পৃষ্ঠা:Sarboday.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সত্যতাৰ মূল

প্ৰকাৰৰ, এক বৰ্গৰ নহয়। যদি এটা বস্তু কোনো পিনে গতি কৰে আৰু ইয়াৰ ওপৰত আন এক স্থায়ী শক্তি সদায় কাজ কৰে আৰু দ্বিতীয় এক শক্তিয়ে আকস্মিক ভাৱে কাজ কৰে তেন্তে আমি প্ৰথমে স্থায়ী শক্তিৰ জোখ ঠিক কৰিব লাগিব, পিচতহে আকস্মিক শক্তিৰ। দুয়োৰো জোখ পোৱাৰ পিচত আমি বস্তুটোৰ গতি নিশ্চিত কৰিব পাৰিম। আমি এনেকুৱা কৰিব পাৰো কাৰণ আকস্মিক আৰু স্থায়ী দুয়ো শক্তি এক প্ৰকাৰৰ। কিন্তু মানুহৰ ব্যৱহাৰত লেন-দেন স্থায়ী নিয়মৰ শক্তি আৰু পাৰস্পৰিক-প্ৰীতি ৰূপী আত্মিক শক্তি দুয়ো ভিন্ন ভিন্ন প্ৰকাৰৰ। স্নেহ প্ৰীতিৰ কাজ ভিন্ন ৰকমৰ আৰু ই ভিন্ন ৰকমে কাজ কৰে। ই মানুহৰ স্বৰূপ বদলাই দিয়ে। এই কাৰণে বস্তু বিশেষৰ গতিত কাজ কৰা ভিন ভিন শক্তিৰ কাজৰ হিচাব যেনেকৈ আমি সাধাৰণ যোগ বিয়োগৰ দ্বাৰাই বাহিৰ কৰিব পাৰো তেনেকৈ স্নেহ প্ৰীতিৰ কাজৰ হিচাব কৰা নাযায়। মানুহৰ স্নেহ প্ৰীতিৰ প্ৰভাৱ বিচাৰ কৰোতে লেন-দেন, কিনা বেচাৰ ব্যৱহাৰিক নিয়মৰ জ্ঞান কোনো কাজত নাহে।

 লৌকিক শাস্ত্ৰৰ নিয়ম ভুল এইটো কোৱাৰ কোনো কাৰণ নাই। যদি ব্যায়াম শিক্ষকে এইটো মানি লয় যে মানুহৰ শৰীৰত কেৱল মাংসহে আছে হাড় পাঁজৰ নাই, আৰু সেই মতে নিয়ম তৈয়াৰ কৰে তেন্তে সেই নিয়ম ভাল হলেও হাড় পাঁজৰ থকা মানুহৰ তাত সেইটো নাখাটে। এই ৰকমে লৌকিক শাস্ত্ৰৰ নিয়ম ঠিক হলেও পাৰস্পৰিক স্নেহ-প্ৰীতিত আবদ্ধ মানুহৰ তাত সি নাখাটিব। যদি কোনো ব্যায়াম বিশাৰদে কয় যে মানুহৰ মাংস বেলেগ কৰি ইয়াক একত্ৰতি