পৃষ্ঠা:Sarboday.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সত্য কি?

আমি এইটো নামানো যে ইয়াৰ পৰা শেষত ডচ্ সকল সুখী হব। যি মানুহে স্বাৰ্থৰ ওপৰত দৃষ্টি ৰাখে তেওঁ অন্য ৰাইজক লুট কৰি পিচত নিজৰ প্ৰজাক লুট কৰিবলৈ সহজেই তৈয়াৰ হৈ থাকে।

 পৃথিবীৰ সকলো ফালে চাই আমি দেখো যে যাক স্বৰাজ্য বোলা যায় সি জনতাৰ সুখ আৰু উন্নতিৰ কাৰণে যথেষ্ট নহয়। এটা সৰল উদাহৰণ লৈ আমি এই কথা সহজে বুজিব পাৰো। লুটাৰুৰ দলত স্বৰাজ্য হলে কি ফল হব তাক সকলোৱে জানে। তেওঁলোকক আন কোনেও লুটিব নোৱাৰিব এনেকুৱা অধিকাৰ যেতিয়া তেওঁলোকে লোকৰ ওপৰত খটাব পাৰিব তেতিয়া তেওঁলোক সুখী হব। আমেৰিকা, ফ্ৰান্স, ইংলণ্ড আদি ডাঙ্গৰ ডাঙ্গৰ ৰাজ্য, কিন্তু তেওঁলোক যে যথাৰ্থ সুখী সেইটো মানাৰ কোনো কাৰণ নাই।

 স্বৰাজ্যৰ প্ৰকৃত অৰ্থ হৈছে নিজৰ ওপৰত অধিকাৰ ৰক্ষা কৰা। এইটো সেই মানুহেই কৰিব পাৰে যি নিজে নীতি নিয়ম পালন কৰে, আনক নঠগায়, মাক বাপেক, স্ত্ৰী-পুত্ৰ, চাকৰ, ওচৰ চুবুৰীয়া সকলোৰে প্ৰতি নিজ কৰ্ত্তব্য পালন কৰে। এনে মানুহে লাগে যি কোনো ঠাইতে থাকক তেওঁ ৰাজ্য ভোগ কৰে। যি ৰাষ্ট্ৰত এনে মানুহৰ সংখ্যা অধিক সেই দেশতে স্বৰাজ্য আছে বুলি বুজিব লাগে।