পৃষ্ঠা:Sarboday.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰ্ব্বোদয়

কৰিব পৰা যায়, আৰু ইয়াক পকাই জৰীৰ নিচিনা কৰিব পৰা যায় আৰু এইটোও কয় যে এই মাংসত পুনঃ হাড় লগাই দিয়া একো টান নহয়, তেন্তে নিঃসন্দেহে আমি তেওঁক পাগল বুলিম, কাৰণ হাড় পাঁজৰৰ পৰা মাংস বেলেগ কৰি ব্যায়াম কৰাৰ নিয়ম তৈয়াৰ কৰা নাযায়। এনেদৰে যদি মানুহৰ স্নেহ প্ৰীতিৰ ভাৱ উপেক্ষা কৰি লৌকিক শাস্ত্ৰৰ নিয়ম কৰা যায় তেন্তে এইটো মানুহৰ কাৰণে বেকাৰ হয়। তথাপি বৰ্ত্তমান লৌকিক ব্যৱহাৰৰ নিয়ম ৰচয়িতা সকলে উক্ত ব্যায়াম শিক্ষকৰ দৰেই কাম কৰিছে। এওঁলোকৰ হিচাব মতে মানুহ, তাৰ শৰীৰ, যন্ত্ৰ মাত্ৰ আৰু এই ধাৰণা অনুসৰি এওঁলোকে নিয়ম তৈয়াৰ কৰে। এওঁলোকে জানে যে ইয়াৰ ভিতৰত জীৱ আছে, কিন্তু তাৰ বিচাৰ নকৰে। এই ৰকমৰ নিয়ম জীৱ থকা মানুহৰ তাত—য’ত জীৱ বা আত্মাৰ প্ৰাধান্য আছে—তাত কেনেকৈ খাটিব?

 অৰ্থশাস্ত্ৰ কোনো শাস্ত্ৰ নহয়। যেতিয়াই হৰতাল হয় তেতিয়াই এইটো প্ৰত্যক্ষ দেখা যায় যে ই বেকাৰ। তেতিয়া মালিকে এক প্ৰকাৰৰ যুক্তি কৰে আৰু মজুৰে বেলেগ প্ৰকাৰৰ যুক্তি কৰে। এই সময়ত আমি লেন-দেনৰ কোনো নিয়মকে খটাব নোৱাৰো। মানুহে এইটো দেখুৱাবলৈ মূৰ ঘমাই চেষ্টা কৰে যে মজুৰ আৰু মালিক দুয়োৰো স্বাৰ্থ একেই, কিন্তু এই বিষয় কোনেও এইটো নুবুজে। সত্য তো এয়েই যে এজনৰ সাংসাৰিক স্বাৰ্থ আন জনৰ লগত একে নহলেও এজনে আনজনৰ বিৰোধী হোৱা বা বিৰোধী হৈ থকাৰ আৱশ্যক নাই। ধৰক এক ঘৰত ৰুটিৰ অভাৱ হৈছে। ঘৰত মাক আৰু তেওঁৰ সন্তান আছে। দুয়োৰো ভোক