পৃষ্ঠা:Sarboday.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
যৰ্থাৰ্থ্য ন্যায়

পােৱাৰ কাৰণে উৎসুক হৈ থাকে । তাত পদ অনুসৰি দৰ্ম্মহা স্থিৰ কৰা আছে। প্রতিযােগিতা কেৱল কাৰ্য্য কুশলতাৰ ওপৰত হে গৈ ৰয় । চাকৰিৰ কাৰণে দৰ্খাস্ত কাৰীয়ে কম দৰ্ম্মহাৰ কথা নকয়, কিন্তু তেওঁ এইটোকে দেখুৱায় যে আনতকৈ তেওঁৰ কুশলতা অধিক। চিপাহী আৰু নৌ-সেনাৰ মাজতো এই নিয়ম পালন কৰা হয় আৰু এই বাবে এই বিভাগত গােলমাল আৰু দুর্নীতি কম দেখা যায়। বেপাৰীৰ মাজত দুষিত প্রতিযােগিতা চলি আছে আৰু তাৰ ফলস্বৰূপ প্ৰতাৰণা, অসচ্চৰিত্ৰতা আৰু চুৰি আদি অনীতি বাঢ়িছে । আন ফালে যি মাল তৈয়াৰ হৈছে সেইবােৰ বেয়া আৰু নীৰশ হৈছে। বেপাৰীয়ে ইচ্ছা কৰে কি মই খাওঁ, মজুৰে ইচ্ছাকৰে কি মই ঠগি লওঁ , আৰু গ্ৰাহকে ইচ্ছা কৰে কি মই মাজতে লাভ কৰি লওঁ, এই ভাবে পৰস্পৰৰ ব্যবহাৰ দোষযুক্ত হয়, কাজিয়া বাঢ়ে, গৰীব বাঢ়ে, হৰতাল বাঢ়ে, মহা- জনে ঠগ হৈ যায়, গ্রাহকে নীতি পালন নকৰা হয় । এক অন্যায়ৰ পৰা আন অনেক অন্যায় উৎপন্ন হয় আৰু শেষত মহাজন, বেপাৰী আৰু গ্ৰাহক সকলােৰে দুখ ভােগ কৰে আৰু নষ্ট হয়। যি ৰাষ্ট্ৰত এই প্রথা প্রচলিত হয় তাত শেষত দুখ হয় আৰু তাৰ ধন বিহৰ নিচিনা হয়।

 এইবাবে জ্ঞানী সকলে কৈ গৈছে যে