পৃষ্ঠা:Sarboday.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সৰ্ব্বোদয়

কাম আদায় কৰা বা বেপাৰ কৰাই যথেষ্ট নহয়। এই ৰকম তো মাছ, কুকুৰনেছীয়া বাঘ, আৰু ইন্দুৰেও কৰে। ডাঙৰ মাছে সৰু মাছ খায়, ইন্দুৰে সৰু জীৱ জন্তু খায় আৰু কুকুৰ নেছীয়া বাঘে মানুহকে খাই পেলায়। ইহঁতৰ এয়ে নিয়ম, ইহঁতৰ অন্য জ্ঞান নাই , কিন্তু ঈশ্বৰে মানুহক জ্ঞান দিছে ন্যায় বুদ্ধি দিছে। ইয়াৰ আনক ভক্ষণ কৰি আনক ঠগাই, আনক ভিখাৰী কৰি নিজ ধনবান হোৱাটো অনুচিত। এনে অৱস্থাত আমি চাব লাগিব মজুৰক কি মজুৰি দিলে ন্যায় হব।

 আমি আগতে কৈছো যে মজুৰৰ উচিত পাৰি শ্ৰমিক হৈছে তেওঁ মোৰ নিমিত্তে যিমান মেহনত কৰি দিৰে, তেওঁৰ আৱশ্যক হলে সিমান খিনি কাম ময়ো তেওঁক কৰি দিয়াটো। যদি তেওঁৰ পৰা কম খাটনি কম কাম মিলে তেন্তে ময়ো তেওঁক তাৰ পৰিবৰ্ত্তে কম কাম কৰি দিব লাগে , আৰু বেচি কাম পালে বেচি কাম কৰি দিব লাগে।

 এজন মানুহৰ এটা মজুৰৰ আৱশ্যক, কিন্তু দুজন মানুহে তেওঁৰ কাম কৰি ওলাল। এতিয়া যি জন মানুহে কম মজুৰি খুজিব তাৰ দ্বাৰা কাম কৰালে তেওঁ কম মজুৰি পাব। যদি বেচি মানুহৰ মজুৰৰ আৱশ্যক থাকে কিন্তু এজন মাত্ৰ মজুৰ থাকে তেওঁ যি খুজে তাকে পায় আৰু সেইটো প্ৰায় যিখিনি হোৱা উচিত তাতকৈ বেচি