পৃষ্ঠা:Sarboday.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সত্যতাৰ মূল


 এজন মানুহৰ সোনা ৰূপা শস্য আদি মজুত আছে। এনে লোকৰ মজুৰৰ আৱশ্যক হল। কিন্তু যদি এওঁৰ ওচৰ চুবুৰীয়াৰ সোনা ৰূপা বা শস্যৰ আৱশ্যক নাথাকে তেন্তে চাকৰ পোৱা কঠিন হব। অৰ্থাৎ সেই ধনী মানুহ জনে ৰুটি পুৰিব লাগিব, কাপোৰ নিজে সিব লাগিব আৰু নিজে খেতি কৰিব লাগিব। এই অৱস্থাত তেওঁৰ কাৰণে তেওঁৰ সোণৰ মূল্য পথাৰৰ শিল গুটিতকৈ বেচি নহয়। তেওঁৰ সস্য পচিব, কাৰণ ওচৰ চুবুৰীয়াতকৈ তেওঁ তো বেচিকৈ খাব নোৱাৰে। ফল এইয়ে হব যে আনৰ দৰে তেওঁ নিজে কঠোৰ পৰিশ্ৰম কৰিয়ে দিন নিয়াব লাগিব। এনে অৱস্থাত বহুলোকে সোণা ৰূপা একত্ৰ কৰা পচন্দ নকৰিব। গভীৰ ভাৱে বিচাৰ কৰিলে আমি দেখো যে ধন জমোৱা মানে আনৰ ওপৰত অধিকাৰ লাভ কৰা, নিজৰ আৰামৰ কাৰণে চাকৰ, বেপাৰী বা কাৰিকৰৰ খাটনিৰ ওপৰত অধিকাৰ লাভ কৰা। আৰু এই অধিকাৰ প্ৰতিবাসী সকলৰ দৰিদ্ৰতাৰ কম বেচিৰ ওপৰত নিৰ্ভৰ কৰে। এজন বাঢ়ৈৰ দ্বাৰা কাম কৰোতা মানুহ যদি মাত্ৰ এজন থাকে, তেওঁ যি মজুৰি দিয়ে তাতে তেওঁ কাম কৰিব লাগিব। কিন্তু যদি মিস্ত্ৰিৰ দ্বাৰা কাম কৰোটা দুই চাৰি জন হয় তেন্তে মিস্ত্ৰিয়ে যত বেচি মজুৰি পায় তাতে কাম কৰিব। ফল এয়ে হৈছে যে ধনবান হোৱা মানে যিমান অধিক মানুহক পাৰা যায় নিজতকৈ বেচি দৰিদ্ৰ কৰি ৰাখা। অৰ্থশাস্ত্ৰীয়ে বহুবাৰ এইটো মানি লয় যে এই ৰকমে মানুহক গৰীব কৰি ৰখাৰ পৰাই ৰাষ্ট্ৰৰ লাভ, সকলোৱে যে সমান থাকিব এইটো হব নোৱৰে। কিন্তু অন্যায় কৰি গৰীব কৰি ৰখাত ৰাইজ দুখী হয়, ৰাইজৰ অপকাৰ হয়। স্বাভাৱিক ভাৱে ধনী গৰীব থকাত ৰাষ্ট্ৰ সুখী হব পাৰে।