পৃষ্ঠা:Sarboday.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সৰ্ব্বোদয়


স্নেহ পূৰ্ণ ভাৱে ব্যৱহাৰ কৰিব। অনেক সময়ত নবযুবক সকলে ডঙ্গৰ কাৰখানা বা কাৰবাৰত চাকৰি কৰে। ইয়াৰ বাবে কত জনে ঘৰবাৰী এৰি দূৰলৈ যাব লাগে। তাত মালিকেই তেওঁলোকৰ মা বাপ যেন। এই বিষয় মালিক যদি বেপেৰৱা হয় তেন্তে বেচেৰা নব যুবক সকল মা বাপ বিনাই থাকিব লগা হয়। এই বাবেই পদে পদে বেপাৰী বা মালিকে নিজক নিজে এই প্ৰশ্ন কৰি চোৱা উচিত যে “মই যি ৰকমে নিজৰ সন্তানক ৰাখো সেই ৰকমে মজুৰ বা চাকৰ সকলৰ লগত ব্যৱহাৰ কৰো নে নাই”?

 জাহাজৰ কাপ্তেনৰ তলত যি খালাচী থাকে, সিহতৰ ভিতৰত তেওঁৰ সন্তানো থাকিব পাৰে। সকলো খালাচীকে সন্তানৰ নিচিনা দেখা কাপ্তেনৰ কৰ্ত্তব্য। এই ৰকমে বেপাৰীৰ তাত থকা অনেক মজুৰৰ ভিতৰত যদি নিজৰ লৰাও থাকে তেনেহলে কাম কাজ সম্বন্ধে তেওঁ নিজৰ লৰাক যেনে, ব্যৱহাৰ কৰে আন মজুৰ সকলৰ লগতো তেনে ব্যৱহাৰ কৰিব লাগে। ইয়াকেই প্ৰকৃত অৰ্থশাস্ত্ৰ বোলা উচিত। আৰু যি ৰকমে জাহাজ বিপদত পৰিলে সকলোৰে পিচত জাহাজৰ পৰা নামা কাপ্তেনৰ কৰ্ত্তব্য, সেই ৰকমে অকাল ইত্যাদি সঙ্কটত বেপাৰীৰ কৰ্ত্তব্য হৈছে, নিজতকৈও আগে নিজৰ মজুৰ সকলক ৰক্ষা কৰা।

 সম্ভবতঃ এই ৰকমৰ বিচাৰ কোনো কোনো মানুহৰ মনত আশ্চৰ্য্য যেন লাগিব পাৰে। কিন্তু এনে লাগাটোই হৈছে এই যুগৰ বিশেষত্ব—নবীনত্ব। কিয়নো বিচাৰ কৰিলে এইটো সকলোৱে দেখিব যে এতিয়া যি কোৱা হল সেইটোই সত্য নীতি। যি সমাজে উন্নতি কৰিব খোজে সেই সমাজৰ কেতিয়াও আন প্ৰকাৰৰ নীতি হব নোৱাৰে।