কৰাটো সাধাৰণতঃ বেয়া বুলি কোৱা হয়। ইংৰাজসকলে আমাৰ ওপৰত ৰাজত্ব কৰাটো অন্যায় কথা। কিন্তু এইটো মানিব নালাগে যে ইংৰাজে ভাৰত এৰি গ’লেই কোনো বৰ ডাঙ্গৰ কাজ কৰা হ’ল। আমাৰ ওপৰত এওঁলোকে ৰাজত্ব কৰাৰ কাৰণ আমি নিজে। আমাৰ মিথ্যাচাৰণ, আমাৰ অনীতি আৰু আমাৰ অজ্ঞানতা ইয়াৰ কাৰণ। এই তিনিটা দূৰ হলে আমি এটা আঙুলিও উঠাব নালাগিব আৰু ইংৰাজসকলে ভাৰতৰ পৰা চুপ চাপ গুচি যাব। এই তিনিটা নোহোৱা হলে আমি প্ৰকৃত স্বৰাজ্য ভোগ কৰিব পাৰিম।

 বোমা মাৰা কথাত বহুতে সুখী হোৱা দেখা যায়। ই কেবল অজ্ঞান আৰু অবুজৰ চিনাকি মাত্ৰ। যদি সকলো ইংৰাজকে মাৰি পেলাব পৰা যায় তেন্তে তেওঁ লোকক হত্যা কৰোতা সকলেই ভাৰতবৰ্ষৰ মালিক হব। অৰ্থাৎ ভাৰত অনাথ হৈ ৰব। ইংৰাজক নাশ কৰা বোমা ইংৰাজ গুচি গলে ভাৰতীয়ৰ ওপৰতে বৰষিব। ফ্ৰান্সৰ প্ৰজাতন্ত্ৰৰ অধ্যক্ষ-ৰাষ্ট্ৰপতিক ফ্ৰান্সৰ মানুহেই হত্যা কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ক্লিভলেণ্ডক আমেৰিকাবাসীয়েই হত্যা কৰিছে। সেইবাবে আমি আনক অনুসৰণ কৰি বিনা বিচাৰে পাশ্চাত্য ৰাষ্ট্ৰৰ অন্ধ অনুকৰণ কৰা কেতিয়াও উচিত নহয়।