পৃষ্ঠা:Sarboday.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যৰ্থাৰ্থ্য ন্যায়

হয়। এই দুয়োটাৰে মাজৰ যি দৰ হব তাকে উচিত মজুৰি বুলিব পাৰি ।

 কোনো মানুহে মোক, কিছু টকা ধাৰে দিলে কিছু দিনৰ পিচত যদি মই তাক পৰিশে৷ধ কৰিব খুজো তেন্তে মই তেওঁক সুত দিব লাগে ৷ এই ৰকমে যদি কোনো মানুহে আজি মোক কাম কৰি দিয়ে, তেন্তে মই সেই জনক কেৱল তাৰ সমানে নহয়, সুত হিচাবে আৰু কিছু বেচি পৰিশ্ৰম কৰি দিয়া উচিত । আজি মোৰ কাৰণে কোনোৱে এক ঘণ্টা কাম কৰি দিয়ে যদি মই তাৰ কাৰণে এক ঘণ্টা পাচ মিনিট বা তাতকৈ অধিক কাম কৰি দিয়াৰ কথা দিয়া উচিত । এই কথা প্রত্যেক মজুৰিৰ ক্ষেত্ৰতে বুজা উচিত।

 এতিয়া মোৰ ওচৰলৈ যদি দুইজন মজুৰ আহে আৰু এওঁলোলোকৰ ভিতৰত যি জনে কম পইচা লয় তেওঁৰ দ্বাৰা মই কাজ কৰাও তেন্তে ফল এয়ে হব যে যি জনক খটাও তেওঁ আধা পেটে ৰব লাগে আৰু যি জনে বিনা ৰোজকাৰে থাকিল তেওঁ পূৰ্ণ উপবাস কৰিব । মই যি জন মজুৰক ৰাখো, তেওঁক পূৰ্ণ মজুৰি দিও যদি তথাপি আনজন মজুৰ বেকাৰ হৈ থাকে। তথাপি যি জনক কামত লগাওঁ তেওঁ যাতে ভোকত নমৰে সেইটো চাব লাগে আৰু এইটো বুজিব লাগে, যে মোৰ টকাৰ উচিত ব্যৱহাৰ কৰা হৈছে। আচলতে মানুহে