পৃষ্ঠা:Sarboday.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সৰ্ব্বোদয়

জনে বিশ্বস্ত হলে তিনিওজনৰে একত্রিত সম্পত্তি যিমান হল হয় এতিয়া তাতকৈ কম হৈছে। দুয়োজন কৃষকৰ কাম কম হৈছে। আৱশ্যকীয় বস্তু নােপােৱাত নিজৰ পৰিশ্ৰমৰ পূৰ্ণ ফল এওঁলোকে নাপালে । লগতে এই চোৰ দালালৰ হাতত যি মাল ৰ’ল তাৰ পূৰ্ণ আৰু ঠিক উপযােগ নহল ।

 এই ৰকমে আমি (বীজ) গণিতৰ হিচাবেৰে ৰাষ্ট্র বিশেষৰ সম্পত্তি বিচাৰ কৰি চাব পাৰো। এই সম্পত্তি লাভৰ উপায়ৰ ওপৰতে প্ৰজা ধনবান হয় কি নহয় সেইটো নিৰ্ভৰ কৰে। কোনো ৰাষ্ট্ৰৰ তাত ইমান পইচা আছে এইবাবে ইমান ধনবান, এইটো কব নোৱাৰি। কোনো এজনৰ হাতত ধন থকাটো যি ৰকমে তেওঁৰ অধ্যবসায়, চাতুৰ্য্য আৰু উন্নতিশীলতাৰ লক্ষণ হব পাৰে, সেই ৰকমে ই হানিকৰ, ভােগবিলাস, অত্যাচাৰ আৰু জাল জুৱাচুৰি সূচকো হব পাৰে। শুদ্ধ নীতিয়ে আমাক এই ৰকমে হিচাব কৰিবলৈ শিকায়। এক প্ৰকাৰৰ ধন আছে যি তাৰ দহ গুণৰ সমান। আন এক প্ৰকাৰৰ ধন আছে যি এজনৰ হাতলৈ আহি দহ গুণ ধন নাশ কৰি দিয়ে।

 তাৎপৰ্য্য এয়ে যে নীতি অনীতিৰ বিচাৰ নকৰাকৈ ধন সংগ্রহ কৰাৰ নিয়ম স্থিৰ কৰাটো মানুহৰ পক্ষে কেৱল অহঙ্কাৰ দেখুৱা কথা হে। “সস্তাতকৈও সস্তাত কিনি বেচিত- কৈও বেচি দামত বিক্রি কৰা” ৰ নিয়মৰ নিচিনা এনে লজ্জাজনক কথা মানুহৰ কাৰণে আৰু দ্বিতীয় নাই। “সস্তাতকৈও সস্তাত কিনা”তো ঠিকেই কিন্তু সস্তা ভাও কেনেকৈ হয়? জুই লাগি ঘৰ পুৰিলে কাঠপাত পুৰি হােৱা কয়লা সস্তা হব পাৰে। ভূমিকম্প হৈ ঘৰ ভাঙ্গি পৰিলে তাৰ ইটা সস্তা হব পাৰে। কিন্তু ইয়াৰ পৰা কোনেও