পৃষ্ঠা:Sarboday.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ধনৰ নিচা ।

 এই প্ৰকাৰে কোনো বিশেষ ৰাষ্ট্ৰৰ ভিতৰত টকাৰ চলাচলটো শৰীৰৰ ৰক্ত চলাচলৰ সমান। যদি গাত জোৰে তেজ চলাচল কৰে তেন্তে সেইটো স্বাস্থ্য আৰু ব্যায়ামৰ চিন বা লাজ অথবা জ্বৰৰৰ চিন। সুস্থ শৰীৰত এক প্ৰকাৰৰ ৰঙচুৱা আভাই স্বাস্থ্য বুজায়। আৰু অন্য প্ৰকাৰৰ ৰঙা আভাই ৰক্ত-পিত্ত ৰােগৰ চিন। আকৌ এক ঠাইত তেজ জমা হৈ গলে যি ৰকমে শৰীৰৰ হানি কৰে, সেই ৰকমে এক ঠাইত ধন জমা হলেও ৰাষ্ট্ৰৰ হানিৰ কাৰণ হৈ পৰে।

 ধৰি লওক যে দুজন খালাচীয়ে জাহাজ ডুবি ধ্বংস হৈ ভাঙি চিঙি যােৱাৰ পিচত কোনো এক নির্জন ঠাইত আহি পৰে। তাত তেওঁলোকে নিজৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ কাৰণে খাদ্য দ্রব্য উৎপন্ন কৰিব লগা হয়। যদি দুয়ো জনে সুস্থ থাকি একেলগে কাম কৰি থাকে তেন্তে ভাল ঘৰ বান্ধিব পাৰে, খেতিপথাৰ তৈয়াৰ কৰি খেতি কৰিব পাৰে আৰু ভবিষ্যতৰ কাৰণে কিছু বচাবও পাৰে। ইয়াক আমি প্রকৃত সম্পত্তি বুলিব পাৰো আৰু যদি দুয়ো ভাল ৰকমে কাজ কৰে তেন্তে ইয়াত দুয়ােৰে ভাগ সমান হয় । এই ৰকমে এওঁলােকৰ ওপৰত যি অর্থনীতি প্রযুক্ত হয় সেইটো এয়ে যে এওঁলােকে নিজৰ পৰিশ্ৰমৰ ফল ভাগ কৰি লােৱাৰ অধিকাৰ আছে। এতিয়া ধৰি লওক যে কিছু দিনৰ পিচত এওঁলােকৰ এজন অসন্তুষ্ট হল। এইবাবে এওঁলোকে খেতি ভাগ কৰি ললে আৰু বেলেগ বেলেগ কৈ নিজৰ নিজৰ কাজ কৰিব ধৰিলে। ধৰি লওক যে পিচত তেওঁলােকৰ এজন অসুস্থ হৈ পৰিল। এনে দশাত এওঁ স্বভাৱতে দ্বিতীয় জনক সাহায্য