এই প্ৰকাৰ ওপৰোক্ত ব্যৱসায়ী সকলে কোন উপযুক্ত
সময়ত মৰিব লাগে এই প্রশ্ন বেপাৰী আৰু আন
ব্যৱসায়ী সকলৰ বিচাৰণীয় । যি মানুহে সময় আহিলে
মৰিবলৈ তৈয়াৰ নহয় তেওঁ জীৱাই থকা কাক বােলে
তাক নাজানে। আমি দেখিছো যে বেপাৰীৰ কাম হৈছে
জনতাৰ কাৰণে জৰুৰী বস্তু গােটাই দিয়া । যি ৰকমে
ধৰ্ম্মোদেশকৰ কাম দৰ্ম্মহা লোৱাটো নহয় কিন্তু লোকক
উপদেশ দিয়াটোহে, সেই ৰকমে বেপাৰীৰ কাম মুনাফা
কৰা নহয়, কিন্তু মাল জোটোৱাটোহে। ধর্ম্মোপদেশ দাতাৰ
খাদ্য আৰু বেপাৰীৰ লাভতাে মিলিবই, কিন্তু এই দুয়ােতে
দৰ্ম্মহা বা লাভ পোৱাৰ ফালে নজৰ ৰখা অনুচিত ।
দৰ্ম্মহা বা লাভ পাওক বা নাপাওক তথাপিও নিজৰ
কাম, নিজৰ কৰ্ত্তব্য কৰি থকা উচিত। যদি এই বিচাৰ
ঠিক হয় তেন্তে বেপাৰীও উচ্চ সম্মান পোৱাৰ যোগ্য,
কাৰণ বঢ়িয়া মাল তৈয়াৰ কৰা আৰু যাৰ পৰা জনতাৰ
লাভ হয় তেনে প্ৰকাৰৰ বস্তু জোটোৱা, আনি দিয়াই
বেপাৰীৰ কাম। এনে কামত যদি শ বা হাজাৰ মানুহো
খাটে তেন্তে এওঁলােকক ৰক্ষা কৰা আৰু বেমাৰ হলে
চিকিৎসা কৰা বেপাৰীৰ কৰ্ত্তব্য। ইয়াকে কৰিব লগা হলে
বহুত ধৈর্য্য, বহুত স্নেহ সহানুভূতি আৰু বহুত চতুৰতাৰ
আৱশ্যক। ভিন্ন ভিন্ন কাম কৰিব গৈ আন আন সকলৰ
দৰে প্রাণ দি দিয়াৰ সময় আহিলে বেপাৰীও নিজৰ প্রাণ
সমৰ্পণ কৰিব লাগে। এই ৰকম বেপাৰীয়ে লাগে যেনে
সঙ্কটতে নপৰক, লাগে এওঁ ভিখাৰীয়ে হৈ যাওক কিন্তু
তথাপিও বেপাৰীয়ে খাৰাপ মাল নেবেচিব আৰু লোকক
নঠগাব । আৰু তেওঁৰ লগত কাম কৰোতা সকলক অত্যন্ত
পৃষ্ঠা:Sarboday.pdf/১৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সত্যতাৰ মূল।