পৃষ্ঠা:Sarboday.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সৰ্ব্বোদয়

ভোকত মৰা অৱস্থা তেতিয়াই হয় যেতিয়া মজুৰক কম মজুৰি দিয়া হয়। মই যদি উচিত মজুৰি দিওঁ তেন্তে মোৰ ওচৰত অন্যায় ৰূপে ধন সঞ্চিত নহব, মই ভােগ বিলাসত টকা খৰচ নকৰিম আৰু মােৰ দ্বাৰা গৰীব নাবাঢ়িব । যদি মই উচিত দাম দিওঁ তেন্তে তেৱোঁ উচিত দাম দিব শিকিব। এই ৰকমে ন্যায়ৰ শ্রোত নুশুকাই বৰং জোৰ ভাৱে বাঢ়ি যাব। আৰু যি ৰাষ্ট্ৰত এই প্ৰকাৰ ন্যায় বুদ্ধি হব, সেই ৰাষ্ট্ৰ সুখী হব আৰু উচিত ৰকমে সুফল পাব।

 এই বিচাৰ অনুসৰি অর্থশাস্ত্ৰীৰ ভুল দেখা যায় । এওঁলোকে কয় য’ত প্রতিযােগিতা বাঢ়ে তাত ৰাষ্ট্র সমৃদ্ধ হয়। বাস্তবতে এই বিচাৰ ভুল। প্রতিযােগিতাৰ উদ্দেশ্য মজুৰিৰ দাম কমােৱা ।

 ইয়াৰ দ্বাৰা ধনীসকলে অধিক ধন একত্রিত কৰে আৰু গৰীবে অধিক গৰীব হৈ যাব। এই প্রতিযােগিতাৰ শেষত ৰাষ্ট্ৰ নাশ হােৱাৰ সম্ভাবনা আছে। এইটোই নিয়ম হব লাগে যে প্রত্যেক মানুহে নিজৰ যােগ্যতা অনু সৰি মজুৰি পাব পাৰে। ইয়াতাে প্রতিযােগিতা হব, কিন্তু এনে প্রতিযােগিতাৰ ফল স্বৰূপ মানুহ সুখী আৰু চতুৰ হয়। কিয়নো এনে হলে কাজ পোৱাৰ কাৰণে মজুৰি কমােৱাৰ আৱশ্যক নহব, কিন্তু নিজৰ কাৰ্য্য কুশলতা হে বঢ়াব লাগিব। এই কাৰণে মানুহে চৰকাৰি চাকৰি