পৃষ্ঠা:Sarboday.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
যথাৰ্থ ন্যায়

যে মানুহ যি পৰিমাণে চতুৰ আৰু নীতিপৰায়ণ হব সেই পৰিমাণে ধন বাঢ়িব। এই ৰকমে বিচাৰ কৰিলে আমি বুজি পাম যে সোণা ৰূপাই প্রকৃত ধন নহয়, মানুহেই প্রকৃত ধন। ধনৰ সন্ধান ভূগৰ্ভত নকৰি মানুহৰ হৃদয়ত হে কৰা উচিত। এই কথা যদি সত্য হয়, তেন্তে অর্থশাস্ত্রৰ প্রকৃত নিয়ম এয়ে হয় যাৰ দ্বাৰা মানুহৰ দেহ আৰু মনৰ স্বাস্থ্য সম্মানে ৰক্ষা কৰা যায়। এনে এক সময় আহিব পাৰে যেতিয়া ইংলণ্ডবাসীয়ে গােলকুণ্ডাৰ হীৰাৰে নিজৰ গােলামবোৰক সজাই নিজৰ বৈভৱ প্ৰদৰ্শন কৰাৰ পৰিবৰ্ত্তে, গ্ৰীচৰ এক প্রসিদ্ধ লােকৰ কথা অনুসৰি নিজৰ নীতিপৰায়ণ মহাপুৰুষসকলক দেখুৱাই কব যে

“এওঁলােকেই মােৰ ধন”


যথার্থ ন্যায়।

 খৃষ্ট জন্মৰ কেই শতাব্দী পূৰ্ব্বে এজন ইহুদী বেপাৰী আছিল । তেওঁৰ নাম চোলােমন আছিল। তেওঁ ধন আৰু যশ দুয়োটাকে যথেষ্ট ৰকমে উপার্জ্জন কৰিছিল। তেওঁ কোৱা কথা অজিও য়ুৰােপত প্ৰচাৰ হৈ আছে । ভেনিচৰ মানুহে তেওঁক ইমান মানিছিল যে তেওঁলােকে তেওঁৰ মূৰ্ত্তি স্থাপন কৰিছিল। তেওঁৰ বাক্য আজি-কালি মনত ৰখা হয় যদিও সেই অনুসৰি আচৰণ কৰা মানুহ বহু কম। তেওঁ কয় যে—“যি মানুহে মিছা কৈ